সূৰ্যোদয়-খণ্ড-১৪ নাহৰৰ চিৰলা চিৰিলি পাত-৩-ৰাজেন দাস

পংখী মৰাণ
0
  (১) 
ক্ৰমশঃ সময় কাটিছে। ক্লাচৰ গভীৰতা ইনক্ৰিছ হৈছে । আৱাসৰ চৌহদটো ঘৰৰ নিচিনা ফিল এটা আহিছে। ''ঘৰৰ ওপৰত ঘৰ তাতে সোমাই মৰ''। 
চা------হ, চা------হ, চা------হ, চা------হ, দাদা এজনে , ডাঙৰ কেটলিত দাদাজনে চা------হ লৈ আহিছে। জান নিজানকৈ নিমখ দিছে। ৰঙা চা------হ। মইয়ো হোষ্টেল ৰ চাহকাপ লৈ লৈছোঁ। ইভাগে চা------হ খোৱাৰ অভ্যাস নাই। গঢ় দিয়া নাই। মূৰ কামূৰিলে, মূৰ বিষালে,মনটো বেয়া লাগিলে, ভাগৰ লাগিলে, দুৰ্বল দুৰ্বল লাগিলে, হামি-হিকটি আহিলে চা------হ একাপ খাওঁ।খাব লাগে জালুক দি, চাহপাত দুটিমান সৰহকৈ দি। মানুহে খায় কিছুমানে পাতলকৈ আন কিছুমানে নিত্যনৈমিত্তিক। এই চাহৰ কথাটো গানৰ ভিতৰলৈ আহিছে। চাহ লবলৈ অহা চিনিয়ৰৰ মুখত গুণগুণকৈ দুটিমান শাৰী শহাকনীয়া কাণত বাজিলেহি---
"চাহ চকা চেকনী ঐ
মুৰী ঢকা ঢাকনী ঐ
কেৰ--কেৰ--শুনজনী ঐ.... 
সকলোৰে এটা জীৱন। কলা, কলাবিহীন। জীৱনতকৈ মন ধুনীয়া মানুহ, হৃদয় ধুনীয়া মানুহ, হৃদয়তকৈ সম্পর্ক ধুনীয়া মানুহ, সম্পর্কতকৈ কথা-বতৰা, আচাৰ-ব্যৱহাৰ ভাল থকা মানুহ। এনে বহু মানুহ হোষ্টেলত লগ পাইছোঁ। যাৰ লগত আগতে দেখা হোৱা নাই, কথা পতা হোৱা নাই। দুখ-সুখৰ ভাগ-বটোৱাৰা কৰি পোৱা নাই। যাক মনৰ কথা কৈ পোৱা নাই। যিয়ে বানপানীয়ে ধপধপনিত ভাগ লৈ পোৱা নাই। ইকাটি সিকাটি চাকি চোৱা নাই সময়, অসময়। কবিয়ে এনেই কৈ যোৱা নাই---
"সোণৰ সময় গ'লে নাহে আৰু নাহে পখিলাই কাণে কাণে কয়... 
হোষ্টেলৰ জেষ্ঠ আৱাসিকসকলে মাজে সময়ে আহে। আমি চিনি নাপাঁও। সিহঁতে আহি স্মৃতি ৰোমন্থন কৰে। পৰিয়ালকো লৈ আহে। এই স্মৃতি এলা-পেচা বিধৰ নহয়। স্মৃতি কেৱল পেচাৰ প্ৰেচাৰ নহয়। ই হৃদয়তন্ত্ৰীত গোট মৰা লাভা। 

(২) 
হোষ্টেলৰ দাদাসকলৰ নাম পৰিচয় মনত ৰৈছে। প্ৰথমতে অসুবিধা হৈছিল। ফ্লৰটোলৈ উঠি আহোঁতে বুকু ঢক ঢক কৰে কোনবা চিনিয়ৰক দেখো। নামটো যদি ভুল হৈ যায়! নাৰ্ভাচ ফিল কৰি যদি মাতিবলৈ পাহৰোঁ। ভয়ত যদি ৰঙা-চিঙা হৈ যাওঁ। তেতিয়া মোৰ কি দশা হ'ব। "বাঘৰ আগে ছাগে ডেৱা কৰ" ৰ অৱস্থা যি হয় তেনে হ'ব নেকি? কিছু এনে আননেছেছাৰী কুৱেছন ( Unnecessary question)মনলৈ অতমেটিকেলি আহিব ধৰে। 
তাৰ পিচত নৰ্মেল। আমি ইজনে সিজনক জানিব লাগে। কোনে কেতিয়া কাক সহায় কৰিব, প্ৰয়োজন হ'ব সেয়াও কোনেও নাজানে। পৰিয়াল হৈ থাকোঁতেই নহয় ইয়াৰ পৰা গৈ বিভিন্ন কৰ্মস্থানত ই ভূমিকা ল'ব। যদিও 
"প্ৰয়োজন বন্ধু, যুদ্ধত বীৰ... 
