শিক্ষক-সংযুক্তা দত্ত

গুৰু সেই জন যিয়ে জীয়াই থাকিবলৈ শিকায়। 
নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে    
গঢ়ি দিয়ে হীৰাৰ নিচিনাকে তোমাক ।
           
পৃথিৱী খনৰ লগত খোজ দিবলৈ শিকায়।
        
সঁচা আৰু মিছাৰ লগত চিনাকি কৰাই দিয়ে
         
সদায় শুদ্ধ পথ দেখুৱাই যায়।                   তোমাক এজন ভাল মানুহ কৰি তোলে।  
সমস্যাৰ লগত যুঁজি আগবাঢ়ি যোৱা তুমি । 
তোমাক সিমানখিনি বুজিব পৰা কৰি তোলে ।            
কয় তোমাক জিকিলে সকলো নহয়,                                  
হাৰি পেলাই জিকাৰ গুণ শিকায়। 
গুৰু সেই জনে যিয়ে জীয়াই থাকিবলৈ শিকায়                নিজক নিজৰ লগত চিনাকি কৰাই দিয়ে । 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send