শিক্ষকে মানুহ , সমাজ আৰু ইতিহাস গঢ়ে । এগৰাকী শিক্ষক আৰু ঈশ্বৰক মোৰ সন্মুখত একেলগে ঠিয় কৰালে মই প্রথমে কাক প্রণতি জনাব লাগিব সেইটো মই ঠাৱৰ কৰিব নাজানিম । কিন্তু মই প্রথমে মোৰ শিক্ষাগুৰুজনক অগ্রাধিকাৰ দিম যি মোৰ ঈশ্বৰ প্রাপ্তিৰ পথ প্রদৰ্শক ।
প্রকৃতাৰ্থত শিক্ষকসকল হৈছে এখন ৰাষ্ট্ৰৰ ভাগ্য নিয়ন্তা । শিক্ষক এগৰাকীয়ে এখন সমাজৰ উন্নতি আৰু কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে । শিক্ষকক দেশৰ কৃতিত্ব আৰু অভিলাষ জোখাৰ গজকাঠী ( yardstic ) হিচাপে বিবেচনা কৰা হয় ।
শিক্ষকৰ ভূমিকা সম্পৰ্কত ভাৰতবৰ্ষৰ মহান শিক্ষাবিদ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল - "শিক্ষক সকল সমাজৰ এক শাশ্বত প্রয়োজন তেওঁলোকে বৌদ্ধিক , সামাজিক , সাংস্কৃতিক আৰু প্রযুক্তিগত কৌশল এটা প্রজন্মৰ পৰা আন এটালৈ সংবহন কৰি সভ্যতাৰ চাকিগছি জ্বলাই ৰাখে ।" আজিৰ শিশু সকলেই হ'ল দেশৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যতৰ মূলধন যিহেতু শিশুসকল সদায় শিক্ষকৰ দ্বাৰাই প্রভাৱিত হয় । শিক্ষাৰ্থী সকলৰ কাৰণে শিক্ষকেই হ'ল প্রধান কাণ্ডাৰী । ৰাষ্ট্র আৰু মানৱতাৰ উন্নয়ন শিশুসকলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে । আমাৰ ভৱিষ্যত প্রজন্মৰ ৰূপকাৰ ( Architeet ) হিচাপে সমাজত শিক্ষক সকলৰ গুৰুত্বপূৰ্ণ স্থান আছে ।
আমাৰ অসমীয়া সমাজতো শিক্ষক সকলক সমাজৰ জ্ঞানসত্তা বুলি সন্মান কৰা হয় | শিক্ষক সকল সমাজৰ ৰাজহাড় স্বৰূপ । যেতিয়াই সমাজত বা পৰিয়ালত কিবা সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ হয় , তেতিয়াই শিক্ষিতই হওঁক বা অশিক্ষিতই হওঁক সকলোৱে দিহা-পৰামৰ্শ বিচাৰি শিক্ষক গৰাকীৰ ওচৰ চাপে । শিক্ষক সকলে নিজৰ জ্ঞান আৰু মেধাৰ বলত গাঁৱৰ বিভিন্ন সমস্যা সমাধানৰ পথ দেখুৱাই দিয়ে । শিক্ষকৰ অৱস্থিতিয়ে সমাজৰ সাংস্কৃতিক , সামাজিক বৈশিষ্ট্যক প্রতিফলিত কৰে । এইটো কোৱা হয় যে শিক্ষকৰ স্তৰীয় মাপকাঠীতকৈ কোনো মানুহেই আগবাঢ়িব নোৱাৰে । শিক্ষক এজন ৰাষ্ট্ৰীয় মূল্যবোধৰ তত্বাৱধায়ক হোৱাৰ উপৰিও নতুন মূল্যবোধৰ ৰূপকাৰ হিচাপেও ভূমিকা পালন কৰিব লাগে । সমাজ গঠনতো শিক্ষকৰ ভূমিকা অপৰিসীম ।
