"সাতঘাটৰ চেঙেলি,বাৰশালৰ বটিয়াটো এইটো। অদ'ডহে ব'ডহে ঘূৰি ফুৰে। বাহিৰে বৰচুৰীয়াৰ ফেৰ, ভিতৰি ঢকুৱা বেৰ, কামত ফাং, ফুং। মাত মিঠা, পেট তিতা।"অল্প গালি মা'ই এইচাত কম জাৰিছে নে? কাক? গোৱালগালি দেখোন। মাৰ গালিটো অলপ ফালৰি কাটিব ধৰে। আমি মুখটিপি হাঁহো।মই আকৌ শব্দ কিছুমানৰ সন্ধানত থাকোঁ। তথাপি হাঁহিত যোগদান কৰোঁ। মই খীনকায়ে হাঁহিলে স্বাস্থ্যৰ বাবে ভাল কথাটো আহি পৰেহি নহয়-
হি--হি-হু-হু...
"গোটেই গাহৰিৰ পাল উলিয়াই দিব। কুকুৰাবোৰ সজাৰ পৰা মেলি দিব। গাহৰিবোৰ মুকলি কৰি দিব। জেওৰা,ভেটাইদি সৰকিব নোৱাৰা মোখা গাহৰিৰো আছে। ৰাস্তা,বাৰী,ভেটি খান্দিব। গাহৰিৰ মুখবোৰ বৰ চোকা। মই ডিয়ুৰ পৰা ঘৰলৈ আহিলে এনে গালি খিনি শুনি থাকোঁ। কিন্তু যিমানেই যি নহওঁক সকলো মানুহ মিলি-জুলি থাকিব লাগে। ইজনে সিজনক সহায় কৰিব লাগে। বিপদে-আপদে মাতষাৰ দিব লাগে। কিবা এটা লাগিলে ভাগিলে হ'ল আৰু। মানুহৰ জীৱন কচুপাতৰ পানী--
"অ জীৱন কচুপাতৰ পানী বুলি কয়, অ, জীৱন জানানে কালৈকো নৰয়... "
সেইখিনি কথা আৰু হোষ্টেলৰ চিনিয়ৰ নাইবা চুপাৰ-টুপাৰ চিনিয়ৰসকলে দিয়া এডভাইছৰ মাজত কিবা এটা মিল পাইছোঁ। সেয়েহে সকলো সহপাঠী আৰু দাদাহঁতৰ সৈতে আত্মীয়তা বাঢ়ি গৈছে। জন্মদিন বোলা দিশটো ইয়াতহে ভালকৈ বুজিছোঁ। ইয়ালৈ নহা হ'লে এটা অধ্যায় চিৰদিন অন্ধকাৰ হৈ থাকিলহেঁতেন। ইজনে সিজনক
বিনা স্বাৰ্থত ইমান সহায় কৰে। বিভিন্ন পৰিয়ালৰ পৰা অহা এই মানুহখিনি আৰু গাঁৱৰ চহা লোকসকলৰ অন্তৰৰ মাজতো কিবা এটা মিল পাইছোঁ।
(২)
দুবছৰ, চাৰিবছৰ মাষ্টাৰডিগ্ৰী কৰিবলৈ আহে। কিছুৱে বি.এড, এম. এড, এম. ফিল, পিএইচডি ও কৰি আজৰি হৈ লয়। কিছুৱে মাষ্টাৰডিগ্ৰী কৰিয়েই চাকৰি পায়। কাৰণ একাডেমীকৰ ফালে উন্নত। কিছুমানে নাপায়। বহু সপোন লৈ আহে। এনে বহু সপোন পূৰঠ হয়। বহু ল'ৰা-ছোৱালী আহে, যায় বিশ্ববিদ্যালয়লৈ। দুই এদিনকৈ চিনিয়ৰবোৰে কৈ থকা কথাখিনি খাপে খাপে খাই গৈছে। এদিনাখনৰ কথা, চিনিয়ৰ হৰি দাদাৰ জন্মদিন। সকলো জুনিয়ৰ, চিনিয়ৰে উইচ কৰিবলৈ আহিলোঁ। প্ৰথমে চিনিয়ৰ সকলে উইচ কৰি গ'ল। তাৰ পিছত আমি কৰিছোঁ। হোষ্টেলত ডিফাৰেন্ট টাইপত হোৱা বাৰ্থডে চেলিব্ৰচনবোৰ পিচলৈ কম। সেইদিনাৰ বাৰ্থদেটো কৈ লওঁ। মোৰ আতৈ টোৱে সন্তপৰ্ণে শুনি গৈছে।
শুনা, শুনা, ফোনটো পিচত টিপাটিপি কৰিবা,,
কৈ যোৱা, শুনিছো,শুনিছোঁ,আমিটো সেইবোৰ নেপালোঁৱেই...
