মিঠা মিঠা লগা ,আপোন আপোন লগা...
পুৱাৰ পৰা কিনকিনীয়া বৰষুণ জাকে আৰু
বেছি মধুৰ কৰিছে এই পুৱাৰ অনুভৱটো..
খিৰিকীৰে দূৰলৈ চাই পঠিয়াইছো ,তুমি তুমি
লগা অনুভৱ বোৰে চোন আৱৰি ধৰিছেহি...
মনটো যেন এতিয়া মোৰ ওচৰতেই নাই জানা ,
মিঠা অনুভূতি বোৰৰ লগত উৰা মাৰি গৈ যেন দূৰৈৰ বৰষুণৰ টোপাল বোৰৰ লগত লুকা-ভাকু খেলিছে মোকে দেখুৱাই..
মইও হাঁহিছো সেইবোৰকে চাই...
ভাল লাগিছে এই পুৱা ,
ভাল লাগিছে এই বৰষুণ ,
ভাল লাগিছে মন উৰুৱাই নিয়া এই কোমল বতাহ ছাটি...
ভাল লাগিছে সকলোবোৰ..
মিঠা মিঠা লগা এই আটাইবোৰ যেন সামৰি লৈছোঁ উশাহত.....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