ভাদুমা-মেহনাজ সৰকাৰ

অসমীয়া সাহিত্যৰ চানেকি
0
— বোৱাৰী , বোৱাৰী  উঠা সোনকালে। চাৰিওফালে ফটফটীয়া হৈছে এতিয়াও টোপনিতে আছা যে । সোনকালে উঠি পিৰালিটো লেপি দি পঁইতা ভাতমুঠি খাই লোৱা । মাটি খান্দিব লাগিব । — সূৰুযমনিয়ে ভুমুকি মৰাৰ আগতেই ভাদুমায়ে নবোৱাৰীক কামৰ নিৰ্দেশ দিলে ।  
       ভাদুমা ! আচল নাম নিৰ্মলা দেৱী । কিন্তু নিৰ্মলা বুলি ক’লে খুবেই কম সংখ্যক মানুহে চিনি পায় । তাইৰ বাবে শালভূম পঞ্চায়তৰ প্ৰায় সকলোৰে চিনাকি  নাম হৈছে ভাদুমা । ভাদুমা শাহুৰ নামত এজনী মৃত্যুৰ দেৱী , সকলো সময়তে ঘৰত ল’ৰা-বোৱাৰীৰ সৈতে কাজিয়া কৰা যখিনী মহিলা । কেতিয়াবা কেতিয়াবা ঘৰৰ কাজিয়াটো ছিটিকি আহি ওচৰ চুবুৰীয়াৰ লগতো লাগে । কিন্তু আশ্চৰ্যজনক কথা হ’ল কোনেও কেতিয়াও ভাদুমাৰ লগত কাজিয়া কৰি জিকিব নোৱাৰে । ভাদুমাৰ নিজৰ চৰিত্ৰৰ বাবেই সকলোৰে চিনাকি হৈ উঠিছে । 
       ভাদুমায়ে দিনৰ সকলো সময়তে বোৱাৰীক ইটো-সিটো কৰি কামৰ নিৰ্দেশ দি থাকে । কাম নাথাকিলে ঘৰৰ ভাল পিৰালিটো কাটি ঠিক কৰিবলৈ দিয়ে নাইবা  কেঁঠা  চিলাই কৰিবলৈ দিয়ে। মুঠতে বোৱাৰীক এক ছেকেণ্ডো আজৰি নিদিয়ে । কামত অলপ হেৰফেৰ হ’লেই বোৱাৰীৰ চুলিত ধৰি খোটালি দিয়ে , বিভিন্ন ধৰণৰ বেয়া বেয়া গালি দিয়ে  আৰু ৰাতি ল’ৰা কামৰ পৰা উভতি আহিলে বোৱাৰীৰ বিভিন্ন মিছলীয়া কথা কৈ বোৱাৰীক লাঠিৰ কোব খুৱায় । 
       ভাদুমাৰ তিনিজন ল’ৰা । ছোৱালী সন্তান নাই । সেয়ে হয়তো ছোৱালী মানুহৰ প্ৰতি মৰম ভালপোৱা একেবাৰেই নাই । এমাডিমা তিনিজন ল’ৰাক থৈ তাইৰ স্বামীয়ে ইহলীলা সম্বৰণ কৰাৰ পিছত তাই মানুহৰ ঘৰে ঘৰে কাম বন কৰি ল’ৰা তিনিজনক ডাঙৰ কৰিলে । তাইৰ ডাঙৰ ল’ৰাটোৱে ভাদ মাহত জন্ম গ্ৰহণ কৰাৰ বাবে মানুহে তাৰ আচল নাম বিকিয়ান  পাহৰি তাক ভাদু বুলি মাতিলে আৰু সেইবাবেই নিৰ্মলা ভাদুৰ মা নামেৰে পৰিচিত হ’ল । পিতৃহীন ল’ৰাবোৰক মানুহে যাৰ যি মন যায় সেই নামেৰেই মাতিলে । মাকৰ লগত ল’ৰাবোৰেও মানুহৰ ঘৰে ঘৰে কাম বন কৰি ডাঙৰ হ’ল । 
