সময়ৰ সিদ্ধান্ত-সবিতা বেগম

      লক্ষ বাধা অতিক্ৰম কৰি এসাগৰ সপোন বুকুত লৈ সাত বছৰৰ পিছত দিলীপে আজি আহি ঘৰ পালে , সাত বছৰত গাঁওখনৰ বহুত পৰিৱৰ্তন  হ'ল । গাড়ীৰ পৰা নামি এঘৰত ডাঙৰ বিয়া এখন দেখিবলৈ পাই তালৈ আগুৱাই গৈ গাঁৱৰ কিছুমান বয়সীয়াল মানুহক লগ ধৰি প্ৰয়াত ৰাকেশৰ ঘৰ কোনখন সুধিলে , সিহঁত অলপ মৌন হৈ থাকিল, অলপ পিছত এজন বৃদ্ধই ক'লে তুমি কোন ???
        এখন গাড়ী দুৰ্ঘটনাত ৰাকেশৰ মাক-দেউতাকৰ মৃত্যু হৈছিল , বহুত কষ্টেৰে আইতাকে অলপ ডাঙৰ কৰে ৰাকেশক । হঠাৎ এদিন জ্বৰ হৈ অসুস্থ হৈ পৰে আইতাক , পেটৰ তাড়নাত আধামৰা , বহুত কষ্টেৰে ৰুটি এখন লৈ ৰাকেশ দৌৰি আহিল আইতাকৰ ওচৰলৈ , আহি--" আইতা, ৰুটি, ৰুটি আনিছোঁ ৰুটি , উঠা আইতা উঠা , উঠা আইতা ".... চিৰ নিদ্ৰাক সাৱটি শুই আছে আইতাক ....। বৰকৈ অকলশৰীয়া হৈ গ'ল ৰাকেশ , পথে - ঘাটে , কেতিয়াবা ষ্টেচনত কোনোমতে খাই নাখাই দিন অতিবাহিত হ'বলৈ ধৰিলে ৰাকেশৰ। এদিন ৰুটি এটা খাই পইচা দিব নোৱাৰাত চাহ দোকানৰ মালিকে বহুত গালি পাৰিলে,শেষত ঋণ পৰিশোধ কৰাৰ বাবে দোকানত কাম কৰিবলৈ থাকিব লগা হ'ল। ৰাকেশৰ কামত সন্তুষ্ট হৈ , ৰাকেশক দুবেলা- দুমুঠি খাবলৈ দিব বুলি কৈ ৰাখিলে  চাহ দোকানৰ মালিকজনে । ভালেই গ'ল কেইবাটাও বছৰ । ৰাকেশৰ স্বভাৱ - চৰিত্ৰ খুবেই ভাল। লাহে লাহে সি বিশ্বাসী হৈ পৰিল মালিকৰ। লাগতিয়াল টকা-পইচা দিয়ে। 
       ৰাকেশে ছোৱালী এজনী চাই বিয়া পাতিলে। ভালেই চলিল ঘৰ - সংসাৰ । মালিক জন বৃদ্ধ হৈ পৰাত এদিন ৰাকেশক মাতি আনি ক'লে --" বোপা দোকানত বহুত বছৰ কাম কৰিলা ভালদৰেই আগুৱাই লৈ গ'লা এদিন সময় মিলাই তোমাৰ ভাগৰ টকা খিনি লৈ যাবা মোৰ বুকুৰ বিষ দিনে দিনে বাঢ়ি আছে , ৰাকেশে ক'লে , - নিশ্চয় লʼম আগতে আপুনি অলপ সুস্থ হৈ উঠক... । " কেইদিনমান পিছত মালিকৰ অসুস্থতা আৰু বাঢ়ি গ'ল, লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হ'ল যদিও শেষত আৰু ঘৰলৈ উভতি আহিব নোৱাৰিলে। বাৰুকৈয়ে দুখত ভাগি পৰিল ৰাকেশ। কেইদিনমান পিছত মালিকৰ ল'ৰা নীলক টকাৰ কথা ক'লে কিন্তু নীলে-- " কিহৰ টকা" বুলি কৈ ৰাকেশক খেদি পঠিয়ালে। এদিন জোৰকৈ খোজাত পুলিচৰ হাতত ধৰাই দিলে। 
       প্ৰায় সাত মাহ জেল খাটি অভাগা ৰাকেশ উভতি আহিল ঘৰলৈ , বহুত কষ্টেৰে দিন অতিবাহিত হয় ৰাকেশৰ। ৰাকেশৰ ঘৈনীয়েকৰ মাকৰ ঘৰৰ পৰা দিয়া শেষ সম্বল বিয়াৰ গহনা খিনি বিক্ৰী কৰি ধানৰ ব্যৱসায় আৰম্ভ কৰিলে। সন্তানহীনা ঘৰখন একেবাৰেই ভাল নলগা হৈ গ'ল। সেয়েহে এদিন ৰাকেশৰ ঘৈনীয়েকে সিদ্ধান্ত লʼলে তাই ঘৰলৈ গুছি যাব আৰু বেলেগ ছোৱালীৰ লগত ৰাকেশক বিয়া কৰাই দিব। কথা মতেই কাম ৰাকেশৰ দ্বিতীয় বিয়া পতাই দিলে। বছৰ নহওঁতেই ৰাকেশৰ ঘৰ আলোকিত কৰি আগমন ঘটিল এটি ল'ৰা সন্তানৰ। ভালেই চলিবলৈ ধৰিলে সংসাৰ । ধানৰ ব্যৱসায়ৰ বাবে ৰাকেশ আৰু অবিনাশ, দুই বন্ধু নাওঁ লৈ বাহিৰলৈ ধান কিনিবলৈ গৈছিল। আহোতে  ধান সহ নাওঁ ডুবিল ।  হাহাকাৰ লাগি গ'ল অঞ্চল জুৰি । বহুত চেষ্টা কৰিও বিফল , নিৰুদ্দেশ হৈ ৰ'ল আজিও। অভাগিনী ৰাকেশৰ দ্বিতীয় পত্নী দ্বিতীয় বাৰ যঁমজ সন্তানৰ জন্মৰ সময়ত বিদায় ল'লে  , ফুল কুমলীয়া সন্তান দুজনৰ দায়িত্ব ল'বলৈ আকৌ উভতি আহিল ৰাকেশৰ প্ৰথম পত্নী ৰীতা । ৰাকেশৰ তিনিবছৰীয়া ডাঙৰ ল'ৰা দিলীপ আৰু সৰু সৰু যঁমজ সন্তান দুজন লৈ বহুত কষ্টৰ সন্মুখীন হ'ল মাক। মানুহৰ ঘৰত কাম কৰি , নানা বাধা - বিঘিনি আৰু সমাজৰ ভিন্ন কথাৰ সন্মুখীন হৈ ল'ৰাহঁতৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হ'ল মাক। লিখা-পঢ়া ভাল ডাঙৰ ল'ৰা দিলীপৰ। সপোন দেখে সৈনিক হোৱাৰ কিন্তু মাকে অলপো মান্তি নহয় ... । দেশত প্ৰচণ্ড কলেৰা বেমাৰ । কলেৰা লাগি অসুস্থ হৈ পৰিল সৰু ল'ৰা মনিশ , বহুত চেষ্টা কৰিও বচাব নোৱাৰিলে মনিশক। মাকজনীও বহুত অসুস্থ। তাৰে মাজত , ডাঙৰ ল'ৰা দিলীপৰ কিছু টকাৰ খুবেই প্ৰয়োজন , দিবলৈ বাধ্য হ'ল মাক। টকা খিনি নি আবেদন কৰিলে সৈনিকৰ চাকৰিত । দিলীপে মাকক খুবেই ভাল পায় , দ্বিতীয় ল'ৰা প্ৰদীপেও মাকক খুবেই ভাল পায়। প্ৰদীপৰো লিখা-পঢ়া ভাল। মাকৰ আনন্দ চায় কোনে,ল'ৰাহঁতে চাকৰি কৰিব , ধুনীয়া ঘৰ হ'ব ধুনীয়া গাড়ী হ'ব । ধুনীয়া ছোৱালী বোৱাৰী কৰি আনিব , সীমা হীন সপোন দেখে মাকে। 
         এদিন সৈনিকৰ চাকৰিৰ ইন্টাৰভিউ আহিল আৰু মনে মনে মাকক নকোৱাকৈয়ে ইন্টাৰভিউ দি আহিল। কেইদিনমান পিছতেই ডাকোৱালে এপইনমেন্ট দি থৈ গ'ল। মাকে জানিব পাৰি বাৰুকৈ কান্দিলে । মাকক বুজনি দি ক'লে -- "মা তুমি নাকান্দিবা চাকৰিলৈ মই নাযাওঁ"... বাৰুকৈয়ে আনন্দিত হ'ল মাক , কিন্তু সময়ৰ সিদ্ধান্তত আকৌ চৰকাৰৰ পৰা জাননী আহিল যাবই লাগিব। এইবাৰ দিলীপে মাক আৰু ভায়েকৰ কষ্ট হ'ব বুলি জানি কথা খিনি ঘৰত নজনোৱাকৈয়ে মাজৰাতি মনে মনে গুছি গ'ল। পুৱা অভাগিনী মাকে ডাঙৰ পুতেক দিলীপক নাপাই তোলপাৰ লগাই দিলে। হাহাকাৰ লাগি গ'ল অঞ্চল জুৰি। দিলীপৰ খবৰ দিব নোৱাৰিলে কোনেও। পুতেকৰ শোকত অসুস্থ হৈ পৰিল মাক , কিছুদিন পিছত সুস্থ হ'ল যদিও ভাৰসাম্যতা কিছু হেৰুৱাই পেলালে মাকে , মাথোঁ মুখত এটাই শব্দ-- " দিলীপ, দিলীপ,দিলীপ".... ককায়েকৰ দুখত বাৰুকৈ ভাঙি পৰিল বেচেৰা প্ৰদীপ। মাকক লৈ কোনোমতে দিন অতিবাহিত হয় প্ৰদীপৰ। 
        অৱসান ঘটিল এজাক এন্ধাৰৰ, স্কুল এখনত  চাকৰিৰ সুবিধা পালে প্ৰদীপে। কিন্তু মাক আজিও দিলীপৰ শোকত অসুস্থ। পাৰ হৈ গ'ল কেইবাটাও বছৰ। ধুনীয়া ছোৱালী চাই বিয়া পাতিলে প্ৰদীপে।  মাকৰ পৰিৱৰ্তনৰ কথা ভাবি , টাউনত মাটি কিনি ঘৰ বান্ধিলে।  কিন্তু মাকৰ পৰিৱৰ্তন নহ'ল। হঠাৎ এদিন সকলোকে এৰি দিলীপৰ সন্ধানত ওলাই গ'ল ঘৰৰপৰা। হাহাকাৰ লাগি গ'ল ঘৰখনত। প্ৰদীপে পুলিচ প্ৰশাসন লৈ বহুত বিচাৰিলে যদিও কিন্তু ক'তো নাপালে মাকৰ সন্ধান। শোকত ভাঙি পৰিল প্ৰদীপ। 

