অণুগল্পঃ সেই সময় এই সময়-অংশুমান ভূঞা

সৌ সিদিনালৈকে মাকগৰাকীয়ে নামে-সবাহে গ'লেও খাবলৈ দিয়া মিঠাইটো-লাৰুটোৰ অকণ পুতেকলৈ বুলি চাদৰৰ আঁ‌চলত বান্ধি আনিছিল।তাৰো সেইকণলৈ ৰৈ থকাটো এটা স্বভাৱেই হৈ পৰিছিল।

      এতিয়া পুতেকে বজাৰ কৰি আনি চোতালৰপৰাই 'মা' 'মা'কৈ চিঞৰে।কিন্তু,বোৱাৰীয়ে উধাতু খাই আহি আগতেই মোনাখন হাত পাতি লয়।শাহুৱেকে দেখিলে খাই শেষ কৰি পেলাব।

      পুতেক নিমাতে ৰয়।মাকে মৰম মেৰিয়াই অনা চাদৰৰ আঁ‌চলেৰে আঁ‌ৰত চকুলো মচে।

অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০

Post a Comment

Previous Post Next Post