কেইদিনমান অসমখন লাভলীনাময় হৈ আছিল। তেতিয়া আমাৰ সকলোৰে আনন্দত , গৌৰৱত বুকু ফুলি উঠিছিল । সকলোৱে বিশ্বজুৰি পৰিচিত হোৱা লাভলীনাক আগুৱাই যাবলৈ উৎসাহিত কৰিছিল , আশীৰ্বাদ দিছিল । দূৰদৰ্শনত চাবলৈ , খবৰ পাবলৈ সকলোৱে বাট চাই আছিল । .... তাৰ বিপৰীতে এতিয়া কলেজীয়া ছাত্ৰী নন্দিতা শইকীয়াৰ ভণ্ড প্ৰেমিকৰ হাতত হোৱা অকাল মৃত্যুৱে আমাক লজ্জিত কৰিছে । তাইৰ মুখৰ মিঠা হাঁহিটোৱে আমাক কন্দুৱাইছে । কিবা ক'বলৈ মুখৰ ভাষা হেৰাই গৈছে। তুমি ধৰালৈ আকৌ আহিবা নন্দিতা ... এই মিঠা হাঁহিটোৰে স'তে। আত্মাৰ শান্তিৰ কথা কেনেকৈ ক'ব পাৰিম !!!!! তোমাক আমি পৃথিৱীত হাঁহি থাকিব পৰাকৈ জীয়াই ৰাখিব নোৱাৰিলোঁ । দোষীয়ে উপযুক্ত শাস্তি পোৱাটো বিচাৰোঁ । ....
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰে -- "প্ৰেমত ঘূৰিছে ভূমণ্ডল ।
প্ৰেমত ফুলিছে শতদল ।।"
সাধাৰণতে কোৱা হয় প্ৰেম স্বৰ্গীয় । ইয়াক জোৰ কৰি পাব বা ল'ব নোৱাৰি । অন্তৰৰ মৰ্মস্থলীৰ পৰা উদ্ভৱ হোৱা প্ৰেমে মানুহক কেতিয়াবা মহান কৰি তোলে। প্ৰকৃত প্ৰেমৰ আঁৰত কেতিয়াও প্ৰতিশোধৰ দাবানল জ্বলি উঠিব নোৱাৰে । নিজৰ ভাল লগা , বেয়া লগা সকলো নিজৰ ওপৰতে নিৰ্ভৰ কৰে । কোনোবাই কাৰোবাক ভাল পাওঁ বুলি ক'লেই নহয়। সেই ভালপোৱাত থাকিব লাগিব বিশ্বাস , আস্থা আৰু মৰ্যাদা। থাকিব লাগিব অসীম ধৈৰ্য , সাহস আৰু সংযম । ত্যাগৰ অবিহনে সেই ভালপোৱা জীয়াই ৰখাটো কাৰো বাবে সম্ভৱ নহয়। ভালপোৱাত জোৰ - জুলুম নচলে । স্বাৰ্থ বিজড়িত প্ৰেমৰ কোনো মূল্য নাই। আজিকালি নিজৰ ল'ৰা- ছোৱালী , স্বামী এৰি থৈ দুই এক নাৰী পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ খবৰ শুনিবলৈ পোৱা যায় । কেৱল মহিলাৰ ক্ষেত্ৰতে যে এনে হয় সেইটো সত্য নহয় । পুৰুষৰ ক্ষেত্ৰতো একেই শুনিবলৈ পোৱা যায় । তেতিয়া মনটো বিষাদগ্ৰস্ত হৈ পৰে। আমাৰ মাজত শিক্ষা,সংস্কাৰ , মানৱতা , ন্যায় -- এইবোৰৰ কোনো মূল্য নোহোৱা হ'ব পাৰে জানো ? আমাৰ সন্তানৰ কাৰণে কেনেকুৱা এখন পৃথিৱী আমি এৰি থৈ যাম ভাবিয়েই ভয় লাগিছে। মানুহৰ মনত ইমান হিংসা , আক্ৰোশ , শত্ৰুতা কেনেকৈ হ'ব পাৰে ভাবিব পৰা নাই।
সি যি কি নহওক এতিয়া ক'ব লগা হ'ল মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী তথা পৰীক্ষাৰ্থী নন্দিতাৰ কথা। বাকী কথা মই বিশেষ নাজানো । মাথোঁ জানো যে ধেমাজি জিলাৰ সদৰৰ মাজ মজিয়াত আৰক্ষী থানাৰ ওচৰত দিন দুপৰতে বহুত মানুহৰ চকুৰ সন্মুখত একেটা শিক্ষানুষ্ঠানৰ পুথিভঁৰালৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই উন্মত্ত হৈ হাতত লৈ থকা দাৰে কাশ্মীৰা দত্তৰ লগতে নন্দিতাকো ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে । মূৰত ঘপিয়াই যেন দুফাল কৰিবহে খুজিছিল। মোলৈ চিনাকি লোকে পঠিওৱা ভিডিঅ'বোৰ মই চাব নোৱাৰি মোবাইলৰ পৰা আঁতৰাই দিছিলোঁ। দুয়োজনী ছোৱালীৰ ঘৰ দুখনৰ কথা ভাবি বুকু কঁপি উঠিছিল। সকলোৱে লাগি - মেলি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল । পিছে ভাল খবৰৰ সলনি নন্দিতাৰ দেহাটো বগা কাপোৰেৰে ঢাকি আনিব লগা হ'ল । আনজনীক আগতে ঘৰলৈ অলপ সুস্থ অৱস্থাত লৈ আনিলে ।
ধেমাজিত এনে নভবা - নিচিন্তা কথা হোৱাৰ বাবে সকলো মৰ্মাহত । আমি অতিশয় লাজ পাইছোঁ । দুখ পাইছোঁ এই ভাবি যে আমি আজিৰ দিনতো ছোৱালীক সুৰক্ষা দিব পৰা নাই । আমাৰ ছোৱালীৰ নিৰাপত্তা নিজৰ ঠাইতে নাই । বাহিৰৰ কথা বেলেগেই । বেছি কথা লিখিবলৈ মন যোৱা নাই । নন্দিতাৰ বিদেহী আত্মাৰ দোষীয়ে আইনী ব্যৱস্থাৰে উপযুক্ত শাস্তি পালেহে হ'ব। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জনোৱাৰ বাহিৰে ক'বলৈ একো নাই । আৰু কোনো নন্দিতাৰ যাতে এনে নহয় তাৰ বাবে দোষীয়ে অতি সোনকালে দৃষ্টান্তমূলক শাস্তি পোৱাৰ আশা কৰিলোঁ ।
ডি এইছ লৰেঞ্চৰ মতে --
" প্ৰেম হৈছে এনে এক জীৱন পুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি ৷ "
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