পৰিস্থিতি- বাণীকান্ত লহকৰ

তুমি যি ময়ো সেই
তেজৰ নদীত গা ধুই
গঢ়ি তোলো ক্লেদাক্ত নৈ

তোমাৰ ঈশ্বৰ বৰ্বৰতাই
উশাহৰ গছ কঁপাই
বেলিফুল থাকে ৰুই
ধূসৰ ষ্টেচন উকিয়াই

পঙ্গুত্বৰ জখলা বগাই
জোন পৰে শুই
ছাবি দিয়া পুতলাই
আলাগ কৰিব জুই

হাতে হাতে জুই
ছদ্মবেশী ঈশ্বৰ ধিয়াই
জুপুৰী দিব জ্বলাই

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send