       ভাদুমাৰ ডাঙৰ বোৱাৰীজনী শাহুৰ অত্যাচাৰ সহ্য কৰি কৰি এদিন অতিষ্ঠ হৈ উঠিল । ঘৰৰ পদূলিটো তিনিবাৰ ঝাড়ু দিয়াৰ পিছতো ভাদুমাৰ দৃষ্টিত চাফা নোহোৱাৰ বাবে সেই ঝাড়ুৰেই বোৱাৰীক কোবাবলৈ আৰম্ভ কৰাত বোৱাৰীয়ে গৰ্জি উঠিল আৰু শাহুৰ পৰা ঝাড়ুটো কাঢ়ি লৈ ভাদুমাক উধাই-মুধাই কোবালে । ভাদুমায়ে যিখিনি দুখ পাইছে তাতকৈ বেছি অপমান বোধ কৰিলে সেয়ে জোখৰ তুলনাত অধিক জোৰেৰে গগন ফালি চিঞৰিবলৈ ধৰিলে । ঘৰত ডাঙৰ ল’ৰা উভতি অহাত ভাদুমায়ে ল’ৰাৰ পৰা বোৱাৰীৰ এনে জঘন্য কামৰ বিচাৰ বিচাৰিলে । কিন্তু ডাঙৰ ল’ৰাজনে যি বিচাৰ কৰিলে তাতে ভাদুমা সন্তুষ্ট নহ’ল। সেয়ে  দুই চাৰিজন আত্মীয়ক মাতি আনি ডাঙৰ ল’ৰাক বোৱাৰীৰ সৈতে ঘৰৰ পৰা উলিয়াই দিলে। উপায়ন্তৰ হৈ বিকিয়ানে শহুৰৰ ঘৰত আশ্ৰয় ল’লে। 
       ডাঙৰ ল’ৰাজন গুচি যোৱাৰ পিছত সৰু ল’ৰা দুজনক লৈ ভাদুমাৰ সংসাৰ । মাজৰ ল’ৰাজন বিয়া কৰোৱাবৰ বাবে ইচ্ছুক নোহোৱাত সৰু ল’ৰাজনক বিয়া কৰাই ভাদুমায়ে চলাই গৈছে হিটলাৰী শাসন । বোৱাৰীজনীয়েও মাৰৰ ভয়ত লেতুসেতু হৈ যিমান পাৰে পালন কৰি গৈছে শাহুৰ আদেশ । 
       — মা , মা মই উঠিছো ।এতিয়াই পিৰালিটো লেপি চকচকীয়া কৰিম ।— বোৱাৰীয়ে ভয়ে ভয়ে চকু মোহাৰি ভাদুমাৰ উত্তৰ দিয়ে ।
       ভয় নকৰিবই বা কিয় ? অলপ কম বেছি হ’লেই ঝাড়ুৰ কোব খাব লাগিব আৰু অশ্লীল গালি শপনিতো আছেই। স্বামীয়ে মাকৰ বিৰুদ্ধেতো যোৱা দূৰৰ কথা সঁচা কথাটোও ক’ব নোৱাৰে যদি সেয়া বোৱাৰীৰ পক্ষত হয় । এবাৰ তাইৰ স্বামী ৰহিদে সঁচা কথাহে কৈছিল তাতেই ঘৰত লংকা কাণ্ড ঘটি গৈছিল —
       ভাদুমাৰ অলপ অলপ জ্বৰ আৰু অভিনয়খিনি যোগ কৰি অত্যন্ত জ্বৰ । বোৱাৰীয়ে বাহীবন সামৰি ৰান্ধিবলৈ গৈছেহে মাথোন তেনেতে ভৰিটো লাগি এশগ্ৰাম মিঠাতেলৰ বটলটো বাগৰি পৰাত অলপ মিঠাতেল পৰি গ’ল । লগে লগে ভাদুমায়ে ৰুদ্ৰমূৰ্তি ৰূপ লৈ আহি বোৱাৰীৰ চুলিত ধৰি খোঁটালি খোঁটালি ক’বলৈ আৰম্ভ কৰিলে — 
       — অই বান্দীৰ বেটি , হাৰামজাদী মনটো কোনফালে থাকে তোৰ নে চকু থাকোতেই অন্ধ হৈ গৈছ' । ইমানখিনি মিঠাতেল যে পেলাই দিলি ইয়াৰ ক্ষতিপূৰণ কি তোৰ দেউতাৰাই দিব । ধ্যান কোনফালে থাকে তোৰ নে মোৰ সোণৰ দৰে ল’ৰাজন থাকোতে অইন কাৰোবাৰ কথা ভাবি থাক' ।
       — ...
