পিছে কবিতা পঢ়ি ভাল পাওঁ ,
মোৰ ছন্দহীন কবিতাৰ শব্দবোৰ
জোনাকৰ ছাঁ নপৰা
এখিলা ৰংহীন উকা
উৱলি যোৱা কলাজৰ দৰে ।
মোৰ কবিতাই পঢ়িব খোজে
আপোনজনক আলফুলে ।
হৃদয়ৰ ভাষাবোৰ অন্তঃকৰণেৰে পঢ়ি
বুকুৰ সেউজীয়া পৃষ্ঠাবোৰ
সযতনে ৰাখে সাঁচি ।
মোৰ নিৰস কবিতাৰ শব্দবোৰ
যেন আত্মাৰ ভগা খিৰিকীৰ কাঁচত
ওলমি থকা দুখিলা হালধীয়া সৰাপাত
আৰু এক বিবৰ্ণ সপোনৰ
অসম্পূৰ্ণ হৈ ৰোৱা এটি কলাজ।
মোৰ কবিতাৰ শব্দবোৰে
মোৰ তেজৰ দীঘে-বাণিয়ে
সজাই ভাল পোৱাৰ
এখনি ৰঙীন দলিচা ।
য'ত আছে ক'ত যুগৰ
অকলে নীৰৱে কঢ়িওৱা
এক প্ৰাচীন সূতলাহী বিহুৱান ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