নিতৌ বহা পথটোৰ দাঁতিত,
গাত ফটা কাপোৰযোৰ, জপৰা মূৰটো আৰু
দুবেলা দুমুঠি গোটোৱা কাঁহীখন আছিল হাতত ।
দিনটোত যি পাইছো সেইখিনিৰেই খুদকণ গোটাইছোঁ
নিশা বৰষুণে টোপনি কাঢ়িলেও
নাই কাৰোৰে ওপৰত অভিমান
ঘুমটি হেৰাই যদিও বৰষুণৰ মিঠা আমেজ পাইছোঁ ।
মোৰ কোনো চিন্তা নাই !
চিন্তা কৰিমেই বা কিয় ?
নাই একো হেৰুওৱাৰ ভয় ,
মাগিছোঁ খাইছোঁ আৰু শুইছোঁ মনত শান্তি আৰু নিৰ্ভয় ।
প্ৰভাততেই হাত দিওঁ মুক্তমনে দৈনিক কামটোত
বহোঁগৈ কাঁহীখন হাতত লৈ বহু পুৰণি চিনাকি বাৰাণ্ডাটোত
কোনোৱে দিয়ে, কোনোৱে নিদিয়ে
হয়তো তেওঁৰ ওচৰত দিবলৈ একো নাথাকে তেতিয়া সেয়েহে নিদিয়ে ।
তেওঁক অকণো বেয়া নাপাওঁ,
সকলোৰে ওচৰত মাথোঁ ভগবান দেখা পাওঁ ।
আৰুনো কি ?...,
সেয়াই আমাৰ কাহিনী !
দৈনিক কাৰ্য কৰিম
ভোকত এমুঠি খাম
সেয়াই জীৱন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