সূৰ্যোদয়-ৰাজেন দাস- খণ্ড-১৬-নাহৰৰ চিৰিলা-চিৰিলি পাত-৫

(১) 
স্মৃতি আকস্মিক নহয়। স্মৃতি আকস্মিক হ'লেও কোনো কথা নাই। এদিন নিজৰ পাৰফৰমেঞ্চ দেখুৱাবলৈকে কিমান আয়োজন! কিমান সাজোন-কাচোন! "অতীতক নাযাবা পাহৰি" নামৰ পাঠ এটা পোৱা মনত পৰে। অতীত বাদ দি বৰ্তমান চাব নোৱাৰি। কেতিয়াবা অতীতক আঁতৰাই বৰ্তমানটোক আগুৱাই নিবলৈ তীব্র প্ৰয়াস কৰোঁ। নাহৰৰ দেশত বহুতৰ বহু স্মৃতি থাকে। সেইবোৰ ৰোমন্থন কৰে। মাজে-সময়ে হোষ্টেলত আগতে থকা মানুহ আহি থাকে। কোনোবা প্ৰফেছৰ, ডাক্তৰ, বিধায়ক, নেতা, গায়ক, প্ৰতিষ্ঠিত ব্যৱসায়ী, সাংবাদিক, পুলিচ, মেকানিক ইত্যাদি। 
ধেমাজিৰ এজন প্ৰফেছৰ আহিছিল। অমায়িক, মোচ পাতল, পেট ওলোৱা। পেটুলা বুলি ক'বই পাৰি। পিন্ধনত সুন্দৰ কাপোৰসাজ। শকত শকত ভৰি,জোতাৰ ভিতৰত ভৰিবোৰ নিচ্ছুপ হৈ সোমাই আছে। মুখত গহীন হাঁহি নহয়, তৃপ্তিৰ হাঁহি। 
 'তুমি হাঁহিলে মুকুতা পৰে' 
এই ভাৱ কাৰোবাৰ আহিবও পাৰে। 
"আগৰ ৰোল এণ্ড ৰেগুলেশ্বচনবোৰ আছেনে? আগতে বিৰাট মস্তিকে আছিলোঁ ।ফ্লৌৰটো ধুনীয়াকৈ ৰাখোঁ ।নিজৰ ঘৰৰ দৰে মিলি-জুলি থাকোঁ..."
আমি সকলোৱে ছেলফি মাৰিলোঁ।ছাৰজনেও তেওঁৰ স্মৃতি ৰোমন্থন কৰিলে। বহু কথাই হেনো অগাডেৱা কৰিবলৈ ধৰিছে। তেতিয়া পি.এন.জি.বি.চি.এন কেনেকুৱা আছিল। এতিয়া কেনেকুৱা ইত্যাদি এশ এবুৰি কথা। আমাৰ তেতিয়াৰ দৰে নাই।কিছু, বহু সলনি হৈছে। চিন্তাই বিৱৰ্ত্তিত ৰূপ পাইছে। আমাক ছাৰজন আৰু লগত অহাকেইজনে মিলাই দুই হাজাৰ টকা দি গ'ল। ৰাতিলৈ মাংস ভাত। 
"এফ. এছ. মাংসৰ বজাৰ মই কৰিম, কুকমেনৰ আমাৰ ভাত, দাইল,আঞ্জাখিনি সৰহকৈ ওপৰলৈ জুনিয়ৰৰ হতুৱাই তুলি থ'বি... 