       বোৱাৰীয়ে নিমাত হৈ থকাৰ বাবে ভাদুমায়ে আকৌ গৰ্জি উঠিল — 
       — অই কুলক্ষণী যদি তোৰ এই ঘৰৰ ভাত খোৱাৰ ইচ্ছা আছে তেন্তে ভালকৈ থাকিব লাগিব । অপচয় মোৰ মুঠেই সহ্য নহয় । এনেকৈ যদি আৰু ক্ষতি কৰ' তেন্তে তোৰ মাৰৰ ঘৰলৈ চিৰদিনৰ বাবে পঠাই দিম। বুজিলি হাৰামজাদী । 
       এইবাৰ বোৱাৰীয়ে লাহেকৈ ক’লে — 
       — মা মোৰ ভৰিটো লাগি হঠাতে মিঠাতেলৰ বটলটো বাগৰি পৰিছে । মই সাউৎকৈ ধৰিছো যাৰবাবে বেছি তেল পৰা নাই ।
       — কি ! তই মোৰ মুখে মুখে তৰ্ক কৰ'। হাৰামজাদী, ৰেণ্ডীৰ পোৱালি যা এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা । যা ওলাই যা ...
        ভাদুমায়ে গৰ্জি উঠিল। লগে লগে কিল ভুকু লাঠিৰে উপচাই দিলে বোৱাৰীক ।  
       মাকৰ অত্যাচাৰী শাসনত ৰহিদ অতিষ্ঠ হৈ উঠিল । সেয়ে বিচনাৰ পৰা একেজাপে উঠি  মাকক ঠেলি দি পত্নীক উদ্ধাৰ কৰি ক’লে — 
       — মা ! তুমি কি কৰিছা এইবিলাক। ইমানকৈ মাৰিলে তাই মৰি যাব । বুজিছো তেল অলপ পৰিছে । কিন্তু তাইতো ইচ্ছা কৰি পেলাই দিয়া নাই । হঠাতে হৈ গৈছে । তুমি অলপ বুজাৰ চেষ্টা কৰা কাৰণ তুমিওতো এদিন কাৰোবাৰ বোৱাৰী আছিলা । 
       — অই কুকুৰ তোৰো ইমান সাহস । সেই বান্দীৰ বেটিৰ কাৰণে তই তোৰ মাকক গালি পাৰিছ' । মাৰ গাত হাত তুলিছ' । তোৰ কেতিয়াও ভাল নহ’ব কৈ দিলোঁ । — ভাদুমায়ে উচুপি উঠিল।
       — মা তুমি অলপ শান্ত হোৱা । মই তোমাক আঘাত কৰা নাই।  কেৱল অন্যায়ৰ পৰা তোমাক আঁতৰাইহে আনিছোঁ । 
       — কি ! তই কালিৰ ল’ৰা হৈ মোক ন্যায়-অন্যায় শিকাবি । মই কি ন্যায়-অন্যায় একো নুবুজোঁ । ইস্ ৰে মোৰ ল’ৰাই মোক মাৰিলে । এই অপমান মই ক’ত থম ,মই মানুহৰ সন্মুখত কেনেকৈ ওলাম । অই সোহেল তই ক’ত গ’লি  ? এইবিলাক চাবি নে নাই নে তোৰ মাকক মাৰি পেলাবি — ভাদুমায়ে মাটিত বাগৰি বাগৰি কান্দি কান্দি দ্বিতীয় ল’ৰাক মাতিলে । 
       ক’ৰবাৰ পৰা সোহেলে হাতত লাঠি এটা লৈ দৌৰি আহি একো বাচ-বিচাৰ নকৰাকৈ ৰহিদক উধাই-মুধাই কোবাবলৈ ধৰিলে। মাৰৰ কোব সহ্য কৰিব নোৱাৰি ৰহিদে পত্নীক মাকৰ ঘৰলৈ যোৱাৰ ইংগিত দি দৌৰি পলালে । ৰহিদ আৰু তাৰ পত্নী গুচি যোৱাৰ লগে লগেই ঘটিল আন এক ঘটনা । ভাদুমা অজ্ঞান হৈ ঢলি পৰিল । মুখত বাৰে বাৰে পানী ছটিয়াই কাম নোহোৱাত ১০৮ ৰে চিকিৎসালয়ত লৈ যোৱা হ’ল । চিকিৎসকে ভালদৰে চাই-চিতি খঙেৰে ক’লে – 
