মানুহকেন্দ্ৰিক এটি কবিতা ,
মোৰ আদৰ্শ ,মোৰ প্ৰেৰণাৰ আলোকপাত ,
জীৱন প্ৰভাৱিত এজন মানুহৰ কবিতা ,
দেউতাকৈও অধিক প্ৰভাৱ যাৰ মোৰ জীৱনত ।
সাধাৰণ মানুহ কিন্তু বিচিত্ৰ জীৱন ;
বহু কাহিনীৰে ভৰপূৰ এক ৰঙীন জীৱন ;
কথাছবিৰ দৰে তেখেতৰ জীৱন কাহিনী ।
তেওঁৰ জীৱনটো হ'ল এখন কিতাপ ,
তেওঁৰ জীৱনে কৈ দিয়ে বহুত কথা ;
অধ্যয়ন কৰিলেই শিকা যায় বহুতো কথা।
এনে হেন মানুহজনক লিখোঁ কেনেকৈ ;
কবিতাৰ আদি অন্ত কৰো কেনেকৈ ;
কল্পনা কৰি পোৱা নাই তত ।
সেয়ে নোৱাৰিছোঁ লিখিব এটি কবিতা ;
মোৰ খুড়াক লৈ এটি কবিতা।
✍🏻মুন শৰ্মা
লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