আবেলি পৰত - বিকাশ টাইদ

Aditi Tanti
0
আবেলি পৰত আহিবা নেকি তুমি মোৰ মিলনভূমিলৈ ?
মই আছুতীয়াকৈ ৰাখিছোঁ তুমি আহিবা বুলি বুকুত সযতনে মৰমবোৰ ।
তুমি আহিবা বুলি মোৰ হৃদয়ৰ একোণত 
তুমি বুজা নুবুজা বহু কথা এবাৰ তোমাক বুজাবলৈ ।
সেয়েহে আহিবা তুমি মোৰ মিলনভূমিলৈ ।
মই বহু আশাৰে বাট চাই ৰ'ম , তুমি আহিবা বুলি দুয়োৰে সেই মিলনভূমিত ।
তোমাৰ প্ৰতি থকা মোৰ সেই অবুজ মৰম এবাৰ তোমাক বুজাবলৈ ।
তাহানিতে দুয়োৰে পানৈ জংকী হৈ পৰা সেই স্মৃতিবোৰ নদী পাৰত আকৌ চিৰযুগমীয়া কৰি ৰাখিবলৈ ।
নহ'লে যে তোমাৰ আৰু মোৰ সেই স্মৃতিবোৰে বিষাদৰ ঘৰ সাজিব 
তুমি মই দেখা-নেদেখা নিজম সমভূমিত ।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)