       — অভিনয় কৰিবলৈ আৰু ঠাই পোৱা নাই আপুনি । ভাল মানুহক অজ্ঞান বুলি কৈ আছে যে। সোনকালে এই অভদ্ৰ মহিলাক ঘৰত লৈ যাওঁক আৰু ছিটটো খালী কৰি দিয়ক কাৰণ এই ছিটটো কেৱল ৰুগীৰ বাবেহে , ভাল মানুহৰ বাবে নহয় । 
       সোহেলে একো ধৰিব নোৱাৰি চিকিৎসকৰ মুখলৈ হা কৰি চাই থকাত চিকিৎসকে আকৌ ক’লে —
       — আৰে আপুনি হা মেলি মোৰ মুখলৈ কি চাই আছে । আপোনাৰ মা সম্পূৰ্ণৰূপে সুস্থ । বিশ্বাস হোৱা নাই যদি চাওঁক — কথাখিনি কৈ চিকিৎসকে এটা ডাঙৰ বেজি লৈ ভাদুমাৰ পিনে আগুৱাব ধৰিলে ।
      চিকিৎসকৰ কথাখিনি শুনি ভাদুমায়ে এটা চকু অলপ মেলি চালে । ডাঙৰ বেজিটো দেখি ভাদুমায়ে ভয় খাই চিঞৰি চিঞৰি ক’বলৈ ধৰিলে —
       — মই বেজী নলওঁ  , মই বেজী নলওঁ । মই সম্পূৰ্ণৰূপে সুস্থ। সোহেল তই মোক ঘৰলৈ লৈ যা । সোনকালে ঘৰলৈ লৈ যা । 
       চিকিৎসকে মিচিকিয়া হাঁহিৰে গুচি গ’ল ।
      ভাদুমাৰ কু-কীৰ্তিৰ অভাৱ নাই। আন এদিনৰ ঘটনা । ৰহিদৰ সামান্য জ্বৰ । তাৰ উপাৰ্জনৰ পথ সাময়িক ভাবে বন্ধ আৰু সোহেলৰো ভাল নহয় । ইফালে ৰহিদৰ পত্নীৰো গা ভাল নহয় । জ্বৰ জ্বৰ ভাৱ তাতে আকৌ অন্তঃসত্ত্বা । শৰীৰটো একেবাৰে দুৰ্বল হৈ পৰিছে। কাম কৰাৰ শক্তিকনো যেন শেষ হ’ব ধৰিছে। তথাপি কাম কৰিব লাগে। কাম কৰোঁতে মাজে মাজে উজুটিও খাইছে তাই । ৰহিদে পত্নীক চিকিৎসা কৰিব পৰা নাই মাকৰ ভয়ত। অৱশ্যে মাকে গছৰ ছাল-বাকলি খুৱাই আছে । কিন্তু কাম হোৱা নাই । সেয়ে বেচেৰী আৰু সহ্য কৰিব নোৱাৰি ৰাতি ৰহিদক ক’লে — 
      — শুনিছানে ! মইতো আৰু সহ্য কৰিব পৰা নাই । বাৰে বাৰে উজুটি খাই পৰিছো । চিকিৎসাতো নহ’বই এই ঘৰত । গছৰ ছাল- বাকলি খাইও  ভাল হোৱো নাই । গতিকে তুমি মোক কেইদিনৰ বাবে মাৰ ঘৰত থৈ আহা।  আৰু তুমি যদি যাব নোৱাৰা তেন্তে মোৰ সৰু ভাইটিক খবৰ দিয়া । সি আহি মোক লৈ যাব পাৰিব । তাত গ’লে দেউতাই নিশ্চয় মোৰ চিকিৎসা কৰিব আৰু ভাল হ’লেই মই আহিম । 
      — তুমি চিন্তা কৰিব নালাগে । তুমি টোপনি যোৱা । মই পুৱাই মাক কৈ তোমাৰ যোৱাৰ ব্যৱস্থা কৰি আছোঁ ।
       ৰাতিপুৱা সকলোৰে খোৱা-লোৱাৰ পিছত ৰহিদে মাকক কথাটো জনালে । ভাদুমায়ে কিন্তু মান্তি নহ’ল । তাই ওলোটাই ক’লে – 
       — বোৱাৰী মাকৰ ঘৰলৈ গ’লে আমাৰ ঘৰৰ ৰন্ধা-বঢ়া কোনে কৰিব ? আমি কি নাখাই মৰিম নেকি আৰু তোৰতো জ্বৰ ? 