দাদাৰ কোঠা লৈ আমি কেইটা সোমাই গৈছোঁ। হৰি দাদাই মোক বহুত মৰম কৰে। কিয় মই নাজানো। মইয়ো সকলো দাদাৰ দৰে হৰিদাদাকো ভালপাওঁ, সন্মান কৰোঁ, সমীহ কৰি চলোঁ।
"হেপ্পী বাৰ্থদে দাদা,
হেপ্পী বাৰ্থদে দাদা,
হেপ্পী বাৰ্থদে দাদা... "
"থেংকিউ, থেংকিউ"
অতমেটিক হাততালি মাৰিলোঁ। হৰি দাদাই সকলোকে হাগ কৰিলে। আন্তৰিতা। বৰ ধুনীয়া আন্তৰিকতা। সচাঁই ভাল লাগে মৰম, আন্তৰিকতা লৈ জীয়াই থাকিবলৈ, সুখী হৈ থাকিবলৈ আৰু কি লাগে। দাদালৰাজ কৰি অট্টালিকা সাজিবলৈ? সাধাৰণ জনগণৰ তেজটোপা শুহি খাবলৈ? নিজৰ ভাষা, সাহিত্য,কৃষ্টি সংস্কৃতিক এঘৰীয়া কৰি আনৰ কৃষ্টি সংস্কৃতিক আকোঁৱালি ল'বলৈ? কিন্তু চাবা দেই বন্ধু, ঘূৰি ঘূৰি গেন্ধেলীতে হাত পৰে আকৌ।
কাহিনীটো আগবঢ়োৱা।
ঠিক আছে।
তাৰ পিচত সকলোৱে এটাকৈ কলম দিছে। মোৰ চিন্তা সুকীয়া। মই কাগজ এখনত কেইটিমান শব্দ বন্দী কৰিলোঁ। হয়টো দাদাৰ দৃষ্টিত কবিতা হ'ব। মোৰ চিন্তা শব্দৰ সৰু মালা এডাল। কাগজখন নাওঁ বনাই দিলোঁ। আৰু বঠাৰ কাম শিলিখা গুটিয়ে কৰিছে। শুকান শিলিখা। সকলো আচৰিত।
" আনবিলিভেবুল
ইটচ এমেজিং
হিচ থটছ ইছ টুটেলী ডিফাৰেন্ট
থেংকিউ ৰাজেন"
"ওৱেলকাম দাদা"
ভাল লাগিল। ইংৰাজী শব্দকেইটাৰে মোৰ শলাগ লৈছে। অৱশ্যে সেই শলাগৰ যোগ্য নহওঁ।
ভাল লাগিল। যিসময়ত পৃথিৱীত ডাঙৰ ডাঙৰ উপহাৰ দিয়ে। এৰোপ্লেনো উপহাৰ দিয়া দেখিছোঁ। কাপোৰ, কিতাপ, ঘড়ী বা অন্যান্য। "তুমি নিজে লিখি কাগজত,তাতে নাওঁখন বনালা, লগী বা বঠা কৰিলা শিলিখাক। সচাঁই বৰ ধুনীয়া চিন্তা। ক'ৰ পৰা আহে এই চিন্তা। ইয়াত কোৱাচোন কবিতা, কাগজ, লগী বা বঠা (শিলিখা) ই কি কি বুজাব বিচৰা হৈছে।
ধুনীয়া প্ৰশ্ন-
শুনা তেনেহ'লে-
অ,
কৈ যোৱা
কবিতা হৈছে অন্তৰৰ অনুভূতি, অনুভৱ প্ৰকাশ কৰিবলৈ দিলোঁ। মানে কবিতা এটা লিখিবলৈ বহু অধ্যয়ন, সাধনা, অভিজ্ঞতা দৰকাৰ। ল'ৰা-ছোৱালীক জন্ম দি পোহপাল কৰি ডাঙৰ কৰাৰ যি এক বৃহৎ পৰিক্ৰমা কবিতাও একে।
কাগজ-কলমত মানুহে মনৰ ভাবখিনি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰিছোঁ। গানটো শুনা নাই জানো--
"অ' নীলা নীলা আখৰে, মাজনী বগা কৈ কাগজতে
অ ৰাতি বাৰ বজাতে, অ' মাজনী
চিঠি লিখো তোমালে...
