যেন অঘৰী আত্মাৰ যাত্ৰা।
নিজান বনত দুপাহ ফুলে কিনো কথা পাতে
গুপ্ত গুপ্ত দুটি অচিনাকি মনে।
উমি উমি জ্বলি উঠা আন্ধাৰে ছানি ধৰা
চাকি বঁটীয়া ডাললৈ চোৱা।
হয়টো কʼলা ছায়াৰ দৰে জিলিকি উঠিব পাৰে
এটা আত্মাৰ পৰিচয়।
এলাগী ৰাতি উকা আকাশৰ ছবিয়ে কিনো সোঁৱৰাই
বনৰ পক্ষীৰ এটি কৰুণ হৃদয়ৰ ধ্বনিয়ে,
নিচাৰে মোহিত আত্মাৰ কবিক
কঁপাই তোলে আঙুলিৰ পাহি।
চিনাকি আইৰ টাকুৰি সুহুৰিয়ে
কিনো ঘূৰি ঘূৰি কৈ যাই
জীৱন জানো এক ৰূপ-জ্যোতি।
বহু যুগৰ এটি তৰা তুমি
কালৰ বন্ধু প্ৰতীক্ষা ৰাণী।
অন্ধবিশ্বাস এক শক্তি
যি আত্মাৰ হত্যাৰ মূল মন্ত্ৰ।
কʼলা এঙাৰ বোৰ শেলাই পৰিল মৃত্যু ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