পদপথৰ ভিক্ষাৰী মই-প্ৰজেছ দাস

©Admin
0
পদপথৰ ভিক্ষাৰী মই, 
ৰ’দ আৰু বৰষুণক মোৰ জীৱন সঙ্গী কৰি
বহি ৰৈছোঁ মাথোঁ কোনো
মানৱদৰদী হৃদয়বানৰ অপেক্ষাত ৷
অপেক্ষা কৰিছোঁ মোৰ আগত পৰি থকা
আধা ভঙা থালীখন কোনো হৃদয়বানে
দিয়া সঁহাৰিলৈ !
পেটৰ জুৰণিৰ কাৰণে অপেক্ষা কৰিছোঁ
মাথোঁ অপেক্ষা কৰিছোঁ কোনো মানৱদৰদীৰ বাবে ৷
কাৰণ মই যে এটা পদপথৰ ভিক্ষাৰী !
কাৰোবাৰ সহায়ত হৃদয়ত উৎপন্ন এসাগৰ আৰ্শীবাদ,
কিন্তু ! নাভাৱিবা মোক স্বাৰ্থপৰ বুলি !
সদায় প্ৰাৰ্থনা কৰোঁ,
কাৰো যেন নহওক মোৰ দৰে গতি ৷

✍🏻প্ৰজেছ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)