সময়- দীক্ষা বৰুৱা

©Admin
1

হে সময় ! তুমি নহ'বা নিষ্ঠুৰ ! দুৰ্বলতাৰ , হীন- নীচতাৰ বন্ধন  ভাঙি অভিযান ল'বা। উন্নত বুকু দাঙি বিশ্ববিজয়ী প্ৰগতিৰে আগবাঢ়ি যাবা দুষ্টজনক দমন কৰি...
 ধুই নিকা কৰা মহা - গোড়ামীৰ মল 
 পৰিস্কাৰ কৰা এই পৃথিৱীখন,
 কাৰো বাবে নকৰিবা অপেক্ষা ! অকলেই আহিছা
 সময় হ'লে অকলে যাবা ।  
 সময়ৰ চিন্তা সময়ত  কৰিবা 
 সময় হলে উত্তৰ দিবা 
 তুমি নিষ্ঠুৰ নে সাহসী 
 পুৰণি জীৰ্ণ  মোহাৰি ধুনি ধুনি কৰা নাশ ।
 পুনু গঢ়ি তোলা নতুনৰ অভিলাষ , 
  হে সময় ! তুমি মহান! 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment