শিক্ষক দিৱস উদযাপনৰ সভাখনিত উদ্দেশ্য ব্যাখ্যা কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছো।সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পাছত শিক্ষাগুৰু সকলক শ্ৰদ্ধা জনোৱাৰ মানসেৰে আশা কোঁৱৰে পৰিবেশন কৰা বন্দনাটিয়ে মনৰ ভক্তিভাৱ বঢ়াই দিয়ে।
হৰ্ষবৰ্দ্ধন আৰু বন্দিতা কাৰ্কিয়ে আঁতধৰা অনুষ্ঠানটিত জিজ্ঞাসা প্ৰিয়া গগৈৰ কন্ঠৰ ৰাভাগীতৰ মূৰ্চ্ছনাই দিৱসটি অধিক জীপাল কৰি তোলে।
প্ৰিতিশা কাশ্যপ আৰু অনুজ বৰাই শিক্ষা গুৰু সকলৰ মহৎ অৱদানৰ কথা সুঁৱৰি আগবঢ়োৱা বক্তব্যৰ পৰা এজন সফল ব্যক্তিৰ আঁৰত এজন শিক্ষাগুৰুৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাটো উপলব্ধি হয়।
ইয়াৰ উপৰিও ৰাহুল শৰ্মাই তেওঁৰ শিক্ষাগুৰুৱে ৰচনা কৰা গীত পৰিবেশন কৰি গুৰুসকললৈ প্ৰণাম জনায়।
শেষত মোহচিনা অনজুম বৰা বাইদেউৱে শিক্ষক সকলৰ হৈ একাষাৰ আগবঢ়াই। ইয়াৰ পাছতে পৰম শ্ৰদ্ধাৰ প্ৰধান শিক্ষক সত্যৰঞ্জন গোস্বামী দেৱে তত্বগধুৰ বক্তব্য ৰাখি সকলোলৈকে শলাগৰ শৰাই আগবঢ়াই।
নামভৰ্ত্তিৰ পাছত অনলাইন পাঠদানৰ মাজেৰে শিক্ষাগুৰু সকলৰ পৰা লাভ কৰা অভিভাৱক তূল্য সহযোগিতা উপভোগ কৰাৰ মাজতে এই বিদ্যালয়ত প্ৰথম অনুষ্ঠান " শিক্ষক দিৱস" উদযাপন আৰু উপভোগ কৰি সচাঁকৈ আপ্লুত হৈ পৰিলো।
মোৰ অনুভৱ-দেবাংগী কৌশিক
September 16, 2021
0
আজি পাঁচ চেপ্তেম্বৰ পবিত্ৰ শিক্ষক দিৱস। যদিও এই দিবসটি উদযাপন কায়িক ভাৱে পালন কৰিব পৰা নাই,অনলাইন ব্যৱস্থাৰ যোগেদি শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাবলৈ পাই মই আজি গৌৰাম্বিত। প্ৰথমে মই মোৰ পৰিচয় জনাই লও। মোৰ নাম দেৱাঙ্গী কৌশিক , মই লক্ষীমপুৰ জিনিয়াচ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