অ শুনিছোঁ।
তাৰ পিছত
লগী বা বঠাই
বঠা নহ'লে নাওঁ চলিব কেনেকৈ। অসম্ভৱ। সেয়েহে বঠাইহে জানে পানীৰ গভীৰতা কিমান। লগী লাগিবই। লাগনী নহ'লে জুই নজ্বলে টুটকীয়া নহ'লে গাঁও নবহে । নহয় নে?
অ, হয়। তাতে শিলিখা গছ ব্যৱহাৰ কৰিলোঁ। ই ঔষধি গছ। আমি সকলোৱে শিলিখা খাই পানী খালে মিঠা মিঠা পাওঁ।
কেঁহা শিলিখা খালে হ'বই
এই যে শিলিখাৰ কথা ক'লো আৰু এটা কথা বোপাই ককাহঁতে কয়-
কি কয়
যি খায় তিনি শিলিখা, তাৰ ৰোগ পিলিকা পিলিকা
অ, ডাঙৰ কথা জানিলোঁ।
ভাল লাগিল আতৈ
আগবাঢ়ি যোৱা। আমি একো দিব পৰা নাই মাত্ৰ মাতষাৰ। ভগৱানক চিন্তা কৰোঁ। ভাল হওঁক।
আতৈৰ কথাকেইটাই মনটো বৰ ধুনীয়া কৰি পেলালে। বিচনাত শুই শুই ভাবি ভাগৰি পৰিলোঁ...
(৩)
এজন এজন কৈ কোঠালৈ আহিলোঁ। নিজৰ কোঠাতহে বুকুখন ডাঠ হয়, মনটো পাতল লাগে। নহ'লে ভয় ভীত এটাই দিনে ৰাতিয়ে লগ নেৰে। অৱশ্যে চিনিয়ৰ হ'লে তাৰ বিপৰীত। কাৰণ লাহে লাহে সেই সময় শেষ হয়। নতুন নতুন পৰিচয় হয়, প্লেচমেন্ট হয়। লগৰবোৰক চিনি নোপোৱাও হয়। সকলোৰে নহয়। এনে হ'লে ভাল নহয়। এনে কৰি ভাল পায় নাপায় কৰি ভালপোৱা সকলৰ বাবেহে। মানুহ সলনি হয়। পাহৰা স্বভাৱ আজিৰ নহয় বহু যুগৰ।
" ৰাজেন্দ্ৰ, বাৰ্থদে লিষ্টখন যিজনৰ হৈ যায়। টিকমাৰ্ক পৰি যায়। জুনিয়ৰ চিনিয়ৰ কথা নাই। পাৰ্টি এটা হয়। চাহ, পায়স, কেক, মাংস-মাছ ভাতৰ আয়োজন। মই অবিনাশৰ কথাবোৰ শুনি গৈছোঁ। সি ৰাজনীতি বিভাগৰ ছাত্র। উচ্চতা হিচাপৰ, অলপ খিংখিঙীয়া মুখত হে পেটত নহয়। হোষ্টেলত S-(Smart)
অ, অ, সেইটো কথা। ভাল লাগিব। ফূৰ্টি কৰিব লাগিব। অন্তত তাল, নাল জোৰা দি গান গাই কঁকালটো ভাঙিব পাৰিম। "
খেল-ধেমালি, ব্যায়াম ইত্যাদি কৰি থাকিব পাৰিব। খেলৰ দিশত বিশেষ নীতি নিৰ্দেশনাৰে প্ৰতিযোগিতা মুখী লৈ যাব লাগিব। ব্যায়াম কৰি থাকিব পাৰি শৰীৰটোক ভালে ৰাখিবলৈ। বহুতে ইউনিভাৰ্ছিটিতে খেলেহি,গান গায়হি। কোনোদিন খেলি পোৱা নাই, গাই পোৱা নাই এনে ষ্টুডেন্টেও গাইছে, খেলিছে।