আমাৰ"ভোমা আহোম"গাৱৰ তথা ভোমাজাৰণি অঞ্চলৰ লোক সংস্কৃতি- প্ৰিয়ংকা চমুৱা

©Admin
0


আমাৰ অসমীয়া গাওঁ সমূহ কোনো আৰ্হি বা নিৰ্দিষ্ট আঁচনি অনুযায়ী সাধাৰণতে পতা নহয় । গাঁৱৰ ৰূপটো জ্যামিতিৰ কোনো চিত্ৰৰ লগতো মিলাব নোৱাৰি। অসমৰ অন্যান্য গাঁৱৰ দৰে আমাৰ গাওঁ স্থাপনত ঘাইকৈ স্থান নিৰ্বাচনৰ ওপৰতহে অধিক মন দিয়া হৈছে। গাওঁ পতা প্ৰসংগত পুৰণি প্ৰবাদ এফাঁকি মন কৰিব লগীয়াকৈ মানি চলা দেখা যায় : ‘কূল ল কূল ল নদীৰ কূল ল, সংগ ল সংগ ল জ্ঞাতিৰ সংগ ল’। বিশেষকৈ আগৰ দিনত যাতায়তৰ সুবিধা আছিল নদীয়েদি; সেই দেখি প্ৰায়বোৰ পুৰণি নগৰ, গাওঁ নদীৰ পাৰত পতা হৈছিল। গাওঁত  দীঘলীয়াকৈ আলিৰ কাষে কাষে  এশাৰীকৈ ঘৰ বহুৱাৰ সুবিধাৰ কৰি লোৱা হৈছে।
আমাৰ  অঞ্চলৰ গাঁৱৰ মানুহৰ ঘৰবোৰ, আলিবাট, পুখুৰী, নৈ-জানৰ কাষে-কাষে থূপ খুৱাই সজা হৈছে। গাঁৱৰ ঘৰবোৰ কাণে-বাৰে অকণো ঠাই নৰখাকৈ সজা নহয়; সুৰুচিপূৰ্ণকৈ  সুকীয়া বাৰী পাতি আম-কঁঠালৰ খেতি কৰা হয়। এঘৰৰপৰা আন ঘৰৰ মাজত যথেষ্ট ব্যৱধান চৌহদত ৰাখি নানা তৰহৰ লাগনি গছ-গছনি ৰোৱা হয়; ইয়ে কাষৰ ঘৰৰপৰা ইয়াক আঁৰ-বেৰ কৰি ৰাখে। প্ৰত্যেক গৃহস্থৰ পিছপিনে আনকি আগপিনেও তামোল-পাণ, কলনি, বাঁহনিয়ে আৱৰি থাকে। সমুখৰ লুংলুঙীয়া বাটেদিহে গৃহস্থৰ ঘৰলৈ অহা-যোৱা কৰা হয়। গাঁৱৰ চাৰিওপিনে ধাননি পথাৰ। এই পথাৰত গাঁৱৰ মানুহৰ খেতিৰ মাটি; এই উমৈহতীয়া পথাৰত সকলোৱে নিজৰ মাটিকেইডৰা উমানতে বিচাৰি উলিয়াব পাৰে। আমাৰ  গাঁৱৰ জীৱন ধাৰণৰ প্ৰণালী কিছু সুকীয়া; অন্য গাঁৱৰ লগত, সাধাৰণতে দূৰৈৰ গাঁৱৰ লগত কিছু অমিল। এই অমিল চাল-চলন, সাজ-পাৰ পিন্ধাৰ ৰীতি, খোৱা-বোৱা, উৎসৱ-অনুষ্ঠান, ক্ৰীড়া-কৌতুকত প্ৰকাশ পায়। কোনো কোনো ক্ষেত্ৰত মাত-কথা অৰ্থাৎ ভাষাৰো তাৰতম্য হয়। এই সাংস্কৃতিক পাৰ্থক্য বিশেষকৈ তিৰোতাসকলৰ মাজতহে দেখা যায়। ৰন্ধা-বঢ়াৰ নিয়ম আৰু খাদ্য-তালিকাৰ শাক-পাচলি, মাছ-মঙহো উৎসৱ ভেদে আমাৰ গাঁৱৰ সুকীয়া। বিয়া-সৱাহত গোৱা বিয়ানাম, আইনাম আদিৰ সুৰো অনন্য আৰু বিচিত্ৰ।  প্ৰত্যেক সৰু সৰু কেইবাটাও থূপৰ এক গোট বা সম্প্ৰদায় আছে। এই সম্প্ৰদায়ৰ প্ৰত্যেকৰে লগত প্ৰত্যেকৰ সুহৃদ সদৃশ পৰিচয় তথা ব্যৱহাৰেই  গাঁৱৰ মতা-তিৰোতা, ল’ৰা-ছোৱালীৰ মাজত গঢ়ি উঠা একতাবোধৰ মূল কাৰণ। প্ৰাকৃতিক, সামাজিক আৰু ধৰ্মীয় কাৰণসমূহেও এই ঐক্যবোধ দৃঢ়তৰ কৰি ৰাখিছে। 
