একাঁজলী বিৰহ খণ্ড ১৪- বিটুমনি ভূঞা কোছ

©Admin
0
 
তগৰৰ শাহুৱেকে পাকঘৰৰ পৰা চিয়ঁৰিলে - "বোৱাৰী পাকঘৰত পানী এটোপ নাই ,কি কৰি আছ।"

খৰ-ধৰকৈ শাহুৱেকৰ ওচৰলৈ যোৱা তগৰে সেমেনা-সেমেনিকৈ চাদৰৰ আচলটো টানি টানি ক'লে , "আই ,আশা বাইদেউৱে কুঁৱাৰ পৰা পানী তুলিবলৈ মানা কৰিছে।"

শাহুৱেক দাঙ খাই উঠিল , "সেইজনীৰ লগত মোৰ সেই বাবে পঠিয়াবলৈ মন নাছিল।মগজুটো কথা শিকাই ভৰ্তি কৰিলে । নালাগে পানী আনিবলৈ ,মইও ভাত নাৰান্ধো ।" উচাৎ মাৰি যোৱা শাহুৱেকৰ দৃশ্যটো দেখি তাইৰ বুকুখন কঁপি উঠিল।
তগৰে পাছফালৰ পৰা আই মই পানী আনিম ,আই মই পানী আনিম বুলি চিয়ঁৰি চিয়ঁৰি কোৱা কথাষাৰৰ উত্তৰত শাহুৱেকে ক'লে - "আজি তোক আশাই ভাত দিব।" শাহুৱেক গ'ল ।পুৱা-গধূলি ওচৰ চুবুৰীয়াৰ ঘৰে ঘৰে কথাৰ মহলা মাৰি ঘূৰি আহি বোৱাৰীক দুষাৰমান কথা শুনাই হে শান্তি পোৱা শাহুৱেকৰ এয়া নিয়ম ।

বাল্টিটো লৈ তাই কুঁৱাৰ পৰা পানী আনিবলৈ গ'ল । বহুত ৰিংযুক্ত দ কুঁৱাটোত পানী তুলিবলৈ বৰ কষ্ট । বিয়া হৈ আহি কুঁৱা পানী তুলিব নজনা তাইক ৰনে পানী তুলিবলৈ শিকাইছিল । বাল্টিটোত আধা আধাকৈ পানী তোলাটো তাইৰ অভ্যাস হৈ পৰিছিল ।এতিয়া অলপ দিনৰ পৰা তাই সঁচাকৈয়ে পানী তুলিবলৈ অসুবিধা পাইছে । কিন্তু ক'ব কাক ? তাইৰ মনৰ কথা , তাইৰ অসুবিধা বুজি পাবলৈ কোনো নাই । কথাষাৰ ভাবি তাই দুখৰ হুমুনিয়াহ এটা ওলাই আহিল ।

তাই ঘড়ীটোলৈ চালে এঘাৰ  বাজিবৰ হ'ল । ভোকত তাইৰ পেটৰ নাড়ী ছিঙিবৰ উপক্ৰম হৈছে । আজিকালি ভোকটো বেছি হৈছে । খায় উঠিয়েই ভোক লাগে । তাই ঘনাই-ঘনাই পাকঘৰলৈ অহা-যোৱা কৰিব ল'লে । নাই শাহুৱেক অহাই নাই।শাহুৱেকে ভাত ৰন্ধা ওচৰতে কাপোৰে ঢাকি থোৱা জাহাজী কলৰ থোকটোত তাইৰ চকু পৰিল । মাজে মাজে শাহুৱেকে পকা কল ছিঙি খাই থাকে । আগতেও কল পাৰিলে তাইলৈ নাতে । ওচৰ -চুবুৰীয়াক বতাই খাব লাগে ।ম'হৰ খুটি ম'হৰ গাখীৰ শহুৰেকে ঘৰলৈ খাবলৈ দি পঠিয়াই । শাহুৱেকে তাৰেই বিক্ৰী কৰে । থাকি যোৱা খিনি ঘৰে ঘৰে নিজেও খাই ফুৰা মানুহবোৰ মাতি খুৱায় ।সেইবাবে ওচৰ চুবুৰীয়াৰ বাবে তাইৰ শাহুৱেক হাত খোলা মানুহ ।

ভোকতে পেট পাক মাৰি ধৰিছে । তাই ঘৰৰ পাছফালে থকা বৰ টেঙা জোপালৈ চকু মাৰিলে । ডাঙৰ হৈছে , যদিও খাবলৈ হোৱা নাই । দুটামান কেৰকেটুৱাই সৰুৱাই থৈছে ।তাই পৰি থকা টেঙা এটা বুটলি বাকলি গুচাই কামুৰি কামুৰি খাবলৈ লাগিল । মুখত ডেৰ-ডেৰাই উঠিল যদিও তাই খাবলৈ এৰা নাই । মুখ খন তিতা তিতা লাগিল।

ঘৰে ঘৰে চাহৰ জুতি ,কথাৰ জুতি লৈ ঘূৰি অহা শাহুৱেকে তাই বৰ টেঙা কলি খোৱা দেখি আচৰিত হ'ল । লগতে সিহঁতৰ ঘৰলৈ আহি থকা ৰনক উদেশ্য কৰি শাহুৱেকে ক'লে , "দেখিছ ,আমাৰ এইজনীৰ মৰ খকটো । ৰনে কথাষাৰৰ সুযোগ লৈ উত্তৰ দিলে , "বৰমা আপুনি সেই তেতিয়াই যোৱা, নিজৰ পেট ভৰি থাকিলে, আনৰ পেটৰ উমান কেনেকৈ পাব।এতিয়া বেলি দুপৰ হ'ল, আপোনাৰ অকণমানি নাতিটো মাকৰ পেটত ভোকত কলমলাই আছে।বেচেৰী বৌ জনীয়ে বৰ টেঙা কলি খাই আপোনাৰ নাতিক পেটত ডাঙৰ কৰিছে।"

শাহুৱেকে লাজ পায় দৌৰি পাকঘৰত ভাতৰ চৰুৰ তলত জুই দিলেগৈ । তগৰে কন্দনামুৱা হৈ চাদৰ খনেৰে বাঢ়ি অহা পেটটো ঢাকি লৈ তামোলৰ বটাটো ৰনলৈ আগবঢ়াই দিলে । তগৰলৈ চাই ৰনে ক'লে ,"অশিক্ষিত বুলিও ঠিক নহয় । কিছুমান মানুহৰ অন্ধসংস্কাৰৰ বাবে কিছুমান মানুহে তিল-তিলকৈ কষ্ট ভুগিব লাগে । ভোগৰ স্থলীত ভোকাতুৰ । সাগৰৰ মাজত পানীৰ অভাৱ । কিবা বুজিলানে বৌ । নিজৰ লগতে সন্তানৰ বাবে এই ধৰণৰ মানুহৰ লগত নিজৰ অধিকাৰ বিচাৰিব জানিব লাগিব ।পেটত ভোক লৈ নিৰৱে থাকিলে নহ'ব । কান্দিবলৈ জানিব লাগিব , তেতিয়াহে ভাত পোৱা যাব ।" ৰনৰ কথাবোৰ শুনি তাই ভাল পায় , কিন্তু বুজি নাপায় । শাহুৱেকে ৰনৰ লগত কথা পাতি থকাৰ শাস্তি কি দিব পাৰে , কোনেও নাজানে ।তগৰ ভিতৰলৈ সোমাই গ'ল ।আগলৈ,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)