নিশাৰ নীৰৱতা সাবটি
জোনটো গলিছিল ,
পৃথিৱীখন নিশাৰ বুকুত শুই পৰিছিল ,
নিশাৰ নীৰৱ পৃথিৱী !
মাজনিশা নদীৰ পানীত এখিলা পাত পৰি
নদীক জোকাইছিল ,
তেজাল বেলিটো উঠি অহাৰ পৰত
জোনটোৱে আন্ধাৰত মুখ লুকুৱাইছিল...
বুকুত নীৰৱতা ধাৰণ কৰা নৈখনত
শতদলে হাঁহিছিল ,
নৈৰ পাৰত জিলিকি উঠিছিল বালিচন্দা ,
ৰ'দে চুমা খোৱা বালিয়ৰী নদীৰ পাৰত
আদিম অৰণ্যখনে উচুপি উঠিছিল...
প্ৰাচীন ৰাতিৰ তন্ময় সময়ে
নদীৰ গৰাত ঠেকা খাইছিল ,
হুৰহুৰাই খহি পৰিছিল প্ৰাচুৰ্যময় সময়...