আমাৰ অঞ্চলৰ  গাঁওবোৰত ভিন ভিন জাতৰ লোকে বাস কৰে; অৱশ্যে, প্ৰত্যেক জাতৰে বসতি অঞ্চল বেলেগ। পাঁচ-দহ ঘৰ মানুহ গোট খাই এটা চুবুৰী হৈছে।বিশেষকৈ মিচিং সম্প্ৰদায়ৰ লোক অঞ্চলৰ বিভিন্ন ঠাইত বাস কৰে।গৰু হেৰোৱা, মংগল চোৱাৰপৰা ছোৱালী বিচৰালৈকে জীৱনৰ প্ৰায়বোৰ সৰু-বৰ সমস্যাৰ কাৰণে দৈৱজ্ঞৰ প্ৰয়োজন। বংশানুক্ৰমিক কুল পুৰোহিতৰ দৰে প্ৰত্যেক পৰিয়ালৰ দৈৱজ্ঞও থাকে; তেওঁলোকে গৃহস্থৰ ঘৰত অন্তত: বছৰেকত এবাৰ ঘাইকৈ ব’হাগ মাহত সাক্ষাৎ দিয়ে। । ইয়াৰ ফলত ব্ৰাহ্মণসকলৰ যোগে গাঁৱৰ লগত বাহিৰৰ সংযোগ ঘটে, নতুন ধৰণ-কৰণ গাঁৱলৈ আহে। কেৱল যজমানী কৰিয়েই জীৱিকা উপাৰ্জন নকৰে; তেওঁলোকৰ মাটি-বাৰী, ভূ-সম্পত্তিও আছে। শ্ৰাদ্ধ আদিত ব্ৰাহ্মণক মাটি দান দিয়াৰ প্ৰথা এতিয়াও আছে। ব্ৰাহ্মণে হাল নধৰে; শিষ্য আৰু গঞাৰ সহায়-সহযোগিতাত তেওঁলোকে খেতি কৰিবলৈ সমৰ্থ হয়। অঞ্চলটোৰ গাঁৱৰ অন্যান্য সম্প্ৰদায়ৰ ভিতৰত চুতীয়া,কলিতা, কোচ, কেঁওট,নেপালী আদিয়েই প্ৰধান। কৰ্ম অনুসৰি এওঁলোকৰ মাজত বিভিন্ন উপজাত আছে – কুমাৰ-কলিতা, কঁহাৰ-কলিতা, হালোৱা-কেঁওট, জালোৱা-কেঁওট আদি। আকৌ একেটা জাতৰ মাজতে উচ্চ-নীচ প্ৰভেদো আছে – বৰ-কলিতা, সৰু-কলিতা, বৰ-কোচ, সৰু-কোচ। অৱশ্যে অসমীয়া গাঁৱত জাত-প্ৰথা সিমান কট্‌কটীয়া নহয়। বহু জাত-উপজাতে একেখন ৰভাৰ তলতে আৰু একে চৰুতে ৰন্ধা পকান্ন গ্ৰহণ কৰে। ব্ৰাহ্মণ আৰু উচ্চকুলৰ লোকে একেলগে বহি কেঁচা সাজ খোৱাত বাধা নাই। এইবোৰ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত সৃষ্টি হোৱা সুফল। এই বিষয়ে ব্ৰাহ্মণ তিৰোতাসকল অৱশ্যে অলপ ৰক্ষণশীল; তেওঁলোকে আন জাতৰ মানুহে চোৱা-গজা সাধাৰণতে নাখায়; তেওঁলোকে পথাৰত ৰুবলৈ, ধান কাটিবলৈ অথবা জাকৈ লৈ মাছ মাৰিবলৈকো নাযায়। বিভিন্ন জাত-উপজাত থাকিলেও, এক সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ ওপৰত বহু বিষয়ত নিৰ্ভৰ কৰি চলিব লাগে। দৈনন্দিন জীৱনৰ কাৰ্যত আৰু ধাৰ্মিক-সামাজিক অনুষ্ঠানত এই কথা বঢ়িয়াকৈ প্ৰকাশ পায়। বিবাহ আদি উৎসৱত গাঁৱৰ সকলো জাতৰ লোকেই সহায়-সহযোগ কৰে। ব্ৰাহ্মণে পূজা-হোম কৰে; গঞাই ৰভা সাজি দিয়ে; তিৰোতাই চাউল-চিৰা খুন্দি দিয়ে। আয়তীসকলে পানীতোলা, নোৱনি, সুৱাগুৰি তোলা, দৰা-আদৰা আনুষ্ঠানিক কামসমূহ মিলি-জুলি কৰে। কুমাৰে চৰু-মলা আৰু সোণাৰীয়ে গহনা-গাঁঠৰি গঢ়ি দিয়ে। কৈৱৰ্ত ল’ৰাহঁতে ঢুলীয়া-খুলীয়াৰ বাদ্য-সংগীতৰ যোগান ধৰে। ব্ৰাহ্মণৰ বাহিৰে অন্য সম্প্ৰদায়ৰ জীৱিকা অৰ্জনৰ ঘাই উপায় হ’ল কৃষি। ধানৰ বাহিৰে মাহ, সৰিয়হ, তিল, মিঠা আলু, ৰঙা আলু, লাও আদিৰ খেতি নদী কাষৰীয়া মাটিত কৰা হয়। আজিকালি কোনো কোনো অঞ্চলত ব্যাপকভাৱে মৰাপাটৰ খেতিও হৈছে। ইয়াৰ বাহিৰেও বাৰীত শাক-পাচলি, লাও-কোমোৰা, বেঙেনা-জলকীয়া, উৰহী-মাহ আদিও কৰা হয়। এইবোৰ ওচৰৰ হাট-বজাৰলৈ বেচিবলৈ নিয়ে। খাদ্য সামগ্ৰী, খাদ্য শস্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনৰ বাহিৰে হাটবোৰত হাঁহ-পাৰ, কুকুৰা-গাহৰি, গৰু-ছাগলীৰো বেচা-কিনা হয়। কেতিয়াবা কোনো এক বিশেষ দ্ৰব্যৰ বেচা-কিনাৰ বাবে কোনো হাটে প্ৰসিদ্ধি লভে; যেনে – উজনিৰ মেলেঙৰ হাট গৰু বেচা-কিনাৰ কাৰণে চুবুৰীয়া অঞ্চলত জনাজাত। এই হাটবোৰে চুবুৰীয়া গাঁৱৰ মাজত চা-চিনাকি আৰু মিলা-প্ৰীতিৰ ভাৱ গঢ়ি তোলে; গাঁৱৰ মানুহৰ বহিৰ্জগতৰ লগত সম্বন্ধ খটুৱায়। ব্যৱসায়িক আৰু আৰ্থিক সম্বন্ধৰ বাহিৰেও আমাৰ গাঁৱৰ লগত ওচৰৰ গাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু ধাৰ্মিক সম্বন্ধও হয়। সাধাৰণতে, নিজৰ গাঁৱতকৈ আন গাঁৱৰ ল’ৰা-ছোৱালীৰ লগত বৈবাহিক সম্বন্ধ বিচৰা হয়। কেতিয়াবা চল্লিশ-পঞ্চাশ মাইল দূৰৈৰ গাঁৱলৈকো ল’ৰা বা ছোৱালী বিচাৰি যাব লাগে। কোনো কোনো গাওঁ ধুনীয়া আৰু কাম-কাজত পাকৈত ছোৱালীৰ কাৰণে প্ৰখ্যাত। এনে গাঁৱৰ ছোৱালী বিচাৰি বহু দূৰৈৰ পৰা ল’ৰাৰ বাপেক অথবা আত্মীয়-স্বজন আহে। কোনো গাঁৱৰ ডেকা-ল’ৰাৰ অকামিলা, ধোদৰ পচলা, চৰিত্ৰহীন বুলি কুখ্যাতি আছে; এনে ডেকাৰ কাৰণে ওচৰ-চুবুৰীয়া গাঁৱৰ ছোৱালী পাবলৈ টান; সেই কাৰণে দুৰৈৰ গাঁৱৰ ছোৱালীৰ লগত এই ডেকাবোৰৰ বিয়াৰ সম্বন্ধ বিচাৰিব লগা হয়। এনেকৈ বিবাহৰ যোগে দূৰ গাঁৱৰ মাজত ওচৰ-আত্মীয় সম্বন্ধ গঢ়ি উঠে। গাঁৱৰ বিভিন্ন জাত-উপজাতৰ মাজত উমৈহতীয়া খেল আছে; কোনো কোনো অঞ্চলত প্ৰত্যেক জাত-উপজাতৰে সুকীয়া