এবাৰ কলেজৰ ক্লাছত মেজৰ অসমীয়া অধ্যাপিকা লাৱণ্য বৰা বাইদেউৱে কৈছিল--
"সকলোৱে পৰিচয় হৈ ল'বা, নাম-ধাম, গাঁও, চহৰ, জিলা, কন্টেক নং ৰাখিবা। আমি এবাৰ এই কাম নকৰাৰ বাবে লাজ পাইছিলোঁ।গালিও খাইছিলোঁ। ডিকেডি কলেজৰ অধ্যাপিকা লাৱণ্য বাইদেউৱে পঢ়ুওৱা তুলনামূলক সাহিত্য বিষয়ক পেপাৰখন পঢ়ি খুব ভাল পাইছিলোঁ। মটিভ,দীৰ্ঘকালীন বৰ্তনযোগ্যতা, বিষয়বস্তু,কেনন ,বিষয়সাৰত্ত্ব,অনুকৰণ ইত্যাদি টাৰ্মখিনিৰ উপৰিও বহু কথা জানিব উক্ত বিষয়ত বিশ্ববিদ্যালয়ত বিস্তৃতকৈ পঢ়িবলৈ পাম বুলি ভবা নাছিলোঁ। 
"তুলনামূলক শব্দটি পোনপ্রথমে ১৮৪৮ চনতে মেথিউ আর্ণল্ডে ‘Comparative Literature’ শব্দটো ব্যৱহাৰ কৰিছিল । আমি সকলোৱেই জানোৱেই আয়াৰলেণ্ডৰ বেৰিষ্টাৰ এইচ. এম. পচনেটে 'Comparative literature' শীৰ্ষক গ্ৰন্থত প্ৰথম পদটো ব্যৱহাৰ কৰে সেইখন লিখিছিল ১৮৮৬চনত। তেওঁ ১৯০১ চনত 'The Science of Comparative literature'প্ৰবন্ধেৰে তুলনামূলক সাহিত্যৰ স্বৰূপ বাখ্যাৰ দিশে আগবাঢ়ে। "
বুজি পাইছা নে? লাৱণ্য বাইদেউৰ কথাত আমি ঠাইতে একো ক'ব নোৱাৰা হৈছিলোঁ।কাকতখন অলপ টানো। আমি একোকে নোকোৱা দেখি
--"প্ৰথম টাৰ্মখিনি টান পাবা, কনচেপ্ট খিনি ক্লিয়াৰ কৰিব লাগিব, (Dear Sir ইউটিউব চেনেলত কৈছিল---
-"Concept is power ")
তাৰ বাবে তুলনামূলক সাহিত্য সম্পর্কী গ্ৰন্থ পঢ়িব লাগিব। আগ্ৰহী হ'ব লাগিব। তুলনামূলক সাহিত্য কী ভূমিকা, Comparative literature, তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ, পটভূমিকাত তুলনামূলক সাহিত্য, তুলনামূলক সাহিত্যতত্ত্ব, তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ, তুলনামূলক ভাৰতীয় সাহিত্যৰ পৰিচয়, Essays in comparative literature (Andray lefevar) আদি বহু গ্ৰন্থ বিভিন্ন ভাষাৰ পঢ়িব পাৰোঁ।"
  (৩) 
হোষ্টেলৰ ফ্ল'ৰ চাফা কৰা খুৰা এজন আছে, অলপ চাপৰ ক'লা চাপৰ দাড়িয়ে-গোফে অপৰিস্কাৰ। ফ্ল'ৰবোৰ ভালকৈ চাফা নকৰে সেয়েহে ট্ৰানচফাৰ হৈ থাকে। কামখিনি কৰে যদিও ইমান সুন্দৰকৈ নহয়। তথাপি মোৰ দয়া উপজে।সেয়েহে মই ভালকৈ মাত এষাৰ দিওঁ। খুৰাইয়ো মোক দিয়ে। 
"খুৰা, কি খবৰ? 
