দৈনিক ৰাশিফল- ৯ ছেপ্টেম্বৰ

©Admin
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞 
২৩ভাদ , বৃহস্পতিবাৰ,ইং ৯ চেপ্তেম্বৰ,
 ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৯/৪০,সূৰ্য্যাস্ত ঘ:৫/৩২/২০

ৰাশি :-   কন্যা ৰাশি।শে:ৰা:ঘ:- ৪/৩৪/১৭ যোৱাত তুলা ৰাশি।
তিথি :- শুক্লা তৃতীয়া । ৰা:ঘ:- ২/১২/২৪ লৈ।
নক্ষত্ৰ :- হস্তা। আ, ঘ:- ৫/৮/৫৭ লৈ।
শুভ সংখ্যা :- ৫/৩
শুভ ৰং :- ৰঙা/ হালধীয়া ৰং ।
আদ্যঋতু হলে :- বেশ্যা  যোগ।
যাত্ৰা :- অগ্নি কোনত নাই ।ৰা:ঘ:- ২/১২/২৪ যোৱাত নৈঋত  নাই।
 যোগিনী :- অগ্নি কোনত ।ৰা:ঘ:- ২/১২/২৪ যোৱাত নৈঋত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :-  পটল ,ৰা:ঘ:- ২/১২/২৪  যোৱাত মূলা খোৱা নিষেধ ।
                     
১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, সম্পদ বৃদ্ধি হব,  লগতে কৰ্মক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব,ঘৰত বিবাহ কথা আলোচনা কৰিব পাৰে, কৰ্মত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত উকীল সকলৰ কৰ্মত শুভ হব, সামাজিক কৰ্মত মনত শান্তি বাঢ়িব, লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বাঢ়িব, কৰ্মত সফল হব, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে মনটো সামান্য অস্থিৰ  হোৱাৰ  যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য দেহ মনত কষ্ট  পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব , মাতৃৰ মৰম লাভ কৰিব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য উদ্বেগ ভাৱ  বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত ৰাজ ভয় ভাৱ বাঢ়িব, লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, যদিও আজি আপোনাৰ মনত সামান্য উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, যদিও আজি আপুনি সজাগ হৈ ছলিব, বিবাদৰ পৰা আতৰি থাকিব, নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, কৰ্মত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খং আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)