খেল থাকে। সমগ্ৰ গাঁৱৰ মুখিয়ালসকলেৰে গঠিত হোৱা খেলে পঞ্চায়তৰ দৰে কাম কৰে। গাঁৱৰ সমস্যা, বাদ-বিসংবাদ, নীতি-নিয়মৰ এই খেলেই বিচাৰ কৰে। ব্যক্তি বা দলে যি দায়-জগৰ লগায় সেই সকলোকে খেলে শাস্তি বিহে। কেতিয়াবা সমাজচ্যুত বা এঘৰীয়া কৰে। খেলে মাৰ্জনা নকৰালৈকে এঘৰীয়াৰ লগত গঞাক জুই-পানী নিষেধ কৰি দিয়া হয়; আৰু এঘৰীয়াৰ ঘৰৰ সন্মুখত টাবচিলিঙি পোতে। নামঘৰকে কেন্দ্ৰ কৰি খেলৰ মেল-মিটিং বহে। নামঘৰত বিভিন্ন সম্প্ৰদায়ৰ কাৰণে সুকীয়া স্থান থাকে। ওজৰ-আপত্তি নকৰি চলি অহা প্ৰথা অনুসৰি সকলোৱে নিজ নিজ স্থানত বহে। গাঁৱৰ ঐক্যসাধনত নামঘৰৰ দান অতুলনীয়। প্ৰায়বোৰ উৎসৱেই হয় নামঘৰত, নহয় গাঁৱৰ মুকলি ঠাইত ৰভা সাজি খেলৰ তত্ত্বাৱধানত উমৈহতীয়াভাবে পতা হয়। গাঁৱৰ ঐক্যসাধনত পাল পাতি গৰু চৰোৱা প্ৰথায়ো সহায় কৰে। গাঁৱৰ ল’ৰাহঁতে পাল পাতি গৰু চৰোৱা কৌটিকলীয়া নিয়ম। কোন ঘৰৰ পাল কেতিয়া, সেইটো খেলেই ঠিক কৰি দিয়ে। মুনিহ-তিৰোতা সকলোৱে মিলি উলাহেৰে ধানদোৱা, ধানকটা আৰু সমাৰোহেৰে মাছ মাৰিবলৈ যোৱা ক্ৰিয়া-কৰ্ময়ো গাঁৱত সমিলমিলৰ ভাব দৃঢ় কৰে। অসমত উচ্চকুলৰ মতা-তিৰোতাই নিজৰ খাবৰ বাবে মাছ মৰা জাতচ্যুত কথা নহয়। এইখিনিতে ইয়াকো উল্লেখ কৰিব পাৰি যে অসংখ্য নৈ-নলা, খাল-ডোং, বিল-জলাহৰ কাৰণে অসমত সৰু-ডাঙৰ বিভিন্ন শ্ৰেণীৰ মাছ আছে। সেই কাৰণে ডাঙৰ নৈত মাছ ধৰাতকৈ বিল-খালত মাছ ধৰাত অসমীয় মানুহ অধিক পাকৈত। মাছ ধৰাৰ বহু ফন্দি-কৌশল তেওঁলোকে জানে; তাৰ বাবে নানা বাঁহ-বেতৰ সা-সঁজুলি সাজি লয়। মাছ মৰাৰ কেতবোৰ উপায় হ’ল – যাঠি, বৰ্শা, জাল, বৰশী, জোৰ, চালনী, চাকি (ৰাতি মাছ মাৰোঁতে); বিষ প্ৰয়োগ (জনজাতিসকলৰ); বিল-খালৰপৰা নলা-কাটি পানী উলিওৱা (খোকা, চেপা পাতি); গাঁত খান্দি মাছ উলিওৱা; ভেটা দিয়া, চাং পতা (ডেৱা দি), জাকৈ, প’লৰ সহায়ত।আমাৰ  গাঁৱৰ একতাত সাধাৰণতে তিৰোতাসকলেও মূখ্য ভূমিকা পালন কৰে। গাঁৱৰ তিৰোতাই ঘৰ-পথাৰ উভয়তে পৰিয়ালক সহায় কৰে। ৰন্ধা-বঢ়া, সন্তান আৰু পৰিয়ালৰ আলপৈচান ধৰা সাধাৰণ গৃহস্থালী কামৰ বাহিৰেও তিৰোতাৰ অন্য প্ৰধান কাম হ’ল তাঁতশাল। বাতি কঢ়াৰপৰা শালত লগোৱালৈকে তাঁতশালৰ কাম কেইবাগৰাকীও তিৰোতাই লগ লাগি কৰিব লাগে। সেইদৰে