নিসংগতা-হৰ্ষবৰ্দ্ধন

ৰাতিৰ গান গাই জিলিটোও ভাগৰি পৰিছে, নিস্তব্ধতাই গ্ৰাস কৰিছে চৌদিশ।
শিলুৱা এন্ধাৰ এজাক উৰি আহিছিল ক'ৰবাৰ পৰা।
 এন্ধাৰ ৰুমটোত লেম এটা জ্বলাই তেওঁ ইফাল সিফাল কৰি ফুৰিছে ।
কোনো মুহুৰ্তত হাঁহিছে তাৰ পাছত কান্দিছে, শেষত যন্ত্ৰণাত চটফটাইছে।
বহু দিনৰ আগতে তেওঁ লিখিছিল, আজিকালি সকলো বাদ দিছে।
চিগাৰেটৰ ধোঁৱাত আকাশলৈ এৰি দিছে মনৰ ভাৱবোৰ হৃদয়ৰ শব্দবোৰ ।
অনুভৱৰ গুলপীয়া চহৰখনো হৈ পৰিছে আজিকালি মৰিশালি।
আজি বহুদিনৰ মূৰত লিখোঁ বুলি ডায়েৰীৰ পাত লুটিয়াইছে।
হঠাৎ চকু গ'ল কিছু ক্ষত - বিক্ষত হোৱা মদৰুৱা ৰঙৰ পুৰণি পৃষ্ঠা এটালৈ, এটা অপ্ৰকাশিত লেখা।
ক্ৰমে ক্ৰমে তেওঁ হেৰুৱাইছে নিজৰ পৰিচয়, কলমৰ শক্তি।
কোনো প্ৰিয়জনে নিলিখে কিয়? বুলি সুধিলে কয়, সময় নাই, একেবাৰে ব্যস্ত।
বাহিৰৰ পৃথিৱীখনলৈ আজিকালি ভয় লাগে তেওঁৰ, ভয় লাগে মানুহলৈ।
তেওঁ ভাবে দিনবোৰ ৰাতিবোৰতকৈ ভাল কিজানি!দিনৰ হাঁহি থকা মুখখনে ঢাকি থয় বিষাদৰ চকুপানীবোৰ।
ৰাতিবোৰ বৰ বেইমান, মুখাৰ আঁৰত থকা মুখবোৰ উলিয়াই দিয়ে ৰাতিয়ে।
হাঁহো বুলিলেও হাঁহিব নোৱাৰি ৰাতি, কাৰণ দুখবোৰ ৰাতিবোৰত উজাই আহে।
ইতিমধ্যে ৰাতিৰ অজুহাত আৰু দিনৰ মায়াৰ মাজত আৰম্ভ হৈছে এখন শীতল যুদ্ধ।
মানুহৰ হেৰুৱাসাৱত, নিজক হেৰুৱাৰ ভয়ে কোঙা কৰে তেওঁক ৰাতিবোৰত।
এনেদৰে কাকো নোকোৱা বহু কথাই বুকুত লৈ হৈ পৰে তেওঁ autophobiaৰ চিকাৰ।
হাঁহি থকা মানেই জানো সুখী হয়? বিষাদৰ নৈখন যদি বুকুৰ সোঁমাজত বয়!
হতাশাই জন্ম দিয়ে মনত এখন মৰুদ্যানৰ।
ভাল দিনৰ অপেক্ষাই তেওঁক তৃষ্ণাত আৰু কাতৰ কৰে।
হুইস্কিৰে ভৰা গিলাছটোত চুমা দি নিশা গভীৰত নিৰলে চুক এটাত দিনটোৰ হতাশা বুকুত সাবটি শুই পৰে ভাগৰুৱা "হৰ্ষ"।
লিখাবোৰত প্ৰায়েই কৈফিয়ৎ তাৰ, জীৱনটো মুম্বাইৰ চিনেমা হোৱা হ'লে ভাল আছিল, অন্ততঃ endingবোৰ সুন্দৰ হ'লহেঁতেন।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send