        আজি সাত বছৰ পাৰ হ'ল সীমান্তৰ যুদ্ধ শেষ সকলোৰে বাবে উপহাৰৰ সামগ্ৰী লৈ ঘৰলৈ আহোঁতে দিলীপে বিয়া ঘৰৰ খবৰ লৈ জানিব পাৰিলে দিলীপে ভালপোৱা ছোৱালী মীনাৰ আজি বিয়া... । দিলীপে   বৃদ্ধ মানুহ কেইজনক ক'লে-- "মোৰ এজন ভাইটি প্ৰদীপ আৰু এজনী বৃদ্ধা মাক থৈ সাত বছৰ আগতে মাকৰ অবাধ্যতাত চাকৰিত যোগদান কৰিছিলোঁ" । শেষত এজন ল'ৰা আহিল আৰু কথা খিনি শুনি মোবাইলৰ পৰা ফটো এখন ওলাই ক'লে ---" আমাৰ ইয়াত কেইদিনমান আগতে  এজনী পাগলী বুঢ়ীৰ মৃত্যু হ'ল মুখত এটাই শব্দ আছিল -- দিলীপ, দিলীপ, দিলীপ .... সম্ভৱত তেওঁৰ ল'ৰা , বুকুত এয়া  এখন ফটো আছিল...  আৰু প্ৰদীপ নামৰ কোনো মানুহ আমি চিনি নাপাওঁ" .....কথাষাৰ শুনি দিলীপ একেবাৰে মৌন হৈ পৰিল ...।

Comments

  1. প্ৰিয় কবি তোমাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

    ReplyDelete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send