৪৫ মিনিট-সুদেষ্ণা দাস

©Admin
0
মই নষ্ট কৰিছোঁ মোৰ জীৱনৰ ৪৫ মিনিট,
দুচকুৰ কেনভাচত তোমাক লৈ।
নিজকে প্ৰস্তুত কৰোঁ ৪৫ মিনিটৰ  দাপোনত ,
তোমাক চোৱাৰ অদম্য হেঁপাহত ।
ক'ত আলফ্ৰেড মাৰ্চালৰ কঠিত তত্ত্ব,
বুজিব নোৱাৰিলোঁ অৰ্থনীতিৰ সূত্ৰ,
মাথোঁ বুজি পোৱাৰ সংকেত ।।
নাজানো,তুমি কাৰ বুকুৰ চনকা 'জোনাক',
কিন্তু তুমি যে মোৰ ৪৫ মিনিটৰ এক শিহঁৰণ ।
মই নষ্ট কৰিছোঁ মোৰ জীৱনৰ ৪৫ মিনিট ,
তোমাৰ হাঁহিটো চোৱাৰ অদম্য হেঁপাহত ।
পলসুৱা বুকুৰ কোনোবা এটি কোণত পোহৰাই ৰাখিছোঁ তোমাক পোৱাৰ হেঁপাহ ।।
সামৰি দিছোঁ অভিমানবোৰ ।
সেন্দুৰীয়া মনটোত বহি ৰয় , আমি পাৰ কৰা দুটা বছৰৰ শিহঁৰণ ।
ক'ত অনলাইন ক্লাছৰ Note, lecture ?
সকলোতে এটি ৪৫ মিনিটৰ কবিতা ।
বতাহে বুকুচাত বোৱাই আনে এটি মধুৰ বকুলিয়া সুবাস ।
৪৫ মিনিটৰ এক অনামী জোনাকে ধোৱাই চাই যায় বৰণীয়া বিষাদবোৰ।
নাজানো এই ৪৫ মিনিটৰ সপোন হ'বনে পূৰণ ?
নে?
মই নষ্ট কৰিছোঁ মোৰ জীৱনৰ ৪৫ মিনিট ।।

         ✍️সুদেষ্ণা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)