মই ন্যায় পামনে?-পুলকেশ বৰুৱা

পংখী মৰাণ
0
 ন্যায় পামনে?
নে ইমানতে লিখিম উপসংহাৰ?
তহঁতৰ আপ্ৰাণ চেষ্টা মই দেখিছোঁ,
শুনিছোঁ ডাৱৰৰ দেশৰ পৰাই,
উজনিৰ পৰা নামনিলৈ মোৰ শান্তি কামনা...
বুকুত এসোপা ধন্যবাদ সোমাই আছে অ',
দিবলৈহে মই অপ্ৰস্তত...!
মইতো এতিয়া গুচি আহিলোঁ,
হেজাৰ দুখ পথতে পেলাই...।
মোক বিচাৰি তহঁতি হাবাথুৰি খাব নালাগে,
গাঁজনিৰ শব্দতে পাবি মোৰ গানৰ ঝংকাৰ,
বৰষাৰ জিৰজিৰণিত শুনিবি মোৰ কবিতাৰ হুংকাৰ।
শুনিছোঁ পাষণ্ডটোৰ হাতখন বোলে বৰ দীঘল,
আইনৰ সুৰুঙাও বোলে‌ তাৰবাবে বৰ সহজ..
তহঁতবোৰে মোক পাহৰি নাযাবি,
বন্ধ কৰিবি সেই আইনৰ সুৰুঙা।
বিশেষ নিবিচাৰোঁ, তহঁতৰ ভাই-ভনী হিচাপে..
বিচাৰিছোঁ কেৱল ন্যায়..
বিচাৰিছোঁ যাতে এনে ঘটনা,
নহওঁক আৰু দুনাই।
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)