মই তোমাৰ অপৰাধী - সৰ্বানন্দ কৈৱৰ্ত

এতিয়া ফুলা নাই শেৱালি
ভাবনাৰ এন্ধাৰত মাথোঁ
গোপনে সৰিছে এপাহি দুপাহি

দূৰণিত সুগন্ধি সুবাসে
হাত বাউল দি মাতিছে

কাণত বাজি উঠিছে
চিনাকি সুহুৰিৰ সুৰধ্বনি

গোটেই ৰাতি বজালো বাঁহী
ওঁঠ ফাটি নিগৰি আহিল তেজ

ৰক্তৰে ৰঞ্জিত হ'ল শুভ্ৰ শেৱালি
মই তোমাৰ অপৰাধী..

Post a Comment

Previous Post Next Post