মোৰ আজি তোমালৈ বৰকৈ মনত পৰিছে।
কেনে আছা তুমি? সুখত নে দুখত!
আজি মোৰ মন আৱেগিক হৈ পৰিছে তোমাৰ প্ৰেৰণাত।
হেৰা মোৰ মৰমৰ মা, তোমাৰ মনত পৰেনে সেই সময়ৰ স্মৃতি ক্ষণবোৰ।
সেই সময়ত মোক কোলাত লৈ আলফুলে নিচুকনি গীত গোৱা কথাবোৰ।
সেই কথাবোৰে আজি মোক বৰকৈ আমনি কৰে।
দুচকুত চকুলো হৈ অবুজ ভাষাৰে।
কিমান যে মধুৰ আছিল সেই সময়ৰ স্মৃতি ক্ষণবোৰ।
মোক কোলাত লৈ ককা আইতাৰ দিনৰ কাহিনী কোৱা কথাবোৰ।
দুখতো সুখ কৰি হাঁহিবলৈ শিকোৱা আই মোৰ অতি মৰমৰ।
আইৰ বাবেই হয়তো আজি পৃথিৱীখন ইমান ধুনীয়া।
মা তুমি চিৰযুগমীয়া হৈ থাকা পৃথিৱীৰ প্ৰতিটো স্মৃতিৰ কোণত।
তোমাৰ নামেৰে পৃথিৱীৰ সৌন্দৰ্য্য ভৰি পৰক।
পৃথিৱীৰ চৌদিশে এটা শব্দ মাথোঁ মা।
✍️বিকাশ টাইদ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