ভাল, ভাল
কামখিনি কৰি লওঁ
ধুনীয়া কে কৰি দিব
হ'ব, হ'ব।
কথাষাৰ যেন নোলাবই। ঘৰৰো দহোবন কৰি আহি কেইবামহলীয়া ফ্ল'ৰৰ চাফ-চিকুণ কৰে। কষ্ট হয় সেয়েহে মাত-কথা কৰিবলৈ এলাহ লাগিব পাৰে। খুৰাই এনেকৈ কৈ কামত লাগি যায়। লেটিন, বাথৰুম, ফ্ল'লৰৰ ঠাইখিনি বাঢ়নি লৈ সাৰি থাকে। পানী লৈ লেটিন বাথৰুম ধুই দিয়ে। মই কেতিয়াও --
"খুৰা, কামখিনি ভালকৈ কৰা নাই, ভালকৈ কৰিব, তেতিয়াহে ল'ৰামখাই ভাল পাব... " এনেকৈ কোৱা নাই। কেতিয়াবা এইষাৰৰ প্ৰয়োজন শূণ্য। ব্যতিক্রম নোহোৱাকৈ নাথাকে। 
ফ্ল'ৰলৈ অসমীয়া আৰু ইংৰাজী পেপাৰ আহে। দেশ-বিদেশৰ খবৰ পাই থাকো। মনটো সজীৱ কৰিব পাৰি। কিতাপ এক ঔষধ। যিয়ে মন, শৰীৰ, জীৱনক নতুন নতুন ৰস দিয়ে। পৃথিৱীৰ আটাইতকৈ নিকা খাদ্য, মানসিক খাদ্য। কিছু পাঠক আছে। যিয়ে ভাতকে নাখায়। কিন্তু কিতাপ পঢ়ে। পুৰণি দিনৰ কথা সুকীয়া। ছোৱালীক কিতাপৰ পৰা আঁতৰাই ৰাখিছিল। শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত কৰিছিল বুলি শুনো। তথাপি সেইসময়তে সাহস কৰি পঢ়া-শুনা কৰি নিজৰ লগতে আনকো পোহৰাই যোৱা নাৰী দেধাৰ।

  (৪) 
বিভাগ, কেন্দ্ৰ, হোষ্টেল ইত্যাদিত বহু প্ৰতিযোগিতা হৈ থাকে। প্ৰায় অংশগ্ৰহণ কৰোঁ । বহুত শিকিব পাৰি। বিশ্ববিদ্যালয়ত বহু কালচাৰৰ,বহু ঠাই দেশ-বিদেশৰ মানুহ থাকে। বিদেশৰ ছাত্র-ছাত্ৰীয়ে আমাৰ কালচাৰৰ পৰা বহু শিকিছে। আমাৰ বাপতি সাহোন ৰঙালী বিহুত বা আন আন অনুষ্ঠানত যোগদান কৰোঁতে তেওঁলোকৰ মুখত আনন্দ দেখাই প্ৰমাণ। বিহুৰ সেই সুৰীয়া গানটোৱে ইকাণে-সিকাণে ক'বই যেন, ক'ব---
"অ' নাহৰ ফুলা বতৰ, 
অ' নাহৰ মোৰ মৰমৰ, 
অ নাহৰ, অ নাহৰ, 
আনিলি তই 
বহাগৰে খবৰ...। "
তেওঁলোকৰ নিজা নিজা কামত লাগি থাকে।বহু আনন্দ পোৱা যায়। নিজকে তুলাচনীত জোখ-মাপ কৰা যেন লাগে। মোৰ অতীতে এইখিনিতে ৰিং এটা মাৰি যায়। এশগ্ৰাম দহটা হ'লে দহশ গ্ৰাম মানে এক কিলো। আধা কেজি দুটা। একপোৱা চাৰিটা। মাছ বিক্ৰীৰ বাবে নিওঁতে নিওঁতে হিচাপ ক্লিয়াৰ হৈছিল। মই আধা কেজি মাছ দুটি পলিথিনত সমানে ভাগ কৰি নিওঁ। গ্ৰাহকৰ মন জয় কৰিবলৈ।তাতে আকৌ সৰহকৈ নেদেখিব। দুভাগ দেখিলে সৰহ হৈ পৰে। গঞালোকৰ তেনে ধাৰণা এতিয়াওঁ আছে। এক কিলো মাছৰ দাম যদি ১০০ টকা হয়। এশগ্ৰামৰ দাম ১০। এক পোৱাৰ দাম ২৫ টকা। আধাকিলো ৫০ টকা। পঢ়াশালীত -একক, দহক,শতক, হাজাৰ, অযুত, লাখ,নিযুত, কোটি এইবোৰ পঢ়া মনত পৰে। যিবোৰ দিশ ব্যৱহাৰিক জীৱনত বৰ দৰকাৰী। এল. পি. স্কুলত পঢ়িবলৈ পোৱা নেওঁতাই সচাঁই বহু কথা শিকালে। শিকাই আছে। থাকিব... 
ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)