শিক্ষকতা মানে পঢ়োৱা আৰু মূল্যায়ন নহয় । ইয়াৰ অৰ্থ অতি ব্যাপক আৰু বিস্তৃত । শিক্ষকতা হৈছে এনে এটা জটিল কলা যাৰ দ্বাৰা বিভিন্ন নিৰ্বাচিত অভিজ্ঞতা বা কাৰ্যৰ জৰিয়তে ছাত্র/ছাত্রীক নিৰ্দেশনা প্রদান কৰি এটা নিৰ্দিষ্ট তথা শুদ্ধ শিক্ষাদান আৰু শিকণৰ লক্ষ্যত উপনীত হ'ব পাৰি ।
শিক্ষকতা বা শিক্ষাদান হৈছে বিদ্যা গ্রহণ বা শিক্ষণৰ উদগনিদাতা নিৰ্দেশক আৰু অনুপ্ৰেৰণাৰ উৎস ।
শিক্ষকতা হ'ল এজন পৈণত আৰু আন কম পৈণত ব্যক্তিৰ মাজত অভিন্ন সম্পৰ্ক যি পৰিকল্পনা প্রস্তুতিৰ জৰিয়তে শিক্ষা প্রদানৰ প্রক্ৰিয়া ত্বৰান্বিত কৰে ।
শিক্ষকতা হৈছে এগৰাকী শিক্ষকৰ কাৰ্য শিশুৰ বিকাশৰ বাবে সাধন কৰা হয় । এগৰাকী ব্যক্তি যদি এনেবোৰ গুণৰাজিৰে বিভূষিত হয় তেন্তে প্রকৃতাৰ্থতে তেখেতক এগৰাকী আদৰ্শ শিক্ষক আখ্যা দিব পাৰি । প্রজন্মৰ পাছত প্রজন্মলৈ শিক্ষক সমাজে আগবঢ়োৱা অৱদান আন কাৰোৰে সৈতে তুলনা নহয় । শিক্ষকতাৰ এই অতুলনীয় সেৱাৰ বাবে প্রাচীন গ্রীক দাৰ্শনিক ছক্ৰেটিছে শিক্ষকক ধাত্রীৰ লগত তুলনা কৰিছে । ধাত্রীয়ে যেনেদৰে এগৰাকী প্রসূতিক সন্তান জন্ম দিবলৈ সহায় কৰে , ঠিক তেনেদৰে শিক্ষকেও ছাত্র/ছাত্রীক জ্ঞান অৰ্জনত সহায়হে কৰে । শিক্ষকতা হ'ল এক সহায়কাৰী ব্যৱস্থা যাৰ জৰিয়তে ছাত্র/ছাত্রীৰ মনলৈ জ্ঞান সঞ্চাৰ কৰাত শিক্ষক জনে মুখ্য ভূমিকা পালন কৰে । কিন্তু এই জ্ঞান সঞ্চাৰৰ কামটো খালি মোনাত বস্তু ভৰোৱাৰ দৰে সহজ নহয় ।
ই হ'ল অত্যন্ত সূক্ষ্ম এনে এক কলা য'ত মুখ্য ভূমিকা পালন কৰে স্বয়ং শিক্ষাৰ্থী গৰাকীয়ে নিজে আৰু শিক্ষকজনৰ ব্যক্তিত্বই । শিক্ষাৰ্থীৰ জ্ঞান অৰ্জনত শিক্ষকৰ ভূমিকা অনস্বীকাৰ্য । নহ'লে বজাৰত উপলব্ধ কিতাপ , চি.ডি , ৰেডিঅ' , টেলিভিশ্যন অথবা আজিৰ ইণ্টাৰনেট সেৱাৰ জৰিয়তে ছাত্র/ছাত্রীয়ে জ্ঞান অৰ্জন কৰিব পাৰিলেহেঁতেন । শিক্ষকৰ প্রয়োজনীয়তা নাথাকিলেই হেঁতেন । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যি ধৰণৰ ভাব বিনিময় হয় সেই ভাব বিনিময়েহে ছাত্র/ছাত্রীক বহু বেছিকৈ স্পৰ্শ কৰে । সেই বাবেই শিক্ষাব্যৱস্থাত শিক্ষকৰ প্রয়োজনীয়তা অনস্বীকাৰ্য ।
