পম খেদি ফুৰা ,
কুৰি শতিকাৰ মানুহৰ পৃথিৱীত।
সত্য- অসত্য----
সত্যক কৰা অসত্যৰ কাৰণে
বিশ্বৰ প্ৰকৃত ৰূপ ম্লান কৰিছে,
দিনক দিনে কেনেকৈ!
প্ৰতি দিনে নিশাই
টিভিৰ স্ক্রিনৰ
ৰঙীন পৰ্দাত ভাহি উঠে
কেৱল হত্যা, মৃত্যু, ধৰ্ষণ আৰু লুণ্ঠনৰ কাহিনী
তথাপিও......।
এটুপি চকুলো,এষাৰি মাত,
একাষাৰ প্ৰত্ত্যুৰ দিওঁতা নাই কিয়!
চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰোঁ
সেই ন্যায়িক সমীক্ষালৈ,
যি আজিও নিমাত?
সভ্যতাৰ শুভ্ৰ সাজৰ আঁৰত
অসভ্যতাৰ ক'লা দাগ।
মাতাল নিশা.....
দৈহিক বাসনাৰ তৃপ্তিত উন্মত্ত
সেই ভদ্ৰ সমাজৰ
একো একোজন স্বনামধন্য ব্যক্তি।
দানৱ অৱতাৰৰূপী
নৰপিশাচসকলৰ লোলোপ দৃষ্টি
সেই অসহায় নাৰীৰ যৌৱনৰ সুগন্ধিত।।
সিহঁতৰ নিৰ্লিপ্ত কামনাই
ভয়াতুৰ কৰি তোলে.....!!
এমুঠি অন্নৰ তাড়নাত ভোকাতুৰ
ৰাজপথৰ সেই অসহায় নাৰীক
তথাপিও যে আমি নিৰ্বোধ
সপোনবোৰে হাহাকাৰ কৰি ফুৰিছে
কাৰোবাক নোপোৱাৰ বেদনাত।
মাতৃৰ চকুত আজি ঘুমটি নাই
দেহত তেজৰ চেঁকুৰা,
সন্মুখত নিজ কন্যা ধৰ্ষিতা
আপোন ভগ্নী লাঞ্চিতা-বাঞ্ছিতা।।
মাজনিশা শুনিবলৈ পাওঁ
কোনাবা অসহায় নাৰীৰ
বিকট চিঞৰ।
অথবা
নৱজাত শিশুৰ আচহুৱা ক্ৰন্দন
গৰ্ভৱতী নাৰীৰ কৰুণ আৰ্তনাদ,
আৰু বন্দুকৰ শব্দ।
তথাপিও....
কোনে বাৰু গায় মাজনিশা
মোৰ আইৰ চোতালত
আশাৰ সংগীত
কোন কবিৰ অন্তৰ ভাগি
নিগৰি আছে ছন্দ
কোনে বাৰু গুণগুণাই
মায়াবী কণ্ঠৰে
গীতৰ মূৰ্ছনা তোলে...
তথাপিও যে আমি নিৰ্বোধ
হয়তো এয়া কোনো
কবিৰ গভীৰ ট্ৰেজেদি
কিন্তু ,,,,,
কোনো কবিতাৰ পংক্তি নহয়,
হিংসাৰ লেলিহান শিখা.....
অথবা,
শান্তিৰ ৰাজপথত
মানৱতাৰ ৱলাৎকাৰ
সেইবাবেইতো শিল্পীৰ তুলিকাত
প্ৰাণ পাই উঠে,
মৃতজনৰ জীৱন্ত ছবি
কবিৰ চোতালত পাতে
মৃতকৰ শ্ৰাদ্ধ।।
অৱসান হ'ব এটি যুগৰ,
যুগৰ পিছত যুগৰ পৰিৱৰ্তন।
নমাই আনিব আকৌ...
আদাম আৰু ইভক
সৃষ্টি হ'ব বিনন্দীয়াৰ।
তাত নাথাকিব
কুলষিত মানৱ, কলুষিত
মন- ভাৱ, প্ৰাণ।
গঢ়ি উঠিব এখন সুস্থ সমাজ
য'ত নাথাকিব
হত্যা, মৃত্যু, ধর্ষণৰ কাহিনী।।।
🔏শ্রীবৰ্ণালী দাস
লোচ,মুক্তাপুৰ (কামৰূপ গ্ৰাম্য)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