ফুটপাথৰ একাপ চাহ-ববিতা শইকীয়া

পুহ মাহৰ এটা শীতল সন্ধ্যা
তাতে কিনকিনীয়া এজাক
বৰষুণৰ তাণ্ডৱ
এখন টিনৰ চকীত বহি
তোমাৰ অপেক্ষাত মগ্ন
চাৰ্টটো প্ৰায়ে সেমেকি গৈছিল
বৰষুণৰ চিটিকণি বোৰত
মনটোত কিছুমান অনৰ্থক চিন্তা
আগবাঢ়ি যোৱা মিনিটবোৰ
বহুত দীঘলীয়া হৈ আহিল
যদি তুমি নাহা..... অনামিকা
কিবোৰ যে ভাবিছোঁ
আসঃ বুকুখন বিষাই গ'ল
জুকীয়াই থকা বাৰেবিংকৰা প্ৰশ্নত
চাহৰ চাৰিটা কাপ 
ডিঙিয়েদি পাৰ হৈ গ'ল
চাহ বনাই থকা খুড়া জনৰ
প্ৰশ্নবোধক চাৱনি 
হঠাৎ 
এখন কোমল হাতৰ পৰশ
মোৰ পিঠিত থমকি ৰ'ল
ভিজা চাৰ্টটো কিবা
উমাল উমাল লাগিল
থাপমাৰি তাইৰ হাতখন ধৰিলোঁ
সেয়াই কিজানি প্ৰেমৰ kwick fish
বৰষুণ যাক তেতিয়া আৰু
কিনকিনিয়া হৈ থকা নাছিল
প্ৰতিশ্ৰুতিৰ এজাক বৰষুণ হ'ল
আৰু
তাইৰ হাতখন মোৰ হাতত
চিৰদিনৰ বাবে ৰৈ গ'ল
সাক্ষী হৈ ৰ'ল
ফুটপাথৰ একাপ চাহ।।

✍️ববিতা শইকীয়া।
    দেৰগাঁও।

Post a Comment

Previous Post Next Post