জোনাক নামিছে , তৰাবোৰে হালিজালি নাচিছে
নতজানু মন মোৰ;
জোনাক আৰু তৰাবোৰৰ ভাঁজে ভাঁজে
কবিতাৰ হেঙুলীয়া ছন্দ বিচাৰিছে।
তুমি কুনু ( তুমি ক’ত )
ভাত খাইছুনি ( ভাত খাইছানে ) ...
তাইৰ মুখত সুষমামণ্ডিত গাঁৱলীয়া কথাৰ মূৰ্চ্ছনা
থিতাপি লৈছে একান্ত গোপনে
মোৰ মন মগজুৰ নিভৃত কোণত
আজীৱন আমৃত্যুৰ প্ৰতিজ্ঞাবদ্ধতাৰে
তাইৰ নীলাভ চকুযুৰিয়ে ভালপোৱাৰ কথা ক’লে
খোজত খোজ মিলাই মই আগুৱালো
তাইৰ প্ৰতিটো খোজতে জোনাকীয়ে অভিনন্দন জনালে
আত্মগৌৰৱত মই হেজাৰফুট বাঢ়ি গ’লো
আস্ ! কেনেকৈ বন্দী কৰো এই মোহনীয়া দৃশ্যক
সন্ধিয়াৰ এন্ধাৰ কাটি
আলোড়িত উজ্জ্বল নক্ষত্ৰপুঞ্জৰ সমাৱেশ
তাইৰ সৈতে কথোপকথনৰ এটি যুগমীয়া দৃশ্যত...
মৌন হ’ল তৰাবোৰ , জোনাকবোৰ
আঘোণ সুৰীয়া স্নিগ্ধতাৰ সুবাসে পাৰি দিলে
লাজৰ বৰ্ণমালাৰ এখনি নীলা চাদৰ
ভাহি ৰ’ল দুটি প্ৰেমিক হৃদয়ৰ কলৰল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