মৌন হৃদয়,
বিপন্ন সময়,
স্বাৰ্থপৰতাৰ কৰাল গ্ৰাসত,
আপোন জনো হয় পৰ?
ক্ষত-বিক্ষত আঘাতত
হৃদয় হয় ৰক্তৰ নদী।
বৈ যায় প্ৰেমক ধুৱাই
অমানুহ সৃষ্টিৰ বাটত...!
দূৰসীমনাত অস্তাচলত
সূৰ্য্যৰ বিদায় ক্ষণ..,
উদাসী প্ৰাণৰ আকুল পৰাণ
কাষতে থকা জনো
হয় যে পৰ;
জীৱন এক নাট ঘৰ,
অভিনেতা প্ৰতিজন ক্ষণিকৰ বাবে,
পৰিতৃপ্তি চৰিতাৰ্থ কৰাৰ
তাগিদাত
নে প্ৰাপ্য আদায়ৰ প্ৰতিক্ষাত!
খোৱা কামোৰা কৰি,
নপৰে ভাগৰি।
লালসা, ক্ষমতাৰ
আঁকি লোৱা হাঁহিটোৰে
পোহৰ বিলোৱাৰ
ব্যৰ্থ চেষ্টা..!
নিৰ্জনতাৰ কোলাহলত আজি
এই বিপন্ন সময়..!
মৌন হৃদয়খন সাবটি
বাজি ৰয় কৰুণ আৰাও,
নিশব্দতা ভেদি...।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