চিৰা-সান্দহ খুন্দাতো চুবুৰীৰ এগৰাকীক আনগৰাকীৰ সহায় লাগে। পথাৰত ভূঁই ৰুবলৈ বা ধান দাবলৈ যোৱাৰ বাহিৰেও প্ৰতিদিন পুৱা-গধূলি দুই-চাৰিগৰাকীয়ে লগ লাগি মেল মাৰিহে নদী-পুখুৰীত গা ধুবলৈ বা পানী আনিবলৈ যায়; দুই-চাৰিগৰাকীয়ে মিলি-জুলি শাক তুলিবলৈ যায়। কামৰূপত ব’হাগৰ দোমাহীত কেইবাজনীয়ে মিলি শাঠেক তোলা অৰ্থাৎ শাক তোলা উৎসৱ পালন কৰে। সবাহত গোপিনীসকলৰ আৰু বিয়া-উৎসৱত আয়তীসকলৰ সহযোগ অপৰিহাৰ্য। সমিলমিলভাৱে কৰা এই সৰু-বৰ কাৰ্য আৰু অনুষ্ঠানৰ যোগে প্ৰীতিৰ বান্ধোন অলক্ষিতে টান হয়। এইদৰে লগ লাগি অথবা দলবান্ধি কাম কৰাৰ ফলত গাঁৱৰ প্ৰত্যেকেই প্ৰত্যেকৰ ঘৰ-ঘৰোৱাহক জানে; ইজনে সিজনৰ বাৰী-পথাৰ, গৰু-ছাগলীক নাম আৰু বৰ্ণেৰে চিনি পায়। বয়সিয়ালসকলে প্ৰত্যেক পৰিয়ালৰে আঁতিগুৰি, বংশ, পুৰুষনামা জানে; কোন পৰিয়ালে কোন যুগত গাঁৱলৈ আহিছিল তাৰো বুৰঞ্জী মনত ৰাখে। নকৈ আহি বসতি কৰা সকলতকৈ আদিৰেপৰা থকা পৰিয়ালৰ গাঁৱত মৰ্যাদা অধিক। উচ্চ জাতৰে হওক বা নীহ কুলৰেই হওক প্ৰত্যেকেই প্ৰত্যেকক সম্বন্ধ ধৰি মাতে। ব্ৰাহ্মণ বা কলিতা ল’ৰা-ছোৱালীয়ে তেওঁলোকতকৈ নীহকুলৰ জ্যেষ্ঠজনক আনকি বেটী-বন্দীকো মোমাই, ককাই, দদাই, মাহী-পেহী, বাই সম্বন্ধ ধৰিহে মাতে। বিভিন্ন জাত-উপজাতৰ মাজত এই মধুৰ সম্বন্ধ যুগ যুগ ধৰি বংশানুক্ৰমে চলি আহিছে। ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৱে নিজৰ গাঁৱখন অন্তৰেৰে ভাল পায়। নিজৰ গাঁৱৰ গুণ-যশ-গৌৰৱ আৰু ওচৰৰ গাঁৱৰ বিৰূপ সমালোচনাৰ মাজেদি নিজৰ গাঁৱৰ প্ৰতি অকৃত্ৰিম প্ৰীতি প্ৰকাশ পায়। গাঁৱৰ ন পুৰণি সকলো বস্তুৰ প্ৰতি গঞাৰ গভীৰ শ্ৰদ্ধা। কোলাৰ সন্তানৰ দৰে গাঁৱৰ প্ৰকৃতি তেওঁলোকৰ প্ৰিয়। গাঁৱৰ গছ-গছনি, হাবি-বননি, ঢাপ-ঢাপলিকা, নদী-নলাৰ লগত গাঁৱলীয়া ল’ৰা-ছোৱালীৰ জ্ঞান হোৱাৰপৰা অন্তৰংগ পৰিচয়। গাঁৱৰ ওখ টিলা, বুঢ়া-গছ, থান-সত্ৰ, দেউল,দেৱালয়, কালিকা লগা বিল-  – সকলো তেওঁলোকৰ সমানে শ্ৰদ্ধা আৰু পূজাৰ পাত্ৰ।এইদৰে লোকসংস্কৃতিৰ অমূল্য বান্ধোনেৰে আমাৰ গাওঁ অতীজৰে পৰা বান্ধ খাই আহিছে আৰু উত্তৰ পুৰুষেও এই সংস্কৃতি আগুৱাই নিব বুলিয়েই গাঁৱৰ সকলোৰে বিশ্বাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)