সপোন-আতোৱাৰ ৰহমান মণ্ডল

অসমীয়া সাহিত্যৰ চানেকি
0
 বহু আশাৰে মাক- দেউতাকৰ সপোন  পূৰণ কৰিবলৈ জোনাকে স্নাতক মহলাত নাম লগাইছিল। ধীৰ-স্থিৰ, শান্ত শিষ্ট জোনাকে পঢ়া-শুনাত ভাল কাৰণেই শিক্ষকে তেওঁক বৰ মৰম কৰিছিল। তেতিয়া তেওঁ পঢ়া শুনাৰ বাহিৰে আন একো ভাবিব পৰা নাছিল। লাহে লাহে সময় পাৰ হ'ল, বন্ধু বান্ধৱীৰ সংখ্যা বেছি হ'বলৈ ধৰিলে। হঠাৎ এদিন সহপাঠীৰ মাজতে ছায়া নামৰ  ছোৱালীৰ ওপৰত জোনাকৰ চকু পৰিল আৰু ইমান দিনে অৱচেতন মনত ভাহি থকা কাৰোবাক যেন বিচাৰি পালে । জোনাকে ভবা নাছিল সেই ভাল লগাটোৱে এদিন ভালপোৱাত পৰিণত হ'ব বুলি, যদিও প্ৰেম মানুহৰ চিৰন্তন অনুভূতি। ছায়াৰ কটাক্ষ চাৱনিত জোনাকে নিজকে পাহৰি গ'ল। অৱশেষত যান্ত্ৰিকতাৰ কবলত পৰি জোনাকৰ পোহৰ নুমাই গ'ল আৰু ছায়াও আন্ধাৰত বিলীন হৈ গ'ল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)