নাৰী তোমাক প্ৰণাম ---- (৬)হিমাংশু বৰা

 "যুগে যুগে বৈ আহে প্ৰেমৰ নিজৰা,

 তাতে বৈ আহে মিলনৰ এটি তিতা-মিঠা মধুৰ সম্পৰ্ক।।"

              দিনে-দিনে ৰক্তিম আৰু মানসীৰ এটাৰ আনটোৰ প্ৰতি প্ৰেম, ভালপোৱা, আৱেগ, অভিমান আদি বাঢ়িবলৈ ধৰিলে। অভিমান কৰি এটাই আনটোক মাতবোল নকৰা, হোৱাটচ আপত ব্লক কৰা, আকৌ ছৰী কৈ কৈ এটাই আনটোৰ অভিমান ভঙা এইবোৰ সিহঁতৰ প্ৰেমৰ এটি মধুৰ অংগ হৈ পৰিল। আজিকালি দিনক দিনে মানসীৰ ফুল, পখিলা, কবিতা আদিবোৰ আগতকৈ বেছি ভাল লাগিবলৈ ধৰিছে। এনেই পৰি থকা সাধাৰণ বস্তু এটাতো তাই বুজি পায় শিল্পীৰ মনৰ কথা। বৰষুণ বুলিলেই সাতজাপ মৰা ছোৱালীজনীয়ে আজিকালি বৰষুণ বুলি ক'লে একপ্ৰকাৰ পাগলেই হৈ পৰিল। প্ৰেম হয়তো এনেকুৱাই। প্ৰতিটো সাধাৰণ বস্তুকে অসাধাৰণ কৰি তোলে। প্ৰতিটো বস্তুকে প্ৰদান কৰে এটি সুকীয়া বৈশিষ্ট্য, এটি সুকীয়া মাদকতা, দেখোতাক আকৰ্ষিত কৰে তাৰফালে। চাবলৈ গ'লে কথাটো একেবাৰে নোহোৱাও নহয়, এই পৃথিৱীত থকা প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুৰে নিৰ্দিষ্ট এক মান আছে, আছে এক মাদকতা, যি মাদকতাক আমি কেতিয়াও অনুভৱেই নকৰোঁ। কৰো যদি কেৱল বস্তুটোৰ সুবিধা, অসুবিধা, গুণ, গৰিমাৰ আলোচনা - সমালোচনা। 

               প্ৰেম, ভালপোৱা, খং, অভিমান, আদি বঢ়াৰ লগে লগে দিনবোৰো বাগৰিবলৈ ধৰিলে। ধৰণীৰ বুকুত বিলীন হৈ যোৱাৰ কেইমাহমানৰ পাছতেই মানসীয়ে বি.এ. পাছ কৰিলে। লাহে লাহে তাইৰ ৰক্তিমক লৈ সপোনবোৰ বাঢ়িবলৈ ধৰিলে। তাই সপোন দেখিলে ৰক্তিম আৰু তাইৰ এখন সুখেৰে নদন-বদন সংসাৰ, য'ত থাকিব সিহঁতৰ প্ৰেম, ভালপোৱা, মৰম, বিশ্বাস আৰু অলপমান অভিমান। আৰু কথাবোৰ ভাবি ভাবি এদিন তাই মৰসাহ গোটাই ঘৰৰ মানুহৰ আগত ৰক্তিমৰ কথা ক'লে। কিমাননো আৰু তাই লুকুৱাই ৰাখিব ঘৰৰ মানুহৰ পৰা সিহঁতৰ সম্পৰ্কৰ কথা। এদিন নহয় এদিনটো সকলোৱে গম পাবই সিহঁতৰ সম্পৰ্কৰ কথা। তাতকৈ তাই নিজেই সকলোবোৰ সঁচা কথা কৈ দিয়াত আপত্তি কিহৰ? প্ৰেমহে কৰিছে সিহঁতে অপৰাধ কৰা নাই নহয় কিবা।

