কংকীৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বিজ্ঞান শাখাত সুন্দৰকৈ এড্মিছন হৈ গ’ল ৷ অহা মাহৰ এক তাৰিখৰ পৰা তাইৰ একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ক্লাছ আৰম্ভ হ’ব ৷ তাই হোষ্টেলত থাকিব লাগিব ৷ সকলোৰে মনবোৰ , বিশেষকৈ নলিনীৰ মনটো দুখেৰে ভৰি পৰিছে ৷ কংকী হোষ্টেললৈ গ'লেগৈ তাই বৰ অকলশৰীয়া হ’ব ৷ তথাপিও উপায় নাই ! কিবা এটা পাবলৈ কিবা এটা এৰিবই লাগিব .... ৷ তাই নিজেও জানো মাক দেউতাক নোহোৱা হোৱাৰ দুখবোৰ একাষৰীয়া কৰি নিজৰ লগতে ভায়েক ভনীয়েকহঁতৰ জীৱন গঢ়িবৰ বাবেই খেলাৰ বয়সতে মাকৰ-দেউতাকৰ দায়িত্ব পালন কৰিব লগীয়া হোৱা নাই ! এইবোৰ কোনো কথা নহয় ! তাই যি বুজিছে, “জীৱনটো এক সংগ্ৰাম , এই সংগ্ৰামত জয়ী হ’বলৈ হ’লে পোৱাৰ আনন্দ আৰু নোপোৱা বা পাই হেৰুওৱাৰ বেদনাবোৰ এৰাই চলি সকলো অৱস্থাতে এক সুস্থ মানসিক ভাৰসাম্য অব্যাহত ৰখাতো বৰ দৰকাৰ ৷ আজিও সিহঁতে প্ৰত্যেকেই নিজৰ নিজৰ মনবোৰক বুজাব পাৰিব লাগিব যে “ কংকী একেবাৰে কলৈকো নাযায় , মাথোঁ কেইটামান বছৰৰ বাবে শিক্ষা আহৰণ কৰিবলৈ অৰ্থাৎ জীৱন গঢ়িবলৈ যাব..... ” ৷ তাইক সৰুতে মাকে কোৱা এতিয়াও মনত আছে --- “ কোনোবা শুভ কামলৈ ওলালে হাঁহিমুখে পঠিয়াব লাগে ! " আৰু আজিও কংকীৰ এনে এক শুভ কামৰ আৰম্ভণি আনন্দৰ মাজেদিহে হ’ব লাগিব ৷ সিহঁতে হাঁহি হাঁহি তাইক হোষ্টেললৈ পঠিয়াব লাগিব নহ’লে তাই হোষ্টেলত অকলে কেনেকৈ থাকিব ! আৰু এটা কথা প্ৰথম দুদিনমান বেয়া লাগিলেও তাৰ মাজতে যেতিয়া নিজৰ নিজৰ কামত প্ৰত্যেকে ব্যস্ত হৈ পৰিব সময়বোৰ কেতিয়া কেনেকৈ পাৰ হৈ যাব কোনেও গমকে নাপাব...৷
সিহঁতৰ হাতত এতিয়াও এসপ্তাহ সময় আছে ৷ এই কেইদিন মনৰ ইচ্ছাৰে হৃদয় উজাৰি কথা পাতিব সিহঁতে ৷ বায়েক কংকীজনী বৰ আকৰী ৷ তাইক বহু কথা বুজাব লাগিব , বাহিৰত থকা ইমান সহজ নহয় ৷ হওঁতে নলিনীৰো অভিজ্ঞতা নাই কিন্ত তাই বৰমাকে ফ’নত কাৰোবাৰ লগত কথা পাতোঁতে শুনিছে --- হোষ্টেলবোৰত হেনো কিছুমান বৰ বেয়া ছোৱালী থাকে ৷ সিহঁতৰ পৰা বাচি চলিব জানিব লাগিব ৷ পঢ়াৰ ক্ষেত্ৰতো সিহঁতে বহুত চতুৰালি কৰে ৷ পঢ়াৰ সময়ত আনক আমনি কৰি নিজে ৰাতিৰ ৰাতিটো পঢ়ি পুৱা হলে শুই থাকে ৷ গতিকে এইবোৰ চতুৰালি বুজিব নোৱাৰিলে হোষ্টেলত থকা ইমান সহজ নহয় ৷ “ বাৰু হ’ব হ’ব , মই নিজকে ইমান বুদ্ধিমান বুলি ভাৱি ওফন্দিব নালাগে , নিজৰ বেলিকা আহিলেহে বুজিম ...” কথাখিনি নিজকে নিজে কৈ নলিনীয়ে নিজৰ ওপৰতে হাঁহি উঠি গ’ল ৷
" মই হোষ্টেল যোৱাৰ কথা শুনি তোৰ বৰ ফুৰ্তি লাগিছে নহয় নলিনী .... ” কংকীয়ে নলিনীক জোকালে ৷ নলিনীয়ে একো নকৈ কংকীক সাৱটি ধৰিলে ৷ দুয়োৰে চকুপানীয়ে দুয়োৰে পিঠি দুখন ধুই নিলে ৷ খৰকৈ বৈ অহা আবেগৰ চকুলোখিনি এজনীয়েও বাধা দিবলৈ চেষ্টা নকৰিলে ....“ আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