নেপথ্যত এটি শব্দহীন চিঞৰ-জহিৰুল ইছলাম

বহুদিন লিখা নাই,পঢ়াও নাই কাৰোঁ লেখা 
এয়া ব্যস্ততা, নে বৈৰীতা, 
নাজানোঁ সঠিক
সেয়েহে---
অনুভৱৰ পথাৰত আজি জাকে জাকে উৰিছে 
নিলিখা বহু কথা।

অনুভৱৰ সৈতে অনুভৱৰ মিতিৰালিবোৰ
চ'তমহীয়া ৰ'দে ঘৰ্মাক্ত কৰি বোৱাই দিছে
নিঃসংগতাৰ এখনি বোৱতী নৈ
ঢৌবোৰত বাজিছে কেৱল শব্দৰ শ বোৰ

চৌপাশে এতিয়া শাৰীপতাৰ ধুমধাম
কোনোবাই দায়িত্ববোধত, কোনোবাই বিলাসীতাত
শাৰীৰ পিছত শাৰী
শ্মশান নতুবা কবৰস্থান 
সৰ্বোপৰি
এটাই প্ৰতিচ্ছবি, শাৰীবোৰ দীঘলীয়া
শ বোৰ কুকুৰে টানিছে, কৰোৱাইছে গংগা স্নান
যেন এটুকুৰা মাংসপিণ্ড নতুবা পাপিষ্ঠ শৰীৰ

ৰাজধৰ্মত চলিছে সৰল অংকৰ সমাধানহীন কচৰৎ
কোনে কি খাব,কোনে কেনেকৈ আহিব
অথচ, নাই ঠিকনা,"অন্ন,বস্ত্ৰ,বাসস্থানৰ"
প্ৰচাৰ কক্ষত মানৱতাৰ কৃত্ৰিম বিজ্ঞাপন
এটি বছৰ গৰকা ভয়
মানচিত্ৰত এক পণবন্দী ভাৰত,
দিশহাৰা জনতা।

  ✍️জহিৰুল ইছলাম, 
       গোৱালপাৰা

1 Comments

Previous Post Next Post