জোকাৰি যায় পিতাইৰ চোতালত
দেও দি ফুলি ৰোৱা শেৱালিকেইপাহি
আলফুলে!
শূন্যতাৰ হিচাপত গধূৰ দুচকুত
সেউজীয়াবোৰ হেৰাই যায় ক্ৰমশঃ...
অস্থিৰ উশাহ এটিৰ টানত
বুকুখনি শিল হৈ পৰে–
বতাহে বতাহে বিয়পি পৰে
মৰহা শেৱালিৰ এটি সুৱাস,
যন্ত্ৰণাদগ্ধ কলিজাটো মোচৰ খাই উঠে
সোঁৱৰণীৰ জীয়া চিৎকাৰত!...
নিৰৱতাই চিঞৰে–
কিয় বজাৱ তই এই কৰুণ সুৰ?
কিয় বাৰে বাৰে জোকাৰি যাৱ
এই বাউলী মন?
প্ৰিয় শেতেলীত সাৰ পায়
মোৰ নষ্ট ঈশ্বৰ–
জীয়া স্বপ্নৰ আকুলতাত বিগলিত এই মন
এতিয়া তোৰ হয়।
বুকুৰ নদীত এতিয়া ঢৌ হৈ জিৰাৱ তই―
সময়ৰ আঁচোৰত আহিনৰঙী নিশ্বাস এটি
ফুলি উঠে দুচকুৰ দাপোণত,
খিৰিকীৰ সিপাৰে আকৌ সৰে
শেৱালিফুলা নিশাৰ এটি সাধু,অজানিতে!
✍️মনশ্ৰী হাজৰিকা
বিহপুৰীয়া।