              কিন্তু তাই যে সিহঁতৰ ঘৰৰ মানুহৰ আগত তাই আৰু ৰক্তিমৰ সম্পৰ্কৰ কথা কৈছে সেই কথা ৰক্তিমকো কোৱা নাই। তাই ভাবিছিল যে তাইক যিহেতু মাক-দেউতাকে ইমান মৰম আৰু বিশ্বাস কৰে, গতিকে তাইৰ পছন্দক তেওঁলোকে অপছন্দ কৰাৰ কথাই নাই। তাতে ৰক্তিমো ইমান ভাল ল'ৰা, ইমান ভাল চাকৰি কৰে না কৰাৰটো কোনো কাৰণেই নাই। তাৰোপৰি সিহঁতৰ পৰিয়ালৰ অৱস্থাপাতিও ভাল, গতিকে অমান্তি হোৱাৰটো এটাও কাৰণ নাই। কিন্তু কথাতে কয় নহয় বোলে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। মানসীৰো ভবা মতে একোৱেই নহ'ল।

            তাইৰ কথাটো শুনাৰ লগে লগে বাপেক গৰ্জি উঠিল ----- 

: এইটো দিন চাবলৈকে ইমান কষ্টেৰে তোক ইমানদিনে তুলি- তালি, ডাঙৰ-দীঘল কৰিলোঁ।

: দেউতা, তুমি মোক ভুল বুজিছা।

: একো ভুল বুজা নাই মই। কাণপাতি শুনি ল' তই, পৰহিলৈ তোক চাবলৈ লক্ষীমপুৰৰ পৰা এঘৰ মানুহ আহিব, গতিকে এই প্ৰেমৰ ভূত আজিয়েই মূৰৰ পৰা বাহিৰ কৰ। নহ'লে মই বাহিৰ কৰিব লাগিলে কথা বেয়া হ'ব। তই তাতেই বিয়া হ'ব লাগিব, য'ত আমি তোক বিয়া দিম। বুজিলি।

          দেউতাকৰ কথা শুনি মানসীৰ মূৰত যেন গোটেই আকাশখন ভাঙি পৰিল। উহ্ কি যে বেদনা! এফালে যদি তাইক জন্ম দিয়া দেৱতাতুল‍্য পিতৃ- মাতৃ, তেনেহ'লে আনফালে তাইৰ হৃদয় খন। এতিয়া তাই কাক এৰিব আৰু কাক ধৰিব। উফ্ কৃষ্ণ কি যে বিড়ম্বনা! কিন্তু তাই কেতিয়াও ৰক্তিমক হেৰুৱাব নোখোজে। যিকোনো মূল্যৰ বিনিময়ত তাই তাৰ লগত থাকিব খোজে। তাৰবাবে লাগিলে তাই নিজৰ মাক- বাপেককে ত‍্যাগ কৰিব কিন্তু তথাপিও তাই ৰক্তিমক ত‍্যাগ নকৰে। বুকুখনত এটা ডাঙৰ বেদনাৰ উল্কাপিণ্ড বান্ধি তাই বাপেকক ক'লে -----

: দেউতা, মই যদি বিয়া হওঁ তেন্তে ৰক্তিমৰ লগতহে হ'ম। আনকাৰোৰে লগত নহওঁ ।

: ঠিকে আছে, কিন্তু তয়ো মোৰ এটা কথা আজি শুনি ল', যিদিনাই তই এইখন ঘৰৰ দুৱাৰদলি পাৰ হৈ সেই লম্পটতোৰ কাষলৈ যাবি, সেইদিনাৰ পৰাই এইখন ঘৰৰ দুৱাৰ চিৰদিনলৈ তোৰ বাবে বন্ধ হৈ পৰিব আৰু আমাৰ বাবে তোৰো সেইদিনাই মৃত্যু হ'ব।