বুৰঞ্জী বিভাগৰ ৰূপমৰ মাত। শকত মাত। ফ্লৌৰৰ আমি ৰজা বুলি কৈ ভালপাই থাকোঁ। নহ'লে আখৈ পাব যে। সেয়েহে সি ডেপ্টৰ ডি. আৰ. ছি ৰ দায়িত্ব পালন কৰে ফ্লৌৰত কৰে-
" ৰজাৰ দৰে ব্যৱহাৰ "। 

   (২) 
 এইবাৰ আহিম ভাৰচিটি উইক। বিশ্ববিদ্যালয়ৰ এক অনন্য সুন্দৰ অনুষ্ঠান। বৰ ধুনীয়া অনুষ্ঠান। বিভাগ, কেন্দ্ৰ ৰ ছাত্ৰ/ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নিৰ্দ্দিষ্ট এটা বিষয়বস্তু লৈ ল'ব। সেই বিষয়ৰ ৰিলেটেড সমলখিনি লৈ ল'ব। বিভাগত চিনিয়ৰ সকলে আহি ক্লাছে ক্লাছে অনুষ্ঠান সম্পৰ্কীয় সকলো দিশ ক'ব।মিটিং হ'ব। বিভিন্ন জনক বিভিন্ন দায়িত্ব অৰ্পণ কৰা হ'ব। বিভাগৰ সভাপতি সম্পাদক, উপদেষ্টা, সদস্য/সদস্যা ইত্যাদি থাকিব। সকলো পৰিচালনাৰ বাবে কমিটি থাকিব। তাতে কোনে কি কৰিব সেইমতে অংশগ্রহণ কৰিবলৈ দিব। ঘৰৰ পৰা সা-সৰঞ্জাম আদিও যা-যোগাৰ কৰিবলৈ কয়। মনটো সেই কেইদিন উদুলি-মুদুলি। ছোৱালী বা ল'ৰা বুলি কথা নাই। একে মন। যেন
" কহুৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। " 
সেই কেইদিন বতাহতে উৰি ফুৰাৰ দৰে লাগে। প্ৰেমত পৰাৰ দৰে। সেই ভাৰচিটি উইকৰ প্ৰেমত। সেই বিভিন্ন কাৰ্যসূচীৰ প্ৰেমত। কাৰ কাৰ কি কি টেলেন্ট আছে দেখুওৱা আৰু। কোনে কাক পায়। কোনে কাক চায়। ঘৰৰ পৰা দৰকাৰী বস্তু দুই এপদ সংগ্রহ কৰা হয়। কোনে কি কৰিব, নকৰে সকলো ঠিক কৰা হয়। ডাইলক পোষ্টাৰত লিখি লোৱা হয়। বিভাগৰ নামো তেনেকৈ লিখি লোৱা হয়। নিৰ্দ্দিষ্ট কৰি লোৱা বিষয়বস্তুৰ আনুষঙ্গিক দিশসমূহো পোষ্টাৰত লিখি জনগণৰ দৃষ্টি আকৰ্ষণ কৰা হয়। বহু অনুশীলন কৰাহয়। ভাৰ্চিটি উইক বা পোন্ধৰ আগষ্ট,গণতন্ত্র দিৱস উপলক্ষে ও এই কুচ-কাৱাজ ৰ অনুশীলন কৰা হয় ।কুচ-কাৱাজৰ অনুশীলন হয় বিভাগত, চেন্টাৰত। নিৰ্দিষ্ট গৃহত। Student activity center ত(পি.এ.ছাংমা) । জেচিয়ান ফিল্ডত। খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰত। গোটেইবোৰ আহে। অনুশীলনলৈ। কি ভাল লাগে। নিজকে বিলীন কৰি দিয়ে। হুলস্থুল হয়। আনন্দৰ। হৃদয়ৰো নে? নাহৰ নাহৰীয়ানৰ বাবে লাখ টকীয়া প্ৰশ্ন??
  
  (৩) 
"অ' অই, ভাই, ইমান দেৰিকৈ প্ৰেক্টিছলৈ আহিছ যে। যা, দুই পাক দে। এই জেচিয়ানৰ ফিল্ডত দৌৰ মাৰ। "
"অ, ঠিক আছে, ব'ল, নিপন, ব'ল, ছ- অ-ল টপা---"
