মইনা গোস্বামীৰ "মই ভাল দেউতা হ'ব নোৱাৰিলোঁ", -অভিজিত মজুমদাৰ

Aditi Tanti
0
মইনা গোস্বামীদেৱৰ বিষয়ে শুনি আছিলোঁ ,তেখেতৰ সৰু সৰু লিখনি বোৰ মাজে মাজে সমাজিক মাধ্যমৰ যোগেদি পঢ়িবলৈ পাইছিলো । কিন্তু যেতিয়া তেখেতৰ মই প্ৰথম কিতাপ পঢ়া আৰম্ভ কৰিছিলোঁ ,তেতিয়া তেখেতৰ কথা ভালকৈ বুজিলো যে সঁচাকৈয়ে তেখেত এগৰাকী সু-লেখক। "মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ" - এই কিতাপ খন পঢ়াৰ পাছত তেখেতৰ  দ্বাৰা ৰচিত অন্য কিতাপো পঢ়িবলৈ মোৰ মন যোৱা হ'ল । "মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ" - কিতাপ খন পঢ়াৰ পাছত ময়ো অনুভৱ কৰিলো যে আচলতে 'ভাল' ৰ অৰ্থ নো কি ??
তাৰ পাছতে মই পঢ়িলো মইনা গোস্বামীদেৱৰ "মই ভাল দেউতা হ'ব নোৱাৰিলোঁ" । 'আঁক বাক' প্ৰকাশিত এই গ্ৰন্থ খন ইতিমধ্যে সকলোৱে আদৰি লৈছে ।
প্ৰতিগৰাকী লোকে এজন ভাল দেউতাক হ'বলৈ চেষ্টা কৰে । সকলোৱে নিজৰ সন্তানৰ বাবে শ্ৰেষ্ঠ হ'ব বিচাৰে । কিন্তু তাৰ বাবে আমি কি কৰো ? কেনেকৈ ভাল হ'ব পাৰিম ? কি কি কামে আমাক ভাল হোৱাত সহায় কৰিব ? কিতাপ খন পঢ়িলে ইয়াৰ উত্তৰ পাব বুলি মোৰ অনুভৱ হয় ।
এটা কাহিনীৰ মাজেৰে সকলো খিনি সুন্দৰকৈ উপস্থাপন কৰিছে লেখকে । শংকৰ ,চম্পা ,পলাশ ,বনানী আদি বিভিন্ন চৰিত্ৰৰ মাজেৰে ভাল দেউতাক এজন হ'বৰ বাবে পৰিয়ালৰ ,সমাজৰ ,মাকৰ সকলো খিনি দায়িত্বৰ কথাও সুন্দৰকৈ সজাইছে গ্ৰন্থখনত ।।

মানুহক শিক্ষা লাগে কেৱল এটা চাকৰিৰ বাবে নহয় ,এটা মজবুত উচ্চ চেতনাযুক্ত মন গঢ়িবলৈ । অৰ্থই মানুহক ধুনীয়া ও কৰে ,কুৎসিতো কৰে । কাৰণ মানুহে এতিয়াও অৰ্থক মানৱীয় কৰি তুলিব পৰা নাই । জীৱন মানে কিছু সময় । সময়ৰ অপব্যৱহাৰ মানে জীৱন বৰবাদ কৰাৰ আখৰা । জীৱনক মূলতঃ খাদ্য লাগে । শাৰীৰিক আৰু মানসিক খাদ্য ।

এতিয়ালৈকে যিসকলে এই গ্ৰন্থখন পঢ়িছে ,তেওঁলোকৰ মুখত কাহিনীৰ উপস্থাপন আৰু চৰিত্ৰৰ সাজোন সুন্দৰ হৈছে । 
কাহিনীটোত কেৱল ভাল দেউতাক হোৱাৰে কথা বুজোৱা নাই । এখন সুস্থ সবল সমাজ গঠনৰ কথাও বুজাইছে লেখকে । এগৰাকী মাকৰ নিজৰ সন্তানৰ মন গঠন কৰি তুলিবলৈ কৰিবলগীয়া দায়িত্ব খিনিৰ কথা কাহিনীৰ মাজেৰে সজাই তুলিছে ।।
নিজৰ সন্তানৰ জন্মৰ পাছৰে পৰা ঘৰ খনত থকা প্ৰতি গৰাকী ব্যক্তিৰ কথা কোৱাৰ ধৰণ ,আলোচনা কৰাৰ বিষয় , চৰিত্ৰৰ পৰিৱৰ্তন সকলো খিনি সলনি হোৱাৰ কথাও লিখিছে লেখকে ।।
প্ৰতিগৰাকী অভিভাৱকৰ বাবে এখন শ্ৰেষ্ঠ গ্ৰন্থ  "মই ভাল দেউতা হ'ব নোৱাৰিলোঁ"।
মইনা গোস্বামীৰ কিতাপৰ পৰা যে কিবা এটা নতুনত্ব পাই সেই কথা নুই কৰিব নোৱাৰি ।। 
যন্ত্ৰণা শূন্য পৃথিৱী নাথাকে , যন্ত্ৰণাই মানুহৰ শিক্ষক ।
মানুহে জানিছেনে বাৰু যে অভাৱ আৰু দাৰিদ্ৰ্য যে মানুহৰে সৃষ্টি । জানেনে অভাৱ-অনাটন যে সযত্নে প্ৰস্তুত কৰা হয় ওপৰ মহলাৰ কাৰখানাত ।।

মইনা গোস্বামীদেৱৰ নতুন নতুন গ্ৰন্থ কামনা কৰিলোঁ । আগন্তুক দিনত এনেধৰণৰ গ্ৰন্থ সমূহে আমাৰ সমাজ ব্যৱস্থা উন্নত হোৱাত যথেষ্ট সহায় কৰিব । 
তেখেতৰ অভিজ্ঞতাৰ পৰা পঢ়ুৱৈ সমাজলৈ ভাল ভাল গ্ৰন্থ দি যাবলৈ তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)