আকাশখন ৰাঙলী কৰি পশ্চিমত ডুব গৈছিল বেলিটো
আজিও সেই একেই আছে আকাশখন
সলনি হোৱা নাই বেলিটো ।
কিন্তু সলনি হৈছে আমাৰ মানসিকতা
সম্বন্ধৰ মধুৰতা হেৰাই গৈছে আত্মকেন্দ্ৰিকতাৰ বেহুত
মানুহক মানুহ জ্ঞান কৰিবলৈ পাহৰি গৈছোঁ
আনৰ ভাল চিন্তাৰ বাবে
সময়ে নাই
তথাপি উপহাস কৰিবলৈ নেৰোঁ ।
আত্মসত্তাক মোহাৰি নিছে যান্ত্ৰিকতাৰ পৰিধিয়ে
বিবেক বন্দী আজি স্বাৰ্থৰ কাৰাগাৰত
সম্পৰ্কবোৰ আজি তেজতেই সীমাবদ্ধ
আনবোৰ কেৱল স্বাৰ্থসিদ্ধিৰ মাধ্যম
সম্পৰ্কৰ নামত ।
জীৱন বৈ গৈছে সময়ৰ সোঁতত
বৈয়ে যায় ,বৈয়ে যায় ,মৃত্যুৰ দিশে লৈয়ে যায়
শেষ মুহূৰ্তত হয়তো অনুভৱ কৰোঁ
নিৰূপণ কৰোঁ মানৱ জীৱনৰ উদ্দেশ্যৰ সাৰ্থকতা
আৰু তাত মাথোঁ বিচাৰি পাওঁ
কেৱল স্বাৰ্থ পূৰণৰ
এখন অদৰকাৰী খাটা ।
✍️স্বাগতম বৰা,
ঢকুৱাখনা।