এগৰাকী প্রাচীন গ্রীক শিক্ষাবিদে কোৱা এষাৰ কথা এই ক্ষেত্রত প্রণিধান যোগ্য যে - "মোক সাত বছৰৰ কাৰণে এটা শিশু দিয়া , মই তাক এনেকৈ গঢ়িম যে ইয়াৰ পিছত ভগৱান অথবা চয়তান কোনেও তাৰ এধানিও পৰিৱৰ্তন কৰিব নোৱাৰে ।" এই কথাই শিক্ষকৰ অপাৰ শক্তিৰ কথাকে দোহাৰে ।
ভাৰতবৰ্ষৰ প্রাক্তন ৰাষ্ট্ৰপতি এ. পি. জে আব্দুল কালামে কৈছিল - "কিছু বছৰৰ পূৰ্বে মই এগৰাকী আদৰ্শ শিক্ষকক লগ পাইছিলো , তেওঁ আছিল তেওঁৰ ছাত্র সকলৰ Role Model . মই তেখেতৰ পাৰদৰ্শিতাৰ গোপন মন্ত্ৰটোনো কি জানিবলৈ চেষ্টা কৰিলোঁ । তেখেতে মোক ক'লে যে শিক্ষক সকল পাৰদৰ্শী হ'বলৈ আয়ত্ত কৰিব লগা গুণ সমূহ হ'ল ---
# ছাত্র এজনৰ বয়সৰ স্তৰলৈ নিজকে নমাই নিব পৰা গুণ শিক্ষকজনে আয়ত্ত কৰা ।
# শিক্ষক হিচাপে সপ্তাহত যথাসম্ভৱ পাঠদান কৰিবলৈ চেষ্টা কৰা ।
# শিক্ষকৰ জীৱনচৰ্যাই হ'ল ছাত্রৰ বাবে উদাহৰণ , সেয়েহে ছাত্রজনৰ পৰা আশাকৰা গুণবোৰ শিক্ষকগৰাকীয়ে নিজৰ মাজত ৰোপণ কৰা ।
# স্বচ্ছতা অৱলম্বন কৰি ছাত্রৰ জাতি , বৰ্ণ , ধৰ্ম , লিঙ্গ নিৰ্বিশেষে সমভাবাপন্ন মনোভাৱ গ্রহণ কৰা ।
শিক্ষকজন দূৰদৃষ্টি সম্পন্ন হোৱা আৰু ছাত্র জীৱনক বিকশিত কৰি তুলিব পৰা অন্তৰ্দৃষ্টিসম্পন্ন লোক হোৱা ।"
এতিয়া মোৰ নিজকে প্রশ্ন কৰিবৰ মন গৈছে - এগৰাকী সফল শিক্ষক হ'ব পৰাকৈ ইমানবোৰ গুণ মোৰ গাত আছেনে ? ইমান দিনে ইয়াক সঠিক ভাবে ৰূপায়ণ কৰিব পাৰিছোনে ? অৱশ্যে ইয়াৰ লগত সামাজিক ব্যৱস্থা চৰকাৰী দায়িত্বও ইয়াৰ লগত সামৰি ল'ব পাৰি ।
উপৰিউক্ত কথাখিনি দ্বিমত কৰাৰ কোনো অৱকাশ নাই | কেতিয়াবা কেতিয়াবা পৰিস্থিতিয়ে বিপৰীত দিশত গতি কৰা যেন অনুমান হয় । কেতিয়াবা কিছুমান কাৰ্যালয়ৰ মেৰপাকত পৰি এগৰাকী শিক্ষকৰ মনোবল ভাঙি দিব পাৰে । এইবোৰ নোহোৱা কৰিব পাৰিলে নিশ্চয় ভাল হ'ব । ক'বলৈ লাজ লাগে যে আজিৰ তাৰিখতো শিক্ষকে পাব লগা মাহিলি পাৰিতোষিকখিনিও কিনি আনিব লাগে । কিন্তু কিয় ? গণ্ডগোলটো ক'ত ? গতিকে এজন শিক্ষক হিচাপে গঢ়িবৰ বাবে এইবোৰ শুধৰণি কৰাও দৰকাৰ আছে ।
ইমানবোৰ গুণৰ অধিকাৰী হ'ব পৰাকৈ আমাৰ গাত বাৰু গুণ সমূহ আছেনে ? তাকে ভাৱিছোঁ মই দেখোন ভাল শিক্ষক হ'বই নোৱাৰিলোঁ |
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