সকলো একেই আছো!
মাতবোৰ, হাঁহিবোৰ, কথাবোৰ
কাৰ কাৰ হয়, বুজিব পাৰো।
মাথো আমাৰ মাজৰে
কোনোবাই চশমা লৈছে।
কোনোবাই চুলিত ক'লা ৰং ঘহিছে।
কাৰোবাৰ আগমূৰৰ চুলি নোহোৱা হৈছে।
কোনোবাই আকৌ চুলিত ৰূপালী ৰং লাগিছে বুলি গৰ্ব কৰিছে।
এনেকুৱা দুই এটা কথাৰ বাহিৰে
আমি দেখোন
সকলো একেই আছো!
আমাৰ ধেমালিবোৰ,
আমাৰ দুষ্ট ইংগিতবোৰ,
আমাৰ হাঁহিৰ কাৰণবোৰ,
আমাৰ অভিমানবোৰ,
আমাৰ খন্তেকীয়া খংবোৰ..
আমি লগ লাগিলে,
এই কথাবোৰে আমাক
আকৌ পুৰণি দিনবোৰলৈ লৈ যায়।
সেয়েহে ভাবিছো
বহু বছৰৰ পিছতো
আমি দেখোন একেই আছো,
মনেৰে, ভাৱেৰে, হেপাহেৰে।
আমি লগ লাগিলে
এতিয়াও দেখোন
ডেকাকালৰ দিনবোৰ
ঘূৰাই পোৱা যেন লাগে!
পুৰণি স্মৃতিবোৰে
মনটো থৌকি বাথৌ কৰে।
✍ মৌচম হাজৰিকা