আজি ৰাতি পুলিচ আহিব- সবিতা বেগম



হয় ! মই জানো ....
মই ব্যৰ্থ প্ৰলাপ বকি আছোঁ।
তথাপি কৈছোঁ ....
এতিয়াও সময় আছে
ধন, সোণ, অৰ্থ, আভিজাত্য,
মাটি, ভেটি, ৰূপ, সৌন্দৰ্যৰ ... 
পিছে পিছে নেপেলাবা ঈগল দৃষ্টি ,
সভ্যতাৰ চাদৰ পিন্ধি
বজ্ৰ হাঁহিৰ বিষণ্ণতাৰে 
নকৰিবা বিধ্বংস 
জীৱন্ত সোণোৱালী চহৰ 
লক্ষ জনতাৰ শান্তিৰ নোবেল।

ৰাতিৰ তন্দ্ৰা পৰিধান কৰি
ছয় ভ্ৰাতৃৰ সাৰথি হৈ
তুলিকাৰে অংকন কৰি
ভোল নাযাবা ভাৰা ঘৰ।

অস্ত আকাশ ৰাঙলী কৰি
সূৰুযে পশ্চিমাকাশত 
গতি কৰিবই ....।

সময় বাৰুকৈয়ে নিৰ্মম ...
সকলোৰে বাবে 
আজি মোৰ বাবে
কালি তোমাৰ বাবে
পৰহি আন কাৰোবাৰ বাবে
সময়ৰ প্ৰবৃত্তি ....
তেতিয়া পাৰিবা জানো ?
আহত পশুৰ দৰে
নিজক টানি টানি ফুৰিবলৈ ?
অনিচ্ছাৰ ভংগিমাৰে পাৰিবা জানো
প্ৰহাৰিত বতাহত নচা শেষ
পাতবোৰৰ দৰে ?
শত ছিদ্ৰ মনটো ফটা বস্ত্ৰৰে 
লজ্জা বাৰণ কৰা
আঁহতৰ তলত পৰি থকা 
মৃত ৰূপৰ জীৱন্ত শৱ
এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা 
বিকৃত মানুহবোৰ এবাৰ দৰ্শন কৰা।

বন্ধ কৰা নাটঘৰত জুৱা খেলা
তুমি, মই যাত্ৰী অনন্তৰ

হয়!!! মই জানো
মই ব্যৰ্থ প্ৰলাপ বকি আছোঁ
তথাপি , 
প্ৰশ্ন কৰা নিজক
তুমি জানো তোমাৰ 
মইতো মোৰ নহয় ...।
জানা , 
হয়তো আজি ৰাতিয়েই 
পুলিচ আহিব ....!!!

তেতিয়া ......
তেতিয়া কি কৰিবা ???

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send