উপলদ্ধি-মেহেনাজ সৰকাৰ

পংখী মৰাণ
0
বতাহ মুখৰিত হৈ পৰিল লাউডস্পিকাৰৰ পৰা সৰি পৰা কোনো এক অজানা ব্যক্তিৰ কেইটামান শ্ৰুতিমধুৰ শব্দৰ মাজত এটি বিশেষ শব্দ তথা যুৱ প্ৰজন্মৰ হৃদয়ৰঞ্জিত আলসুৱা শব্দ, সাহিত্যৰ অণু পৰমাণুৱে সিচঁৰিত হৈ থকা এটি সোণালী শব্দ — কাব্য সম্ৰাট , প্ৰেমিক কবি, জনপ্ৰিয় গল্পকাৰ শ্ৰদ্ধেয় মাহিম ৰয়।
       ডিচেম্বৰ মাহৰ দুপৰীয়াৰ মিঠা ৰ’দজাকৰ উম লৈ দুবৰিৰ নিপোটল দলিচাত বহি তেওঁ ভাবিলে — তোমাক ভাল পাই ভুল কৰা নাছিলো নূৰী । ঘন্টাৰ পিছত ঘন্টা ধৰি শব্দৰ অন্বেষণতআছিল মাথোঁ তোমালৈ মোৰ নিবিড় ভালপোৱা । সেয়া এতিয়াও বৈ গৈছে হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ। তোমাক ভাল নোপোৱা হ’লে কোন কাহানিবাই বিলীন হ’লতেঁহেন মোৰ সমগ্ৰ মানৱ সত্তা নাইবা প্ৰেমিক কবি মাহিম ৰয় নামৰ শব্দটো ...
       তোমাক ভাল পাই ভুল কৰা নাছিলো নূৰী । তোমাৰ ভালপোৱা শিৰত লৈ আগবাঢ়িছো জনতাৰ বুকুৰ দুৱাৰে দুৱাৰে ... তোমাৰ ভালপোৱাৰ সুগন্ধি সুৰভিৰে আগবাঢ়িছো দূৰ , বহু দূৰলৈ ... এখন কল্পনাতীত সুন্দৰ স্বৰ্গপুৰীলৈ ...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)