ডেপ্টৰ কাৰণে, হোষ্টেলৰ কাৰণে, ইউনিভাৰ্ছিটিৰ কাৰণে ইত্যাদি। ইয়ালৈ আহি মই চেন্টি কি বুজিব পাৰিলোঁ। এই শব্দই বহু দিশ সামৰে। ডিচটিক চেন্টি, ডিপার্টমেন্ট চেন্টি, হোষ্টেল চেন্টি, ফ'ৰ চেন্টি ইত্যাদি। এই চেন্টিৰ দিশটো ডিয়ুত চকুৰে দেখা সৰু সৰু ঘটনাৰ যোগেদি পাঠকৰ মাজলৈ নিয়া হ'ব।
(৪)
দেবাশিষ দাদা। মাছকমিউনিকেচনৰ। আমাৰ পিএনজিবিচিএনৰ চি বল্কৰ চি তপৰ এফ এছ(ফ্লৌৰ চেকেট্ৰেৰী)। জীৱনৰ ,কেৰিয়াৰৰ লগতে ফ্লৌৰৰ প্ৰতি তেওঁৰ দায়িত্ব সৰহ। প্রথম ফ্লৌৰত আগৰ পৰা আয়োজিত বিভিন্ন অনুষ্ঠানৰ লিড ল'ব।সহকাৰী মজিয়া সম্পাদকো থাকিব। আৰু আটাইখিনিৰ সহযোগিতা আৱশ্যক।
বোলে -
"ৰাইজে নখ জোকাৰিলে নৈ বয়"।
মই লাহে লাহে দাদাহঁতৰ পৰিচয়ৰ সৈতে চিনাকি হৈছে। যোৰহাটৰ গন্ধিয়া গাঁৱত দেবাশিস দাদাৰ ঘৰ। দহোজনীৰ চকুত লগা কৈ বগা।স্মাৰ্ট দাদা।চুলি নিদিষ্ট জোখত ৰাখে অলপ খীণকায়। দাদাজনৰ এটা লেবেল আছে মানে ইগ। সেইটো থাকিব লাগে। সকলো মানুহৰ। ভালৰ কাৰণেই এই ইগ।
" ৰাজেন দাস। ঘৰ যোৰহাট জিলাৰ বেলগুৰিত। মই পঢ়া কলেজখনহে গোলাঘাট জিলাস্থিত। নাম -দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়। বিভাগ অসমীয়া।"
"আটচা,ইনট্ৰডাকচন হৈ গ'ল। তাৰ পিচত তই ক,কি কি কৰি ভাল পাৱ?
" কিতাপ পঢ়ি, গান শুনি, খেল চাই, শব্দৰ মালা গাঁথি"
অ 'ঠিক আছে।
ফ্লৌৰৰ ৱাল মেগাজিনৰ কামত দৰকাৰ হ'ব। এই কাম সম্পাদনা কৰি পোৱা নাই। কিন্তু ইয়াত পোৱা এনাৰ জী সুকীয়া। য়ে টাকট,অচলী টাকট। এনে ভাব দাদাহঁতৰ পৰাই সোমাইছে। ৱাল মেগাজিনৰ সম্পাদকৰ কাম কৰিব পাৰিব। সকলোৱে ৱাল মেগাজিনৰ কম্পিটিচন (ইন্টাৰফ্লৌৰ ৱাল মেগাজিন) ৰ বাবে, হোষ্টেলৰ পৰম্পৰাৰ ৰখাৰ বাবে ইত্যাদি। ই ভাগে ইন্টাৰডিপাৰ্টমেন্টৰ বাবেও ৱাল মেগাজিন, হাতে লিখা মেগাজিন ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে। বহুত মজা আছে। শিকিব পাৰি। বহু স্মৃতি বুকুত বান্ধি টোপোলা টোপোলাকৈ লৈ যাব পাৰি।
ক্ৰমশঃ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