বৰ্ণিল হৈ পৰিব চৌপাশ-মিনাক্ষী দেৱী শৰ্মা

পৰিৱৰ্তনৰ আৱহাৱাত
সকলোকে ভাল পোৱা,ছাঁ দিয়া
শিমলু, সোণাৰুকে ধৰি বহু বিৰিখ আজি
পথৰ কাষত নিৰৱে পৰি ৰ'ল 
যন্ত্ৰৰ কঠিন হাতোৰাত।
হেৰাই গ'ল কত বিহগৰ সপোনৰ কাৰেং---
হেৰাই গ'ল সিহঁতৰ কিচিৰ মিচিৰ শব্দৰ
অবুজ মাত

শুনা নাই কোনেও আজি সেই বিহগৰ
বুকু ভেদি বৈ ৰোৱা কান্দোনৰ শব্দ

বিচাৰি ফুৰিছো আজি
নিৰ্মল বতাহ সেৱনৰ বাবে।
পোৱা নাই ক'তো, সেয়ে
ভৱিষ্যতৰ বাবে ৰুইছো আজি
ব্যস্তময় পথৰ কাষত দুজোপা সোণাৰু
তাৰেই ছাঁত জিৰাব পাৰিব সময়ত
 শতজন বাটৰুৱাই, ল'ব পাৰিব নিৰ্মল বায়ু
বৰ্ণিল হৈ পৰিব চৌপাশ আৰু
সোণাৰুৰ হালধীয়াই সৌন্দৰ্যৰ মায়াজাল
ছটিয়াব
জিলিকি উঠিব সদাব্যস্ত পথ।

নপৰিব তাত কোনো যন্ত্ৰৰ অচিন হাতোৰা
থাকিব শান্তিৰ আলয়
আকৌ সাঁজিবহি ঘৰ অচিন চৰায়ে
সপোন দেখিব অনাগত দিনৰ,
এনেকৈয়ে এজনৰ পৰা আনজনলৈ বিয়পিব
বৃক্ষ ৰোপনৰ কাৰ্য যিয়ে কৰি তুলিব
প্ৰকৃতিক মোহময়ী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send