                        বাপেকৰ কথা শুনি তাইৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ গ'ল। পাৰিব জানো তাই নিজৰ মাক-বাপেকহালৰ পৰা চিৰদিনৰ বাবে আন এজন পুৰুষৰ বাবে বিছিন্ন হ'ব? পাৰিব জানো তাই নিজতকৈও বেছি তাইক ভালপোৱা তাইৰ ককায়েকৰ লগত সকলো সম্পৰ্ক ছেদ কৰিব। নোৱাৰে, কেতিয়াও নোৱাৰে। মুখেৰে ত‍্যাগ কৰিলেও মনৰ পৰা কেতিয়াও তেওঁলোকক ত‍্যাগ কৰিব নোৱাৰে তাই। তথাপিও কিবা এটা পাবৰ বাবে কিবা এটাতো ত‍্যাগ কৰিবই লাগিব, কিন্তু দহ মাহ দহ দিন গৰ্ভত ৰাখি অব‍্যক্ত যন্ত্ৰণা সহ‍্য কৰি জন্ম দি ধৰনীৰ পোহৰ দেখুওৱা সেই মাকজনীক জানো কোনোবা সন্তানে হেৰুৱাব পাৰে। নোৱাৰে, কিন্তু মানসী ৰক্তিমে পেলোৱা প্ৰেমৰ চক্ৰবেহুখনত ইমান ভিতৰলৈ সোমাই গৈছিল যে তাই আৰু তাত তাৰ বাহিৰে আন কাকো দেখা পোৱা নাছিল। বুকুখনত আকৌ এটা মস্ত শিল বান্ধি তাই পুনৰ বাপেকক ক'লে -------

: ঠিক আছে দেউতা। তোমালোকে কেতিয়াও মোক আৰু মোৰ প্ৰেমক বুজিবলৈ চেষ্টাই নকৰিলা। মই ৰক্তিমৰ অবিহনে জীয়াই  থাকিব নোৱাৰোঁ, গতিকে মই তাৰ লগতে বিয়া হ'ম। আৰু এটা কথা সি লম্পট নহয় সি মোৰ প্ৰেম, গতিকে আজিৰ পৰা মোৰ আগত তাৰ কথা আৰু বেয়াকৈ নক'বা । 

                            তাইৰ কথা শুনি মাকে কান্দি কান্দি ক'লে -------

: বাঃ মাজনী বাঃ। এয়াই নেকি আমি দিয়া সংস্কাৰ? আজি তই এটা সামান্য ল'ৰাৰ বাবে নিজৰ বাপেৰক এনেকৈ ক'ব পৰা হ'লি? নিজৰ মাৰ- বাপেৰহালক চিৰদিনলৈ এৰি থৈ যাবলৈ সাজু হ'লি? বহুত ভাল কথা। আজি তোৰ বাবে মই বহুত গৌৰবান্বিত অ'।
:
:
: যা যা এতিয়াই তই ঘৰৰ পৰা ওলাই যা। নালাগে তোৰ দৰে এজনী ছোৱালীক আমাক । কোনো প্ৰয়োজন নাই তোৰ। আৰু এটা কথা মনত ৰাখিবি আমাক কষ্ট দি তোৰ সংসাৰখন কিমান সুখৰ হয় ময়ো চাওঁ। আনক কন্দুৱাই তই কিমান সুখত থাক' ময়ো চাওঁ।
:
: তই নাভাবিবি যে মই তোক শাওঁ দিছোঁ বুলি। এজনী মাকে কেতিয়াও নিজৰ  সন্তানক শাওঁ নিদিয়ে, সদায় আশীৰ্বাদহে দিয়ে।  কিন্তু মনত ৰাখিবি আনক দুখ দি আৰম্ভ কৰা এটা সম্পৰ্ক কেতিয়াও সুখেৰে পৰিপূৰ্ণ হ'ব নোৱাৰে। 

 আগলৈ...............

     
                      
             ✍️হিমাংশু বৰা
 
                                                 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send