শেৱালিৰ সুগন্ধি ছটিয়াই আহিন আহিল-হেমেন হাজৰিকা

©Admin
0
      ড৹ ভূপেন হাজৰিকাই গাইছিল "আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন... কেনেবা কৰিছে মন" । এৰা আহিন বুলিলেই মন পুলকিত কৰা সময় । শেৱালি ,কঁহুৱা ,দূবৰিত মুকুতাৰ দৰে জিলিকি থকা দলিচা । আকাশৰ পৰা কলিয়া দুৰ্মদ ডাৱৰ আঁতৰি গৈ ফৰকাল হৈ পৰে । পথাৰত কোনে বাৰু টানি থৈছে সেয়া শুকুলা চাদৰ । সেয়া আন একো নহয় শুকুলা চাদৰ । কম কথাতে আমাৰ হিয়াৰ আমঠু ভূপেন দাদাই গাইছিল -
"কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাবটি
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি" । 
নিৰ্মল আকাশ ,বগা চপৰা চপৰা মেঘ ,হিম কুঁৱলী ,শেৱালিৰ পয়োভৰ । তাৰমানে চুচুক-চামাককৈ প্রকৃতিলৈ শৰত আহিছে । আহিনৰ এটা মাদকতা আছে । আহিনে স্বাগতম জনাই উৎসৱ সমূহক । তাৰবাবেই ৰৈ থাকে প্রকৃতি । গ্রীষ্ম ,বাৰিষাৰ আমনি লগা দিনবোৰ আঁতৰি গৈ নাতিশীতোষ্ণ পৰিৱেশে বিৰাজ কৰে । আহিনৰ আবেলি গেঁৰধৰা গাভিনী পথাৰখন চাই দেহ-মন জুৰ পৰি যায় । আবেলি সুনীল আকাশেদি উৰি যোৱা বগলী জাক দেখি মনলৈ কি যে ভাব আহে । বাটে পোৱালি মেলা সময় । বোকা পানীৰ কদৰ্যময় পৰিৱেশ আঁতৰ হৈ মন ভাললগা পৰিৱেশ এটাই হাত বাউলি মাতে । মুঠতে এলাহ আমনি নলগা এটা সময় । শৰত শৰত গোন্ধোৱা বতৰটোৱে আমাৰো মনবোৰ ফৰকাল কৰি তোলে ।
        আহিন মানেই শৰতৰ আৰম্ভণি আৰু শৰত মানেই কবি ,সাহিত্যিক ,গায়ক ,গীতিকাৰ ,সকলোৱেই যেন ব্যস্ত শৰতক লৈ । শৰত যেন সোনকালে আহক ,বাৰে বাৰে আহক ,বেগেতে আহক । জীৱনৰ পৰা হেৰাই যোৱা শৰত আকৌ আহক । শৰত মানেইতো শেৱালি । শেৱালিয়ে জাননী দিয়ে শৰতৰ । বিশ্বকবি ৰবীন্দ্র নাথ ঠাকুৰে জানো লিখা নাছিল -
   "আকৌ এদিন আহিব শৰত
    হাঁহিব শেৱালি পাহি
    থৰ ধৰি ধৰি কৰিব নৰ্তন
    খঞ্জনী পক্ষীটি আহি" ।
শৰত আহিলেই কাৰোৰেই গাত যেন তত্ নাথাকে ,মানুহৰ কথা বাদেই পশু-পক্ষী ,ফুল ,লতা-লতিকা ,গছ-বন সকলোৱেই যেন আনমনা হৈ পৰে শৰতৰ বাবে । মহাপুৰুষ শ্রীমন্ত শংকৰদেৱেও শৰতৰ বৰ্ণনা বৰ সুন্দৰভাৱে কৰি থৈ গৈছে । শেৱালিৰ সুগন্ধই আমোল-মোলাই থকা এই আহিন যেন যুগমীয়া হয় । অসমৰ সাংস্কৃতিক জগতৰ এটা চিনাকি নাম লোকনাথ গোস্বামী । তেখেতে শৰতক লৈ গোৱা সেই গানটো কোনোবাই পাহৰিব নেকি ?
   "আমোল-মোল শেৱালিৰ গোন্ধ
     যাওঁ বুলি যাবই নোখোজে চোন
     চকুৱে চকুৱে চাব পৰা হ'লে
     দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং
তোমাৰ শিৰৰ সেন্দুৰকণ" ।
      এনে মাদকতা ভৰা শৰত যেন চিৰস্থায়ী হওক । শৰত মানেই যেন উৎসৱৰ বতৰ । গণেশ চতুৰ্থী ,বিশ্বকৰ্মা পূজা ,দুৰ্গা পূজা ,কালি পূজা ,লক্ষ্মী পূজা ,ৰাসযাত্ৰা আৰু অনেক | সেয়েহে গাই - 
    "শৰত কালৰ ৰাত্রি অতি বিতোপন
     ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন" ।
শৰতৰ জোনাকত যমুনাৰ বালিত পূৰ্ণিমাৰ নিশা শ্রীকৃষ্ণই গোপী সকলৰ সৈতে ক্ৰীড়াত মগন হৈছিল । মুঠতে কৈ শেষ কৰিব নোৱাৰা শৰতৰ মহিমাৰ কথা । এই আহিন যেন সোনকালে সোনকালে আহক । প্রকৃতিক মোহনীয়া কৰক । আমাৰ মনবোৰ শৰতৰ দৰে সুগন্ধিময় কৰক । আমিও আহিন হ'ব পৰা হ'লে ? না গৰম , না ঠাণ্ডা । আমাৰ অন্তৰৰ শেৱালিপাহ ফুলাই তুলি আমাৰ সুগন্ধি বতাহজাক বোৱাই দি চৌদিশ আনন্দময় কৰি তুলিব পাৰিলে বহু সমস্যাই নিজে নিজে আঁতৰ হৈ পৰিব । আমাৰ কংক্রীটৰ মনবোৰ শৰতৰ জোনাকৰ দৰে কৰিব পাৰিলে কিমান যে ভাল লাগিব ।
       আহক বন্ধু সকল আমাৰ মনৰ পৰা সকলো ত্যাগ কৰি আমাৰ গাত লাগি থকা কালিমা নিকা কৰি আমাৰ সমাজখন নতুনকৈ আৱিষ্কাৰ কৰো ।

      
✍🏻কাব্যশ্রী হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)