পুৱাৰ পৰাই কাম-বন কৰি থকা তগৰে শাহুৱেকৰ ওচৰলৈ দৌৰি আহিল।শাহুৱেকে ওচৰৰে মহিলা এগৰাকীৰ লগত কথা পাতি চোতালতে বহি আছিল।তাই কথা এষাৰ শাহুৱেকক কম বুলি ভাবিও নকলে,উভতি আহিল।
শাহুৱেকৰ লগত বহি কথা পাতি থকা মহিলা গৰাকীয়ে শাহুৱেকক কৈছিল, বোৱাৰীৰ গা জিলিকিল।কেইমাহমান হ'ল।
তগৰৰ শাহুৱেকে কৈছিল, পাঁচ মাহত সোমাল।
মানুহটো মৰাৰ মাহৰ পৰাই হৈছে।জানো পায়।পঞ্চামৃত পাতিব হ'ল।
তগৰৰ শাহুৱেকে হুমুনিয়াহ এটা কাঢ়ি ক'লে-কিনো মিতিৰ ঘৰ পালোঁ ।নিজৰ জীয়েক জনীৰ খবৰ নাই।জীয়েকক পঞ্চামৃত খোৱাবলৈ মই মাতি পঠিয়াব লাগিব।
আমাৰ বোৱাৰী ঘৰৰ মানুহক আমি শলাগিবই লাগিব।মহিলা গৰাকীয়ে নিজৰ বোৱাৰী আৰু বোৱাৰী পৰিয়ালৰ যশস্যাত পঞ্চমুখ হৈ পৰিল।
এটা সময়ত মহিলা গৰাকী গ'লগৈ।তগৰৰ শাহুৱেকে তগৰক আলহীৰ সন্মুখত নোলাবলৈ কোৱাৰ পাছতো কথা নুশুনিলি বুলি গালি পাৰিবলৈ ল'লে।মাক-বাপেক হালৰ জীয়েকৰ প্ৰতি কোনো দায়িত্ব নাই।মোৰ মূৰৰ ওপৰত গলগ্ৰহ এটা জাপি দি নিচিন্ত হৈ আছে।কেচুৱাটো জন্ম হৈ লোৱা পাছত মই দেখুৱাম মোৰ ৰূপ।
শাহুৱেকৰ গালিৰ এটা এটা শব্দই তগৰৰ বুকুত খুন্দা মাৰিলে।তাই ৰুমৰ দৰ্জাখন লাহেকৈ বন্ধ কৰি দিলে।জীৱন মানে কি বুজি নোপোৱা তগৰে এই শব্দবোৰ বুজি নেপায়।শাহুৱেকৰ কথাত, তাই আজি বুজি পালে, শাহুৱেকৰ দৰেই মাক-বাপেকেও তাইক ভাল নাপায়।সৰুৱে পৰাই ভাই-ভনীয়েক কেইটা এটা কোচত, এটা হাতত লৈ সিহঁতৰ আলপৈচান ধৰা কথাবোৰহে তাইৰ মনত পৰে।এতিয়া সেই ভাই -ভনীয়েককেইটাই স্কুলত পঢ়ি থকাৰ অজুহাত লৈ তাইৰ ওচৰলৈ নাহে।সিহঁতলৈ তগৰৰ বৰ মনত পৰে।বিয়া দিয়া ছোৱালীৰ মতা ঘৰখনহে আচল ঘৰ।মতাৰ ঘৰত মৰিলেও হাড়ডাল সূচী হয় বুলি তাইক বুজনি দিয়া মাকে তাইক কেতিয়াও তাইৰ জীৱনত কি ঘটিছে সুধি পোৱা নাই।বৰ অকশৰীয়া অনুভৱ কৰি তগৰে নিজৰ ওপৰতে ক্ষুন্ন হ'ল।তাই ৰাক্ষস স্বামীয়ে মৃত্যু আগতে তাইৰ পেটত ল'ৰা দি গৈছে।যদি এই ল'ৰাই ডাঙৰ হৈ কোনোবা তগৰৰ শৰীৰটো কামুৰি খাই।তগৰে আৰু ভাবিব নোৱাৰিলে ।সময়ে -সময়ে শাহুৱেকে মতা কালকোট, কুলক্ষনী, মতামূৰ চোবোৱা ,ফেটি সাপ, চৰিত্ৰ হীনা আদি মাতবোৰ তাই কাণত প্ৰতিধ্বনিত হ'ল।তাই বাৰীৰ পাছফালে ওলাই গ'ল, আজি তাইক এজোপা গছৰ প্ৰয়োজন।যত তাই সকলোৰে বোজা জীৱনটো শেষ কৰিব পাৰিব।
ৰামভাই শুকান খৰি ডাল বিছাৰি বাৰীৰ পাছফালে গৈছিল।বোৱাৰীক গছডালত ধৰি কান্দি থকা দেখা পালে। ৰামভাই বোৱাৰী বোৱাৰী বুলি মতাত তাই বেছিকৈহে হুকহুকাই কান্দিবলৈ ধৰিলে।ৰামভাইয়ে তাইক নিজৰ কাহিনী শুনালে, এদিন সম্ভান্ত ঘৰৰ সন্তান হৈও আজি কি দৰে জীয়াই আছে।শুন আই এই মানৱ জীৱন ভগৱানে এবাৰহে দিয়ে।তোমাৰ ওপৰত অত্যাচাৰ কৰা এই মানুহবোৰক শাস্তি দিবলৈ ভগৱান আছে নহয়।মোৰ দৰে কাৰোবাক তিল তিল মৰিবলৈ অথায় সাগৰত পেলাই থৈ নাযাবি আই।সকলোৱে আবৰ্জনা বুলি গণ্য কৰা তোমাক হয়তো কোনোবা ই নিজৰ জীৱনতকৈও ভাল পায়।তোমাৰ মৃত্যুৰ পাছত হয়তোবা সেইজনে কোনোবা অজ্ঞাত স্থানত মোৰ দৰেই জীৱন কটাব।প্ৰকৃত প্ৰেম শৰীৰত নাথাকে মনত থাকে আই।তোৰ পেটৰ পোৱালিটো নেমাৰিবি।তোৰ পাপ হ'ব।ব'ল আই ঘৰলৈ ব'ল পৃথিৱীৰ কোনো মানুহ সুখী নহয়।মনত দুখ নকৰিবি।মনৰ পৰা বেয়া ভাববোৰ আঁতৰাই দে।
ৰামভাইৰ কথাত তাই শান্ত হ'ল।পেটটো চুই চালে ,তাইৰ পেটত ল'ৰাই বাগৰ সলাইছে।
এখোজ দুখোজকৈ ৰামভাইৰ পাছে পাছে তাই ঘৰলৈ খোজ ল'লে।
আগলৈ,,,,,,,।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