ভাৰ্গৱীৰ বাবে দুশাৰী কবিতা-প্ৰণৱ চক্ৰৱৰ্তী

অসমীয়া সাহিত্যৰ চানেকি
0
থুপুকথাপাক খোজবোৰ এৰি
তুমি এতিয়া 
নিজৰ খোজবোৰ গণিব শিকিছা,
সময়ৰ লগত
নে সময়ৰ আগত
আগবাঢ়িছা তুমি মোৰ বুজাৰ সাধ্য নাই৷
এই যে তুমি 
লাহে লাহে অভিমান কৰিব শিকিছা
এই যে আমি খং কৰিলে
অনুশোচনা কৰিব পৰা হৈছা,
এই যে আমাৰ আব্দাৰবোৰৰ
হিচাপ ৰাখিব পৰা হৈছা,
পৰিৱেশৰ লগত কিছু সলনি হ'ব শিকিছা
অভিনয় কৰি আনন্দ ল’ব জানিছা
তাৰ এক বিশাল সাৰ্থকতা আছে৷
তুমি
লাহে লাহে ডাঙৰ হৈছা,
তুমি
এতিয়া বুজিব লাগিব জীৱনক
লাহে লাহে৷
তুমি দেখিব লাগিব
তুমি দেখি থকা হাঁহিবোৰৰ
পাছফালে লুকাই থকা চকুপানীবোৰ,
মৰমবোৰৰ পাছফালে লুকাই থকা
একাংশ ৰাক্ষসকো তুমি
চিনি পাব লাগিব,
শিকিব লাগিব প্ৰতিবাদ কৰিব৷
তুমি গৈ থাকিবা
তোমাৰ চিনাকি বাটেদি,
অচিনাকি বাটবোৰৰ পৰা
হাতবাউল দি মাতিব 
অচিনাকি মুখবোৰে,
সেই মাতবোৰক সহাঁৰি দিয়াৰ
প্ৰয়োজন নাথাকিব কাহানিওঁ ।
তোমাক কেতিয়াবা
আমি হয়তো বাট দেখুওৱাৰ
চেষ্টা কৰিম,
সেই বাট হয়তো তোমাৰ
পচন্দৰ নহ’ব
হয়তো বিৰক্ত হ’বা
আমাৰ সিদ্ধান্তবোৰত৷
কিন্তু তুমি বুজিব লাগিব
আমি কৰিব নোৱাৰোঁ
তোমাৰ অহিত চিন্তা,
তোমাৰ প্ৰতি খোজত 
আমাৰ নজৰ থাকিব
মৰমেৰে মেৰিয়াই থম তোমাক৷
পাটীগণিত ধাৰাপাতৰ পৰা
সময়ে বীজগণিতৰ জটিল সূত্ৰ
শিকোৱাৰ দৰে
জীৱনেও ক্ৰমাৎ জটিল পথলৈ
ঠেলি দিয়ে আমাক
যেনেকৈ তোমাকো দিব এদিন৷
মাত্ৰ তুমি কৌশলী হ’ব লাগিব
জটিল সূত্ৰ ভাগিব পৰাৰ জোখেৰে,
সংগ্ৰামী হ’ব লাগিব
যুঁজি যুঁজি জিকিব পৰাৰ জোখেৰে...

(মোৰ কণমানিজনী ভাৰ্গৱী ৰ হাতত মৰমেৰে)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)