শিক্ষক দিৱস'ৰ তাৎপৰ্য্য আৰু সাম্প্ৰতিক প্ৰেক্ষাপটত কৰণীয়-প্ৰিয়ংকা চমুৱা

পংখী মৰাণ
0
শিক্ষক দিৱস'ৰ এই পৱিত্ৰ দিনটো আমাৰ বাবে সদায় গুৰুত্বপূৰ্ণ । ১৯৬৬ চনৰ ৫ ছেপ্টেম্বৰ দিনটোৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি , মহান আদৰ্শবান শিক্ষক , বিদগ্ধ পণ্ডিত , দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ইচ্ছা অনুসৰিয়েই তেখেতেৰ জন্মদিনটো 'শিক্ষক দিৱস' হিচাপে দেশজুৰি উদযাপিত হৈ আহিছে । 'শিক্ষক দিৱস'ৰ গভীৰ তাৎপৰ্য্য আছে । এই দিৱসতে শিক্ষক সমাজক সন্মান জনোৱা হয় । শিক্ষকৰ দায়িত্ব অসীম আৰু দায়িত্ব মহান । জুইশালত গঢ়ি কমাৰশালত গঢ় দিয়াৰ দৰে , খনিকৰে মাটিৰে প্ৰতিমা গঢ় দিয়াৰ দৰে শিক্ষকেও জ্ঞান আৰু প্ৰজ্ঞাৰে শিক্ষাৰ্থীক গঢ় দিয়ে । শিক্ষাই প্ৰকৃতাৰ্থত মানুহক উপযুক্ত মানুহ ৰূপত  গঢ় দিব লাগে । যি শিক্ষাই মানুহক সকলোবোৰ সুকুমাৰ প্ৰবৃত্তিৰ সমন্বয় ঘটাই উন্নতি আৰু বিকাশ সাধন কৰিব পাৰে , সেয়েই প্ৰকৃত শিক্ষা ।
“শিক্ষাগুৰু সকল জ্বলি থকা মমৰ দৰে
যিয়ে উত্তৰ পুৰুষৰ বাট পোহৰাই তুলিবলৈ
নিজকে বিলীন কৰি দিয়ে।”
শিক্ষকতাৰ বৃত্তিক আমি এক মহান বৃত্তি বুলি অভিহিত কৰোঁ । এই কথাষাৰৰ সফল ছবি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শনত দেখিবলৈ পোৱা যায় । আমি ৫ ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো 'শিক্ষক দিৱস' হিচাপে পালন কৰাৰ মূল তাৎপৰ্য্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত যি পৱিত্ৰ সম্পৰ্ক , তাক ফুটাই তোলাৰ লগতে শিক্ষকসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰা । শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠদান বা পাঠ গ্ৰহণৰ পৰা সফলতা আশা কৰিব পৰা নাযায় । সমাজ গঢ়োতা বা ভৱিষ্যৎ স্ৰষ্টা হিচাপে গুৰুসকলে তাহানিৰ পৰাই অৱদান আগবঢ়াই আহিছে । সেইবাবে শিক্ষাগুৰুসকল যুগে যুগে বন্দনাৰ তুল্য আৰু আদৰণীয় ।
"গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু
গুৰু চৰাচৰ জগতৰ ঈশ্বৰ"
শিক্ষা জীৱনৰ গুৰু হৈছে শিক্ষক সকল । মই মোৰ ছাত্ৰ জীৱনত পোৱা প্ৰতি গৰাকী শিক্ষাগুৰুলৈ এই ছেগতে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ । সেই শিক্ষাগুৰু সকলে শিক্ষাদানৰ লগতে আমাক পূৰ্ণাংগ ৰূপত গঢ় দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল । আমাৰ উৰুলিপুঙা মানসিকতাক সুশৃংখল আৰু পৰিপূৰ্ণ কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈছিল । তেখেতসকলৰ দৰে দয়াবান আৰু মহান ব্যক্তিত্বৰ বাবেই আজিৰ সময়তো শিক্ষকতা বৃত্তিৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা সদায়ে আছে । হয়তো বয়সৰ লগে লগে কিছু সংখ্যক শিক্ষা গুৰুৱে আমাৰ কথা অলপ পাহৰিছে , কিন্তু ক'ৰবাত লগ পালেই নামটো কলে তেওঁলোকৰ উজলি উঠা মুখখনে আজিও আপ্লুত কৰে ।
অৱশ্যে শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্য অসমৰ  শৈক্ষিক বাতাবৰণ আজি উন্নতি নহৈ যেন অধিক শোচনীয় হৈ পৰিছে । সাম্প্ৰতিক সময়ত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষানুষ্ঠান সমূহ সুনিপুণ নীতিৰ অভাৱত অধোগামী হৈছে । ইয়াৰোপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত উপযুক্ত অনুশাসন বৰ্তি নথকাৰ বাবে সঠিক বাতাবৰণৰ অভাৱ ঘটিছে । মহাবিদ্যালয় সমূহত শিক্ষক সকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থাৰে পাঞ্চিং মেচিনৰ ব্যৱস্থা ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । এইবোৰে শিক্ষা ব্যৱস্থাৰ অসুস্থ অৱস্থাৰো উমান দিয়ে । বিশ্ববিদ্যালয় সমূহতো ঠিকাভিত্তিক শিক্ষকৰ অনিয়মীয়া নিযুক্তিয়ে ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় স্তৰৰ পঢ়া-শুনা , গৱেষণা আদিৰ পৰিৱেশ কিমান উন্নত কৰিছে সেয়াও বিচাৰ্য্য বিষয় । বহুসময়ত ৰাজনৈতিক হেঁচা , পৰিৱৰ্তনশীল শৈক্ষিক নীতিক লৈ হেতা-ওপৰা , গৱেষণা আদিৰ নামত অনিশ্চয়তাৰ  খবৰে শিক্ষক আৰু শিক্ষাক লৈ অধিক প্ৰশ্নৰো সূচনা  কৰিছে । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জ্ঞানদায়িনী ভাৰতবৰ্ষৰ সপোন যেন ক'ৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে । সেইবাবে 'শিক্ষক দিৱস'ত এই বিষয়বোৰৰ বিশ্লেষণ তথা অনুধাৱনো সমাজৰ বাবে নিশ্চয়কৈ কৰণীয় হৈ পৰিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)