       — মোৰতো সামান্য জ্বৰ । কিন্তু তাইৰ গাটো একেবাৰে বেয়া । তাই আৰু সহ্য কৰিব পৰা নাই আৰু ...  তাইৰ সময়ো দিনে দিনে চাপি আহিছে। গতিকে তাই কিছুদিন মাকৰ ঘৰত থাকি সুস্থ হৈ আহক ।
       — অসুখ ! কাৰ অসুখৰ কথা কৈছ' তই — ভাদুমাই যেন একোৱেই নাজানে তেনে ভাৱত ক’লে ।
       — মা তুমি নুবুজাৰ ভাও নধৰিবা । অনুগ্ৰহ কৰি তাইক যাব দিয়া ।
       — কি ! এই বান্দীৰ বেটিয়ে ভাও জুৰিছে, আৰু তই তাকেই বিশ্বাস কৰি আছ' । অ’ পত্নীৰ প্ৰতি মৰম জাগিছে ন’ ? ক’লেই হ’ল এতিয়াৰ পৰা মইও কাম কৰিব লাগিব । সেয়া নকও কিয় ? 
       — মা তুমি কিন্তু বেছিকৈ কৈ আছা  । 
       — অই কণা পাঠা মই বেছিকৈ কৈ আছোঁ , মই বেছিকৈ কৈ আছোঁ হা — ভাদুমা খঙত জ্বলি উঠি ৰহিদৰ গালত প্ৰচণ্ড দুটা চৰ সোধাই সোহেলক মাতিবলৈ ধৰিলে ।
       সোহেলে আহি ৰহিদক লাঠিৰে উধাই-মুধাই কোবাবলৈ ধৰিলে আৰু ভাদুমায়ে অন্তঃসত্ত্বা বোৱাৰীক চুলিত ধৰি চোঁচৰাব ধৰিলে । এজন দুজনকৈ ওচৰ চুবুৰীয়া  আহি তাত বহু মানুহ হৈ গ’ল। কিন্তু কাৰো মুখেৰে ন্যায় কথাটো নোলাল । কাৰণ সকলোৱে ভাদুমাক দেখি ভয় খায় কাৰণ  তাইৰ যে মান-সন্মান বুলি একোৱেই নাই । 
       ক্ৰমশঃ ভাদুমাৰ অত্যাচাৰী শাসন বৃদ্ধি পাব ধৰিলে । গাঁৱৰ মানুহৰ বহুত বুজনিত সোহেলে কিছু পৰিমাণে ন্যায়- অন্যায় বুজিব পৰা হ’ল । কিন্তু মাৰ ওচৰত একেবাৰে লেতুসেতু। সেয়ে সোহেলে প্ৰতিজ্ঞা কৰিলে যিমান দিন তাৰ মা ভাল নহ’য় সিমান দিনলৈ সি বিয়া নাপাতে । কাৰণ সি নিবিচাৰে তাৰ ভাই বোৱাৰীৰ দৰে আন কোনোবা ছোৱালী মাকৰ অত্যাচাৰৰ বলি হওঁক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)