নলিনীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বৰ সুন্দৰভাৱে শেষ হ’ল ৷ পৰীক্ষা শেষ হোৱা আজি এসপ্তাহ হ’ল ৷ নলিনীয়ে যে নাম কৰি সুখ্যাতিৰে ৰিজাল্ট কৰিব তাত বৰুৱা বৰুৱানীৰ অলপো সন্দেহ নাই ৷ সেয়ে তেওঁলোকে নলিনীক চহৰৰ কলেজখনতে নাম ভৰ্ত্তি কৰোৱাৰ কথা আলোচনা কৰি আছিল ৷ তাইৰ ৰুচি বোৰলৈ চাই বৰুৱানীয়ে কলা শাখাত নামভৰ্তিৰ কথাটোত গুৰুত্ব প্ৰদান কৰিলে ৷ ঘৈণীয়েকৰ কথাত বৰুৱাই হয়ভৰ দি সন্মতি জনালে ৷ এনেতে হঠাৎ নলিনী ক’ৰবাৰ পৰা আহি বৰদেউতাক বৰমাকৰ ওচৰতে থিয় দি ৰোৱা দেখি বৰুৱাই সুধিলে “ কি হ’ল এনেকৈ ৰৈ গ'লি যে , কিবা কবি নেকি ? ”
“ হয় বৰদেউতা ... ” বুলি নলিনীয়ে ক’লে --- বৰদেউতা খৱৰ কাগজত পাই মই যোৱামাহতে এটা প্ৰশিক্ষণৰ বাবে আবেদন কৰিছিলোঁ ৷ মাছৰোম খেতিৰ প্ৰশিক্ষণ ৷ এইমাহৰ দহ তাৰিখৰ পৰা পোন্ধৰ দিনীয়া প্ৰশিক্ষণটো আৰম্ভ হ’ব ৷ প্ৰশিক্ষণটো গাঁৱৰ প্ৰাইমাৰী স্কুল খনতে হ’ব ৷মই আৰু পঢ়িব নিবিচাৰোঁ ৷ ইহঁত তিনিটাক মানুহ কৰিবলৈ হ’লে বহুত টকাৰ দৰকাৰ হ’ব ! আপুনিয়েইবা কিমান কৰিব অকলে অকলে ...৷ লেথাৰিনিছিগাকৈ কথাখিনি কৈ নলিনীয়ে ভয়ে ভয়ে বৰদেউতাকৰ মুখলৈ চালে ৷ “ তহঁতে কিবা অভাৱ পাইছ নেকি ? ” বৰদেউতাকে নলিনীক সুধিলে ৷ নাই নাই বৰদেউতা তেনেকৈ নক’ব ৷ আপুনি আৰু বৰমায়ে আমাৰ বাবে যিমান খেয়াল ৰাখিছে হয়তো মাঁ - দেউতা থকা হ’লেও ইমানখিনি কৰিব নোৱাৰিলে হেঁতেন ! মাঁ জীয়াই থাকোতে সদায় আপোনালোকৰ ঘৰখনৰ উদাহৰণ দিয়ে ৷ কংকীবাৰ কথা কয় আৰু বৰমাৰ দৰে হোৱাৰ কথা কয় ৷ মায়ে মনত আপোনালোকক বহুত শ্ৰদ্ধা ভক্তি কৰিছিল সেয়েই ছাগে আজি আপোনালোকেই আমাৰ মাঁ - দেউতাৰ দায়িত্ব ল’ব লগা হৈছে .... কথাখিনি কৈ কৈ নলিনী আৱেগিক হৈ পৰিল ৷ মাক ৰ কথা মনত পৰি দুগাল ভৰি আহিল তাইৰ ....আনহাতে দেউতাক যেন “ দেউতা ” শব্দটোৰ কলংক হে ! তথাপিও দেউতকৰ বাবেও তাইৰ দুখ লাগিল “ ক’ত বা কেনেকৈ আছেগৈ ....” ৷ বহুদিনৰ মূৰত নলিনীয়ে উচুপি উচুপি কান্দি উঠিল ...