ইমান আহল-বহল ফিল্ড। কেইবাখনো মেটছ খেলিব পাৰি। ফুটবল, কাবাডি,ভলি,জাম্প,ক্ৰিকেট ইত্যাদি খেলিবলৈ সুবিধা।পিচবোৰ তেনেকৈ চিহ্নিত কৰাও আছে। সনা দাদাৰ কথাত দৌৰিবলৈ আৰম্ভ কৰি দিলোঁ। আগতে এনেকৈ দৌৰি পোৱা নাই। তাতে মই বাওনা টাইপ বাবে দৌৰা-দৌৰিবোৰ কৰি নাথাকোঁ। নাইবা মন-কাণ নিদিও। পুৱাই দুবৰিবোৰ সেমেকি থাকে। মণি-মুকুতাৰ দৰে নিয়ৰ কণাবোৰ জিলিকি আছে। থূ-ৰ খেকাৰৰ দৰে পানী জমা হৈ গোট বান্ধি থাকে। সৰু সৰু খেৰৰ ঘাঁ-বন,পাতবোৰ ৰাতিৰ বৰষুণত তিতি থাকে। বতাহত সেমেকি আছে। মৰ্ণিংৱাক কৰিবলৈ আহে। লগতে প্ৰেক্টিছলৈয়ো অহা হয়। চিনিয়ৰ মখা আগেয়ে আহে। জুনিয়ৰখিনিও নহাকৈ নাথাকে।

   (৪) 
লাহে লাহে সকলো গোট খাইছে। সৰু-সুৰা মিটিং হৈয়েই যায়। বিভিন্ন বিভাগ, কেন্দ্ৰৰ ষ্টুডেন্টেও অনুশীলন কৰি আছে। বুটমাহ,পানী ব্ৰেড এইবোৰ অনুশীলনৰ শেষত দিয়া হয়। খেলত পাকৈত চিনিয়ৰে খেলিবলৈ শিকায়। গানত ইন্টাৰেষ্ট থকাখিনিক ষ্টুডেন্ট একটিভি চেন্টাৰত ,কনফাৰেঞ্চত নাইবা ডেপ্ট/চেন্টাৰত শিকোৱা হয়। গান, কোৰাজ, সংগীত ইত্যাদি বোৰ তেনেকৈ আগবঢ়াই নিয়া হয়। সেই সাংস্কৃতিক দায়িত্বত থকা সকলে সেই দিশত হাত উজান দিয়ে। "বিভাগৰ মান-মৰ্যাদা বোলা কথা এষাৰ আছে নহয় নে ? সকলোৱে এই বিভিন্ন ইভেন্টবোৰত সহযোগিতা আগবঢ়োৱা। নিজৰ নিজৰ প্ৰতিভাক বিচাৰি উলিওৱা। পঢ়া-শুনাৰ লগতে এইখিনিয়েও আমাক শাৰীৰিক মানসিকভাৱে সৱল কৰি ৰখাই নহয় নিজৰ কেৰিয়াৰটো প্ৰভূত সহায় কৰিব"। 
মোৰ এইখিনিতে বুলজিৎ বুঢ়াগোহাঁই ছাৰে কেৰিয়াৰ বিষয়ে বহু দিশ আগবঢ়াই থকাৰ কথাখিনিয়ে মলয়াৰ বতাহৰ দৰে ঠেকা খাই গ'লহি। 
মাৰ্চপাৰ্ছ । বহু জনা-শুনা ল'ৰা-ছেৱালী আহে। এন. চি. চি ও কৰা থাকে। সেয়েহে সেইখিনিৰ বাবে--
"ভাতৰ লগত পানী" ।
লোকপ্ৰিয়া বাৰ কথাখিনি খুব ভাল লাগিল। টেলেন্টেড বা। বগা, ওখ। বায়ে মাৰ্চপাৰ্ছত কামাণ্ডাৰৰ দিশত লিড ল'ব। (লেফ্ট+ ৰাইট,লেফ্ট+ৰাইট) সেয়েহে সেই দিশটো অতি সৰ্তকতাৰে,সকলোৱে মনযোগেৰে সহযোগ কৰাৰ দিশত গুৰুত্ব দিবলৈ কৈছে। অডিশ্বন টাইপ হয় যে। ওখ ওখ ল'ৰা-ছোৱালী বোৰক চিলেক্ট কৰি পেলাইছে। মই বিভাগত অনুশীলন কৰিছোঁ। চিনিয়ৰৰ নহ'লে গালি-গালাজ খাব লাগিব।
" একো প্ৰতিযোগিতাত ভাগ নল'লেও তহঁতে চাপোৰ্ট কৰিব আহিবি। "
ডমিয়াল মাত। সাহিয়াল উচ্চাৰণ। ডন দাৰ মাত। ক্ৰমান্বয়ে চিনি পোৱা হৈছোঁৱেই। 
"খেলি থকা খিনিয়ে এটলিস্ট ভাল পাব, সাহস পাব।ডিপাৰ্টমেন্ট চেন্টি বুলিও কথা এষাৰ আছে নহয়। "
"ঠিক কৈছা সখী। হৃদয়ৰ ভিতৰৰ পৰা আহিব লাগিব। চা, ভাই ইয়াত কিবা এটা ঘন্টাৰ দৰে বাজিব লাগিব... "
লগৰটোক বুকুত আঙুলিয়াই দেখুৱাইছে। টেন্টি নো কি?ডেপ্টৰ প্ৰতি দায়বদ্ধতা কেনেকৈ আহিব লাগিব? এক ৰসাল মাত। সনাতন দাদাৰ। পঢ়া-শুনাৰ সমান্তৰালকৈ ভাল অভিনয় কৰে।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send