ভাগি যোৱা বুকুখনৰ টুকুৰাবোৰ সাৱতি ,
এটি নিষ্পাপ শিশুৰ দৰে ।
বৰ মনত পৰে উকা বুকুখনত সানি দিয়া ,
এটা এটা হেপাঁহৰ ৰঙবোৰ প্ৰতিশ্ৰুতিবোৰ ।
তোমাৰ গোটেই জীৱনৰ চক্ৰবেহুৰ ,
মই হ'ব খুজিছিলোঁ কেন্দ্ৰ বিন্দু ।
য'ত তোমাৰ ভাল লগাবোৰ মোৰ ভাল লগা হৈ পৰিছিল,
য'ত তোমাৰ বেয়া লগাবোৰ মোৰ বেয়া লগা হৈ ৰৈছিল।