নলিনীক কন্দা দেখি বৰুৱা বৰুৱানীয়ে গাৰ কাষলৈ টান আনি চকুপানীখিনি মচি দি বৰুৱাই ক’লে “ তেনেহলে তই কিয় পঢ়া এৰাৰ কথা ভাবিলি ? " বাৰু হ’ব দে এতিয়া কন্দাকটাখন নকৰিবি , মাৰৰ আত্মাই কষ্ট পাব ৷ আৰু তহঁতে দুখ কৰিলে আমিও মনত কষ্ট পাওঁ ! থিকেই আছে বাৰু তই যি ভাৱিছ তাত মই বাধা নিদিওঁ ৷ তই জনাশুনা বুজা ছোৱালী ৷ কংকী আৰু তোৰ মাজত মই কোনো পাৰ্থক্য নাৰাখো ৷ তথাপিও আজি কংকী হোৱা হ’লে মই সন্মতি নিদিলোঁ হেতেন ! কিন্তু তই বেছ বুদ্ধিমতী আৰু মেধাবীও ৷ সেয়ে তোক মই প্ৰশিক্ষণ ল’বলৈ বাধা নিদিওঁ ৷ তই তোৰ ব্যৱসায় আৰম্ভ কৰিবলৈ কি ক’ত লাগে মোক ক'বি , মই সকলো ব্যৱস্থা কৰি দিম ৷ কিন্তু তাৰ আগতে তই মোক কথা দিব লাগিব যে ------ পঢ়া অব্যাহত ৰাখিবি বুলি ৷ মই তোৰ অনলাইন পঢ়াৰ সকলো ব্যৱস্থা কৰি দিম ৷ তই এগৰাকী ভাল ব্যৱসায়ী মহিলা হ’বলৈ তোৰ শিক্ষা - দীক্ষাও বহুত দৰকাৰ হ’ব ৷ শিক্ষাই মানুহৰ জ্ঞান বৃদ্ধিত সহায় কৰে আৰু কৰ্মৰ পথাৰখনৰ পৰিসৰ বৃদ্ধিতো সময় বিশেষে যথেষ্ট সহায়কৰ কাম কৰে ৷ তোৰ ওপৰত আমাৰ পূৰামাত্ৰাই বিশ্বাস আছে “ তই যি কাম কৰ , ভালদৰে দৃঢ়তাৰে কৰিবি আৰু সফলতা লাভ কৰিবি ...
হ’ব বৰদেউতা আপুনি কোৱাৰ দৰেই মই মোৰ ব্যবসায়ৰ লগতে পঢ়াও অব্যাহত ৰাখিম ৷ মই নিজৰ বাবে নহয় বৰদেউতা ইহঁত কেইটাৰ বাবেহে সদায় চিন্তা কৰোঁ ৷ ইহঁত কেইটক উচ্চ শিক্ষাৰে সমাজত সু প্ৰতিষ্ঠিত কৰিব পাৰিলেই মোৰ জীৱন সাৰ্থক বুলি ভাৱিম ৷ আপুনি মোক সদায় আশীৰ্বাদ কৰিব যাতে জীৱনৰ প্ৰতিটো কামত সফলতা লাভ কৰিব পাৰোঁ , নলিনীয়ে বৰুৱাৰ ভৰিদুখন চুই সেৱা ল’লে ৷ বৰুৱাৰ চকুজুৰি পিতৃত্বৰ সন্তুষ্টিৰে চলচলীয়া হৈ পৰিল ....৷ অথনিৰে পৰা চুপচাপ শুনি থকা বৰুৱানীয়েও হঠাতে হুকহুকাই কান্দি উঠিল , হয়তো নলিনীৰ মাজত নিজৰ ছোৱালী কংকীক বিচাৰি পোৱাৰ আনন্দত ....৷
( আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