আকাশৰ সৈতে এপলক কথোকথন- প্ৰিয়ংকা চমুৱা

©Admin
0
আকাশৰ ফালে চাই সুধিলোঁ
তোমাৰ পৰিধি কি কোৱা
বিশাল আকাশে ক'লে
হীনমান্যতা এৰি
মোৰ বক্ষ বিদাৰি যোৱা
নীড়পখীৰ সৈতে 
বিলাপ কৰিলোঁ মই
হেঁপাহৰ পাখি খন দিয়া
মিচিকিয়া হাঁহিটি মাৰি 
অস্ফুট স্বৰে ক'লে
কহুৱাৰ চুপহিটি দিয়া 
আশাৰ দলিচা খন 
দূৱৰিৰ শেতেলিত
কিদৰে সহো মই কোৱা
জীৱন বৃক্ষাত
তোমাক বিচাৰি চালোঁ
তুমি চোন বুজিব নোখোজা
অবুজ অজান পখী
দিয়াচোন তোমাৰ অজান হিয়া।


       
 ✍️  প্ৰিয়ংকা চমুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)